ETV Bharat / state

Assam govt cabinet meeting: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত - ৰাজ্যিক কেবিনেট

বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam govt cabinet meeting) ৷ বছৰটোৰ প্ৰথমখন কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ইয়াৰ ভিতৰত প্ৰায়কেইটাই হৈছে উন্নয়নমূলক প্ৰকল্প স্থাপনৰ সৈতে জড়িত ৷

Assam govt cabinet meeting
অসম চৰকাৰৰ কেবিনেট বৈঠক
author img

By

Published : Jan 4, 2023, 8:37 PM IST

গুৱাহাটী, ৪ জানুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় (Assam govt cabinet meeting)। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আজি অনুষ্ঠিত হোৱা বৈঠকখন হৈছে অসম চৰকাৰৰ নতুন বছৰৰ প্ৰথমখন বৈঠক ৷ যোৱা ৩১ ডিচেম্বৰ তাৰিখে বছৰটোৰ অন্তিমখন বৈঠক নতুন দিল্লীত অনুষ্ঠিত হৈছিল (Assam cabinet meeting in Delhi) ৷

আজিৰ কেবিনেটে যান-জঁটৰ সমস্যা (Traffic problem in Guwahati city) হ্ৰাসৰ লক্ষ্যৰে ৯ টা প্ৰকল্পৰ কনছালটেন্সী ছাৰ্ভিচৰ বাবে মনোনয়নৰ ভিত্তিত ২৪.৫৭ কোটি টকাত ৰাইটছ লিমিটেডক দায়িত্ব প্ৰদান কৰে । প্ৰকল্পসমূহ হৈছে, বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুতকৰণ, শিলচৰত তাৰাপুৰ-শিৱবাৰীৰ ওচৰত পথ, গুৱাহাটীৰ জি এছ ৰোডৰ ডাউন টাউন হাস্পতালৰ সমীপত উৰণীয়া সেতু, গুৱাহাটীৰ আৰ কে চৌধুৰী ৰোডৰ ফটাশিল চাৰিআলিত উৰণীয়া সতু, গুৱাহাটীৰ জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতু, গুৱাহাটীৰ গৰলৰ পৰা পলাশবাৰীলৈ (প্ৰায় ৭.৫ কিঃমিঃ) অসম ট্ৰাংক ৰোডৰ উন্নয়ন, ৰাণী-কইনাধৰা পথৰ দীপৰ বিলৰ সীমাত আজাৰা আৰু কামাখ্যা ৰে'লপথৰ সমান্তৰালভাৱে অৱস্থিত ৭ টা হাতীৰ কৰিড’ৰত আণ্ডাৰ পাছ নির্মাণ, শ্বহীদ স্মাৰক আৰু কইনাধৰা পথৰ মাজত দীপৰ বিলৰ ওপৰেৰে ২ টা এলিভেটেড পথ নির্মাণ ।

আনহাতে, কেবিনেটে শিলচৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰামনগৰৰ পৰা ট্ৰাংক ৰোডলৈ (আৰ আৰ এন এম ইউ বিল্ডিঙৰ ওচৰত) এলিভেটেড পথ আৰু শিলচৰৰ ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাংগিৰখাৰী কেপিটেল পইণ্টৰ পৰা চার্কুলাৰ পইণ্টলৈ এলিভেটেড পথ নিৰ্মাণৰ সম্ভাৱনীয়তা সন্দৰ্ভত অধ্যয়নৰ অনুমোদন জনায় (Assam govt cabinet decisions)।

সেইদৰে আজিৰ কেবিনেটে চহৰ গেছ বিতৰণ (চি জি ডি) নেটৱৰ্কৰ প্ৰসাৰৰ বাবে অসম চহৰ গেছ বিতৰণ নীতি ২০২২ ত অনুমোদন জনায় । ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে, সেৱা প্ৰদানকাৰীক আৱণ্টিত ভৌগোলিক অঞ্চলত চি জি ডি নেটৱৰ্ক স্থাপন, কার্যকৰীকৰণ আৰু নিয়ন্ত্ৰণৰ বাবে অনুমোদন, চি জি ডি পাইপলাইন স্থাপনৰ বাবে বিভিন্ন অনুমতি লাভৰ বাবে পদ্ধতিগত আৰু সময় নিৰ্ধাৰিত প্ৰক্ৰিয়া সুনিশ্চিতকৰণ ৷

লগতে চি জি ডি পাইপলাইন স্থাপনৰ পাছত নিৰৱচ্ছিন্ন আৰু পদ্ধতিগত পথ পুনৰুদ্ধাৰৰ বাবে বিশদ এছ অ' পি, চি জি এছ, জিলা নিয়ন্ত্ৰণ কেন্দ্ৰ, টি অ’ পি, এছ ভি এছ আৰু চি এন জি ষ্টেচনৰ বাবে আবেদনৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলে ৩০ দিনৰ ভিতৰত আপত্তিবিহীন প্ৰমাণপত্ৰ (এন অ' চি) প্ৰদান, নগৰ অঞ্চলৰ মাষ্টাৰ প্লেনিঙৰ সময়ত পাইপলাইন আৰু চি এন জি ষ্টেচনৰ লেণ্ড বেংকৰ বাবে ব্যৱহাৰিক কৰিড'ৰ স্থাপন, পৌৰসভাৰ সংস্থাসমূহৰ দ্বাৰা নিজ নিজ চহৰ বা নগৰৰ সীমাৰ ভিতৰত চি এন জি ষ্টেচনসমূহৰ নিয়ন্ত্ৰণকে ধৰি একক বাণিজ্যিক অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে নিয়ম জাৰি আৰু সমন্বয়ৰক্ষী বিষয়া, নিৰীক্ষণ সমিতি আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থাৰে নীতিৰ নিৰৱচ্ছিন্ন ৰূপায়ণ সুনিশ্চিতকৰণৰ সিদ্ধান্ত লোৱা হৈছে ।

আনহাতে, আজিৰ কেবিনেটে গুৱাহাটীৰ বেতকুছিত সংহত সঞ্চালকালয় কমপ্লেক্স নির্মাণৰ বাবে ৮০৮.৪ কোটি টকাৰ সংশোধিত প্ৰশাসনিক অনুমোদন জনায় । ইয়াৰ দ্বাৰা চহৰখনত অৱস্থিত সকলো সঞ্চালকালয় এই কমপ্লেক্সৰ অন্তৰ্ভুক্ত হ’ব । এই কমপ্লেক্সে ৰাইজক সেৱা প্ৰদানৰ প্ৰণালীটো সুশৃংখলিত কৰাৰ লগতে বিভিন্ন সঞ্চালকালয়ৰ মাজত উন্নত আন্তঃসংযোগ সুনিশ্চিত কৰিব ।

কেবিনেটে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চিলা সিন্ধুৰী ঘোপা মৌজাৰ অধীনৰ চিলা গ্ৰাণ্টৰ ২৫ টা পৰিয়ালক ভূমিৰ প্ৰিমিয়াম প্ৰতি কঠাত ১০০০ টকালৈ শিথিলতাৰে ৫ বিঘা ১ কঠা আৰু ৩ লেচা ভূমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ লগতে কেবিনেটত শিশুকালৰ প্ৰাথমিক শিক্ষা আৰু যত্ন সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ কেবিনেটত ।

লগতে পঢ়ক: CM Press Meet: বিশিষ্ট চিকিৎসক ডাঃ তপন শইকীয়ালৈ ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.