ETV Bharat / state

Assam Direct Recruitment: নিযুক্তি পত্ৰ বিতৰণৰ দিন 26 মে’লৈ সলনি - Assam police result

11 মে’ৰ পৰিৱৰ্তে 26 মে’ত ৰাজহুৱাভাৱে চৰকাৰৰ বিভিন্ন বিভাগৰ পৰীক্ষাৰ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব ৷ এক সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) ৷

Etv Bharat
Etv Bharat
author img

By

Published : May 8, 2023, 8:02 PM IST

নিযুক্তি পত্ৰ বিতৰণৰ দিন 26 মে’লৈ সলনি

গুৱাহাটী, 8 মে’ : সলনি কৰা হ’ল অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি লাভ কৰা প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ বিতৰণৰ বাবে ধাৰ্য কৰা দিন ৷ অহা 26 মে’তহে চৰকাৰী চাকৰিৰ বাছনিভুক্ত প্ৰাৰ্থীসকলক ৰাজহুৱাভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব ৷ পূৰ্বে 11 মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি হিচাবে আয়োজন কৰা কাৰ্যসূচীৰ অংশ হিচাবে নিযুক্তি পত্ৰ বিতৰণৰ দিন ধাৰ্য কৰা হৈছে ৷ সোমবাৰে এক সংবাদমেলত নিযুক্তি পত্ৰ বিতৰণৰ দিন সলনি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam govt appointment) ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে জনতা ভৱনত আয়োজন কৰা এক সংবাদমেলত কয়, ‘‘অহা 11 মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতেৰে এই নিমুক্তি পত্ৰ বিতৰণ কথা আছিল ৷ কিন্তু মণিপুৰৰ হিংসাজৰ্জৰ ঘটনাৰ বুজ লোৱাৰ বাবে 26 মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মণিপুৰ ভ্ৰমণ কৰিবলৈ আহিব (HM Amit Shah to visit Manipur) ৷ সেইবাবে অমিত শ্বাহৰ অনুমতি সাপেক্ষে অহা 26 মে’তহে তেওঁৰ উপস্থিতিত চৰকাৰে বাছনিভুক্ত প্ৰাৰ্থীসকলক ৰাজহুৱাভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰিব ৷’’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগেত 1 জুনতহে বাছনিভুক্ত প্ৰাৰ্থীসকলে চাকৰিত যোগদান কৰিব বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, সোমাবাৰে ঘোষণা কৰা হৈছে অসম চৰকাৰৰ গৃহ, আবকাৰী আৰু বন বিভাগৰ 5730 টা পদৰ ফলাফল ৷ এই পদসমূহৰ ভিতৰত 557 টা পদ এ পি আৰ অ’, বন আৰু আবকাৰী বিভাগৰ কনিষ্টবল পৰ্যায়ৰ পদ ৷ 380 টা স্নাতক পৰ্যায়ৰ, 3127 টা উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰ্যায়ৰ আৰু 1666 টা চতুৰ্থ বৰ্গৰ পদ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে এই কথা প্ৰকাশ কৰিছে ৷ লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এই ফলাফল ঘোষণা কৰে (Assam police result) ৷

ইতিমধ্যে বিগত 3 মে’ত তৃতীয় বৰ্গৰ 11,324 টা পদৰ আৰু 4 মে’ত চতুর্থ বৰ্গৰ 14,281 টা পদৰ ফলাফল ঘোষণা কৰা হৈছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰী কৰে যে 15 মে’ৰ ভিতৰত 45 হাজাৰো অধিক পদত প্ৰাৰ্থী বাছনিভুক্ত হ’ব ৷ তেওঁ জনায় যে, অহা জুলাই মাহৰ ভিতৰত আকৌ 10, 000 পদৰ বাবে (কৃষি, শিক্ষা) বিজ্ঞাপন দিয়া হ’ব (Assam govt job advertisement) ৷

লগতে পঢ়ক: Assam Police recruitments: আৰক্ষী বিভাগত 5730 টা পদৰ বিপৰীতে 5421 জন প্ৰাৰ্থী নিৰ্বাচিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.