গুৱাহাটী, 22 এপ্ৰিলঃ মহানগৰীৰ মালিগাঁও পূৱ মাধৱদেৱ নগৰত সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । এগৰাকী মহিলাক আক্ৰমণ কৰে মমতা বেগম নামৰ আন এগৰাকী মহিলাই । ইয়াৰোপৰি মহিলাগৰাকীক উলংগ কৰি প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপিত হয় মমতা বেগমৰ বিৰুদ্ধে ।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত গোশালা আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।