ETV Bharat / state

BTR Agreement : বি টি আৰ চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্রত অসম চৰকাৰৰ বিশেষ উদ্যোগ

author img

By

Published : Jun 13, 2023, 3:16 PM IST

বি টি আৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্রত পৰ্যালোচনা সভা অসম চৰকাৰৰ ৷ আগন্তুক দুই-তিনি মাহৰ ভিতৰত বাকী থকা দফাসমূহ কাৰ্যকৰী কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে বুলি সদৰী কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷

Assam govt take initiative in implementing BTR Agreement
বি টি আৰ চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্রত অসম চৰকাৰৰ বিশেষ উদ্যোগ

গুৱাহাটী, ১৩ জুন: ২০২০ চনৰ ২৭ জানুৱাৰীত হোৱা বি টি আৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্রত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে অসম চৰকাৰে। এই সন্দৰ্ভত সোমবাৰে জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বি টি আৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰী সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই বৈঠকত মন্ত্রী ইউ জি ব্ৰক্ষ্ম, বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপৰি কেইবাগৰাকী চৰকাৰী বিষয়া আৰু পৰিষদৰ বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।

বৈঠক সন্দৰ্ভত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে, বিগত আঢ়ৈ বছৰত বিটিআৰ চুক্তি বহুখিনি দফা কাৰ্যকৰী কৰা হৈছে। আগন্তুক সময়ত বাকী দফাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্রত পদক্ষেপ গ্ৰহণ কৰা হৈছে। দুই-তিনি মাহৰ ভিতৰত বাকী থকা দফাসমূহ কাৰ্যকৰী কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। চুক্তি অনুসৰি বি টি আৰৰ সমষ্টি ৪০টাৰ পৰা ৬০টা হ'ব লাগে বুলি সদৰি কৰি তেওঁ কয় যে এই প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। অসম চৰকাৰে ইয়াৰ বাবে প্ৰস্তাৱ প্ৰেৰণৰ কথা কৈছে।

আনহাতে বি টি আৰৰ খালী পদসমূহ পূৰণ কৰাৰ লগতে প্ৰয়োজনীয় পদ পূৰণৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেইদৰে কাৰ্বি আংলং আৰু ডিমা হাচাওত বসবাস কৰা বড়ো কছাৰীসকলোকে এছ টি হিলছৰ স্বীকৃতি পোৱাৰ ক্ষেত্রত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব। বি টি আৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰদেশিকীকৰণ কৰাৰ বাবেও চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে।

প্ৰমোদ বড়োৱে লগতে কয় যে, যে বি টি আৰত ২৬ খন কলেজ আৰু ১২০০ বিদ্যালয় অপ্ৰাদেশিকৃত হৈ আছে। ইয়াৰে ১০ খন কলেজ এমাহৰ ভিতৰত প্ৰাদেশিকীকৰণ কৰা হ'ব আৰু বাকীখিনি পৰীক্ষা-নিৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আনহাতে ১২০০ খন ভেঞ্চাৰ বিদ্যালয়ৰ ক্ষেত্রত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্রীয়ে শিক্ষা বিভাগক নিৰ্দেশ দিছে।

তেওঁ লগতে কয় যে বডোফাৰ নামত হ'বলগীয়া সাংস্কৃতিক প্ৰকল্প অসম চৰকাৰে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইদৰে এ ডি এফ বিৰ কেডাৰসকলক পুনৰ সংস্থাপন দিয়াৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বড়োৱে সদৰী কৰে ৷

লগতে পঢ়ক: Loksabha election 2024: কোকৰাঝাৰত নিজা প্ৰাৰ্থী দিয়াৰ কুচকাৱাজ বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.