ETV Bharat / state

Price hike of essential commodities: মূল্যবৃদ্ধি ৰোধৰ চৰকাৰৰ নিৰ্দেশনা অসাৰ : ৰাজ্যজুৰি অচল আমাৰ দোকান - ৰাইজক সকাহ দিয়াত ব্যর্থ হৈছে যোগান বিভাগ

অসম বিধানসভাৰ ষ্টেণ্ডিং কমিটীৰ পৰামৰ্শক গুৰুত্ব নিদিয়ে যোগান বিভাগে । কেইবাখনো জিলাৰ লগতে বহু বিধানসভা সমষ্টিত মূল্যবৃদ্ধি প্ৰতিৰোধৰ বাবে গঠন কৰা নহ’ল ভিজিলেন্স আৰু মনিটৰিং কমিটী । ৰাইজক সকাহ দিয়াৰ বাবে মুকলি কৰা ‘আমাৰ দোকান’ আঁচনি বৰ্তমান অচলপ্ৰায় । নিয়ন্ত্ৰণহীন হৈ পৰিছে বজাৰ ব্যৱস্থা । ৰাজ্যবাসীক সকাহ দিবলৈ চৰকাৰৰ নাই কোনো নতুন পৰিকল্পনা । চলি থকা আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰি ৰাইজক সকাহ দিয়াত ব্যর্থ হৈছে যোগান বিভাগ ।

assam govt supply department fails to control price hike of essential commodities
ৰাইজক সকাহ দিয়াত ব্যর্থ হৈছে যোগান বিভাগ
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 2:23 PM IST

গুৱাহাটী, ২৮ অক্টোবৰ : মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে অসম চৰকাৰ । ৰাজ্যত দিনক দিনে খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে আকাশস্পৰ্শ কৰি অহাৰ সময়ত দিছপুৰৰ পৰা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে দিয়া নিৰ্দেশ তথা প্ৰস্তুত কৰা সকলো নীতি-নিয়ম একপ্ৰকাৰ ফুটুকাৰ ফেনত পৰিণত হৈছে । লক্ষণীয় বিষয় যে, অসম বিধানসভাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ষ্টেণ্ডিং কমিটীৰ প্ৰতিবেদনৰ জৰিয়তে প্ৰদান কৰা পৰামৰ্শকো গুৰুত্ব নিদিয়ে যোগান বিভাগে । ৰাজ্যত খাদ্য-সামগ্ৰীৰ মজুতকৰণৰ দিশ চোৱা-চিতাৰ লগতে মূল্যবৃদ্ধি ৰোধৰ বাবে বিধানসভাৰ ষ্টেণ্ডিং কমিটীয়ে জিলা আৰু বিধানসভাৰ প্ৰতিটো সমষ্টি পৰ্যায়ত ভিজিলেন্স আৰু মনিটৰিং কমিটী গঠনৰ নিৰ্দেশ দিছিল । এই নিৰ্দেশনাতে কোৱা হৈছিল যে ভিজিলেন্স আৰু মনিটৰিং কমিটীয়ে যেন প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে কমেও এখনকৈ বৈঠক অনুষ্ঠিত কৰে । কিন্তু অতি পৰিতাপৰ বিষয় যে আজি পর্যন্ত কেইবাখনো জিলাৰ লগতে বহু বিধানসভা সমষ্টিত মূল্যবৃদ্ধি প্ৰতিৰোধৰ বাবে ভিজিলেন্স আৰু মনিটৰিং কমিটীয়েই গঠন নহ’ল ।

২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজ্যখনত মাত্ৰ ১৫ খন ভিজিলেন্স আৰু মনিটৰিং কমিটী গঠনতেই যোগান বিভাগে বিষয়টোৰ সামৰণি মাৰিলে । যিসময়ত জনসাধাৰণে মূল্যবৃদ্ধিৰ বাবে ককবকাই থাকিবলগীয়া অৱস্থা হৈছে, সেই সময়ত জনসাধাৰণক সকাহ দিয়াৰ বাবে যোগান ব্যৱস্থাৰ তদাৰকী আৰু নিৰীক্ষণৰ বাবে কমিটী গঠন আৰু সেই কমিটীয়ে বৈঠক অনুষ্ঠিত নকৰা ঘটনাই সচেতন ৰাইজৰ চকু কপালত তুলিছে । উল্লেখ্য যে, বিগত বৰ্ষত খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ অৰ্থে ভিজিলেন্স আৰু মনিটৰিং কমিটী গঠন কৰা জিলা-মহকুমাসমূহৰ ভিতৰত আছিল বৰপেটা জিলাত দুখন, কৰিমগঞ্জত এখন, শিৱসাগৰত দুখন, হাইলাকান্দিত এখন, উত্তৰ লখিমপুৰত তিনিখন, কামৰূপত এখন, যোৰহাটত এখন, ডিব্ৰুগড়ত এখন, ধেমাজিত এখন, মঙলদৈত এখন আৰু চৰাইদেউত এখন । উক্ত বছৰটোত এই কমিটীকেইখনে এখনকৈ বৈঠক অনুষ্ঠিত কৰিয়েই দায়িত্ব সামৰিছিল । তেনেদৰে ৰাজ্যখনত সুলভ মূল্যৰ দোকান পৰ্যায়ৰ মুঠ ৪১৯ খন ভিজিলেন্স আৰু মনিটৰিং কমিটী গঠন হয় যদিও উক্ত বছৰটোত ১৮৫ খন বৈঠকহে অনুষ্ঠিত হৈছিল । পৰিতাপৰ কথা যে, চলিত বৰ্ষত এই ভিজিলেন্স আৰু মনিটৰিং কমিটীবোৰ একপ্ৰকাৰ অচল হৈ থকা বুলিয়ে ক’ব পাৰি । বহু কমিটীয়ে এতিয়ালৈ এখনো বৈঠকৰ আহ্বান নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

বিধানসভাৰ ষ্টেণ্ডিং কমিটীৰ প্ৰতিবেদন মৰ্মে ৰাজ্যত গঠন কৰা ভিজিলেন্স আৰু মনিটৰিং কমিটীসমূহে জিলা আৰু মহকুমা কৰ্তৃপক্ষৰ লগতে গাঁও পঞ্চায়ত, সমবায় সমিতি, সুলভ মূল্যৰ দোকান আদি নিয়মিত ৰূপত পৰিদৰ্শন কৰাৰ লগতে সুলভ মূল্যৰ সামগ্ৰীৰ ক্ষেত্ৰত দুৰ্নীতিৰ আশ্ৰয় গ্ৰহণ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । বিভিন্ন সময়ত একাংশ সমবায় সমিতিৰে লগ লাগি সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীৰ ৰেচন কাৰ্ড নিজৰ জিম্মাত ৰাখি বিভিন্ন অনিয়ম সংঘটিত কৰে । হিতাধিকাৰীয়ে চাউলৰ বাহিৰে অধিকাংশ সুলভ মূল্যৰ দোকানৰ পৰাই আটা সংগ্ৰহ কৰিবলৈ নাপায় । তেনে অভিযোগ পালেই এই ভিজিলেন্স আৰু মনিটৰিং কমিটীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদিও অকার্যক্ষম হৈ থকাত অসাৰ হৈ পৰিছে নিৰ্দেশনাও । উল্লেখ্য যে, বিধানসভাৰ সমষ্টি পর্যায়ত স্থানীয় বিধায়কগৰাকী হ’ল ভিজিলেন্স আৰু মনিটৰিং কমিটীৰ অন্যতম সদস্য । কিন্তু যোগান বিভাগৰ বিষয়াই সততে আঁতৰি থাকে স্থানীয় বিধায়কগৰাকীৰ সংস্পৰ্শৰ পৰা ।

ইফালে ৰাজ্য চৰকাৰে তাহানিতে এখন অভিলাষী আঁচনিৰ জৰিয়তে খাদ্য-সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ বাবে ‘আমাৰ দোকান’ আৰম্ভ কৰিছিল । প্ৰতিটো অঞ্চলে অঞ্চলে চৰকাৰী পৃষ্ঠপোষকতা আৰু পৰামৰ্শত স্থাপন কৰিবলগীয়া এই ‘আমাৰ দোকান’ এতিয়া অচলপ্ৰায় ৷ ৰাজ্যখনত আঁচনিখন আৰম্ভ কৰাৰ সময়ত মুঠ ১,৪৩২ খন ‘আমাৰ দোকান’ স্থাপন কৰা হৈছিল যদিও বর্তমানে ৩৪০ খনহে সক্ৰিয় অৱস্থাত আছে । প্ৰকৃততে ৰাজ্যখনৰ প্ৰতিখন গাঁও পঞ্চায়ততে থাকিব লাগিছিল ‘আমাৰ দোকান’ । চহৰাঞ্চলতো অৰ্থাৎ ৰাজ্যৰ ১,১২২ টা পৌৰ ৱাৰ্ডতে একোখনকৈ থাকিব লাগিছিল যদিও বর্তমানে মাথোঁ ৪৫০ পৌৰ ৱাৰ্ডতহে আছে ‘আমাৰ দোকান’ ।

উল্লেখ্য যে এই ‘আমাৰ দোকান’সমূহ স্থাপনৰ সময়ত ৰাজ্য চৰকাৰে আৰ্থিক সাহায্যও প্ৰদান কৰিছিল । দেখা গৈছে যোগান বিভাগৰ চক্ৰান্তৰ ফলতে ৰাজ্যত অচলপ্ৰায় হৈ পৰিছে ‘আমাৰ দোকান' সমূহ । কাৰ্যতঃ ৰাইজক সুলভ মূল্যত খাদ্য-সামগ্ৰী যোগানৰ বাবে চৰকাৰে গ্ৰহণ কৰা অভিলাষী ‘আমাৰ দোকান’ শীর্ষক আঁচনি ৰূপায়ণত চূড়ান্ত ব্যর্থ হৈছে । চৰকাৰৰ চূড়ান্ত অনিহাত এই আঁচনি অস্তিত্বহীন হৈ পৰাত অত্যধিক মূল্যত সা-সামগ্ৰী ক্ৰয় কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে । উল্লেখ্য যে, প্ৰাথমিকভাৱে ৰাজ্যজুৰি মুঠ ৩,৮১২খন ‘আমাৰ দোকান’ খুলিবলৈ অনুমতি দিয়া হৈছিল । সেই অনুসৰি ধুবুৰীত ১৪৪ খন, কোকৰাঝাৰত ১৮, গোৱালপাৰাত ৪০, বঙাইগাঁৱত ১৭২, চিৰাঙত ২৫, বৰপেটাত ১৬৭, নলবাৰীত ৯৮, কামৰূপ মহানগৰত ১৮৪, কামৰূপত ৮৬, দৰঙত ৫৭, ওদালগুৰিত ৯, শোণিতপুৰত ৩৫৫, নগাঁৱত ২৫২, মৰিগাঁৱত ৭৫, লখিমপুৰত ৩৩২, ধেমাজিত ৮০, গোলাঘাটত ২৯৩, যোৰহাটত ২৪২, শিৱসাগৰত ৪১৭, তিনিচুকীয়াত ১৪৪, ডিব্ৰুগড়ত ৩৪৯, কাচাৰত ১৫৩, হাইলাকান্দিত ৫৯, কৰিমগঞ্জত ৬১ আৰু উত্তৰ কাচাৰ পাৰ্বত্য জিলাত ১০খন ‘আমাৰ দোকান’ খুলিবলৈ অনুমতি দিয়া হৈছিল ।

সকলো ৰাইজে যাতে সুলভ মূল্যত খাদ্য-সামগ্ৰী লাভ কৰিব পাৰে, তাৰ বাবে পৌৰ নিগম আৰু পৌৰসভা অঞ্চলত প্ৰতি ৱাডত এখনকৈ ‘আমাৰ দোকান’ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । এই দোকানসমূহৰ জৰিয়তে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত যোগান ধৰা সামগ্ৰীসমূহৰ উপৰি দাইল, আটা, ময়দা, মিঠাতেল, চাহপাত, আলু, পিয়াঁজ, বুট, মগু আদিৰ বিতৰণ কৰিবলৈ লক্ষ্য স্থিৰ কৰা হৈছিল । আন বজাৰৰ তুলনাত এই সামগ্ৰীসমূহ ২ ৰ পৰা ৫ টকাকৈ কম মূল্যত গ্ৰাহকক যোগানৰ বাবে পৰিকল্পনা কৰা হৈছিল । এই ক্ষেত্ৰত আগভাগ লৈছিল যোগান বিভাগে । ‘আমাৰ দোকান’ৰ স্বত্বাধিকাৰী, যোগান বিভাগ আৰু পাইকাৰী ব্যৱসায়ীসকলৰ মাজত নিয়মীয়াভাৱে বৈঠক অনুষ্ঠিত কৰা হৈছিল৷ এই বৈঠকতে যোগান বিভাগে বিভিন্ন অঞ্চলৰ পাইকাৰী ব্যৱসায়ীসকলক ‘আমাৰ দোকান’ৰ সৈতে জড়িত লোকসকলক সা-সামগ্ৰী আন ব্যৱসায়ীৰ তুলনাত অন্ততঃ এটকা হ’লেও কম মূল্যত দিবলৈ নিৰ্দেশ দিছিল৷ যাতে সাধাৰণ গ্ৰাহকক ‘আমাৰ দোকান’সমূহে কম মূল্যত খাদ্য-সামগ্ৰীসমূহ যোগান ধৰিব পাৰে৷ কিন্তু দিন বাগৰাৰ লগে লগে ক্ৰমাৎ এই পর্যালোচনা বৈঠকসমূহ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকে যোগান বিভাগ ।

বিয়াগোম বিভাগটোৰ এই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি পাইকাৰী ব্যৱসায়ীসকলেও লাহে লাহে ‘আমাৰ দোকান’ৰ সৈতে জড়িত লোকসকলক ৰেহাই মূল্যত খাদ্য-সামগ্ৰী যোগানৰ পৰা বিৰত থাকে । বর্তমান এই দোকানসমূহ সক্ৰিয় হৈ থাকিলে চাউল, দাইলৰ পৰা আৰম্ভ কৰি আলু, পিয়াঁজলৈকে প্ৰতিবিধ সামগ্ৰী সাধাৰণ ৰাইজে বজাৰৰ তুলনাত ২ ৰ পৰা ৫ টকা পর্যন্ত কম মূল্যত ক্ৰয় কৰিব পাৰিলেহেঁতেন । আনহাতে ‘আমাৰ দোকান’সমূহৰ জৰিয়তে খাদ্য-সামগ্ৰী বিতৰণৰ উপৰি ই-ৰিক্সাৰ জৰিয়তে ঘৰে ঘৰে সুলভ মূল্যত খাদ্য যোগানৰ বাবেও আন এখন আঁচনি গ্ৰহণ কৰা হৈছিল । কিন্তু সম্প্ৰতি এই আঁচনিখনো সম্পূর্ণ নিষ্ক্ৰীয় হৈ পৰিছে । মুঠতে ক্ৰমাগতভাৱে নিয়ন্ত্ৰণহীন হৈ পৰা বজাৰ নিয়ন্ত্ৰণ কৰি ৰাজ্যবাসীক সকাহ দিবলৈ নতুন পৰিকল্পনাতো দূৰৰেই কথা, চলি থকা আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰি ৰাইজক সকাহ দিয়াত ব্যর্থ হৈছে যোগান বিভাগ ।

লগতে পঢ়ক : Onion price hike: পিয়াঁজ কিনিলেও কান্দিব, কাটোঁতেও কান্দিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.