ETV Bharat / state

২৫ জিলাৰ ১৯০৩ কেন্দ্ৰত নিযুক্তি পৰীক্ষা সম্পন্ন

author img

By

Published : Aug 28, 2022, 7:59 PM IST

আজি দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা (কাকত-৩) আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈকে স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা (কাকত- ৪) অনুষ্ঠিত হয় (second stage recruitment examination for 3rd grade) । উল্লেখযোগ্য যে অহা ১১ ছেপ্টেম্বৰত তৃতীয় পৰ্যায়ত দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ তৃতীয় বৰ্গৰ (গাড়ীচালক) পদৰ বাবে দশম শ্ৰেণীত উত্তীর্ণ প্ৰাৰ্থীসকলৰ পৰীক্ষা (কাকত-৫) অনুষ্ঠিত হ'ব ।

Assam govt
Assam govt

গুৱাহাটী, ২৮ আগষ্ট : কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে দেওবাৰে ৰাজ্যত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ বাবে লিখিত পৰীক্ষা (Assam Govt recruitment examination) । ১৪৪ ধাৰা বলৱৎ আৰু মোবাইল-ইণ্টাৰনেট সেৱা কৰ্তন আদি কঠোৰ নিৰীক্ষণ ব্যৱস্থাৰ মাজত অনুষ্ঠিত হৈ যায় উক্ত পৰীক্ষা । উল্লেখ্য, তৃতীয় বৰ্গৰ পদৰ নিযুক্তিৰ বাবে ৰাজ্যত (Assam Govt 3rd grade recruitment) আজি দ্বিতীয় পৰ্যায়ত ২৫খন জিলাৰ ১৯০৩ কেন্দ্ৰত মুঠ ৮ লাখ ৫২ হেজাৰ ১৮১ জন প্রার্থী পৰীক্ষাত অৱতীৰ্ণ হয় ।

মুঠ ৮ লাখ ৫২ হেজাৰ ১৮১ জন প্রার্থী পৰীক্ষাত অৱতীৰ্ণ হয়

আজি দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা (কাকত-৩) আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈকে স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা (কাকত- ৪) অনুষ্ঠিত হয় (second stage recruitment examination for 3rd grade) । উল্লেখযোগ্য যে অহা ১১ ছেপ্টেম্বৰত তৃতীয় পৰ্যায়ত দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ তৃতীয় বৰ্গৰ (গাড়ীচালক) পদৰ বাবে দশম শ্ৰেণীত উত্তীর্ণ প্ৰাৰ্থীসকলৰ পৰীক্ষা (কাকত-৫) অনুষ্ঠিত হ'ব । উক্ত দিনা ৮৭ টা কেন্দ্ৰত ৬৯,৪৫৩ জন প্রার্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব ।

নিযুক্তি পৰীক্ষাৰ বাবে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

উল্লেখ্য, যোৱা ২১ আগষ্টত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ২৪ খন জিলাত চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যায় । উক্ত দিনাও পুৱা ১০ বজাৰ পৰা ১২ বজালৈ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ (কাকত ১) আৰু বিয়লি দুই বজাৰ পৰা ৪ বজালৈ অষ্টম শ্ৰেণীলৈকে পঢ়া প্ৰাৰ্থীসকলৰ পৰীক্ষা (কাকাত ২) অনুষ্ঠিত হয় । ৰাজ্যৰ ২৪ খন জিলাৰ মুঠ ১,০৩৬ টা কেন্দ্ৰত উক্ত পৰীক্ষা অনুষ্ঠিত হয় (144 in 25 districts of Assam) ।

উল্লেখ্য, ইতিপূৰ্বে ঘোষিত কঠোৰ নিয়মৰ মাজেৰে অনুষ্ঠিত হয় আজিৰ নিযুক্তি পৰীক্ষা । পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ সময়ত প্ৰতিজন পৰীক্ষাৰ্থীক তন্ন তন্নকৈ তালাচী চলোৱা হয় । পৰীক্ষাৰ্থী, প্রতিলিপিকাৰ (স্ক্রাইব) আৰু পৰীক্ষাৰ কামত নিয়োজিত ব্যক্তিৰ বাহিৰে অন্য কোনো লোকক পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত থাকিবলৈ দিয়া হোৱা নাই (tight security for recruitment examination) । পৰীক্ষাৰ্থীসকলক প্রৱেশ-পত্র, কলম, পেঞ্চিল, ৰবৰ আৰু ক্রেডিট কার্ড, ডেবিট কার্ড বা তেনে ধৰণৰ কাৰ্ড লগত নিবলৈ অনুমতি প্ৰদান কৰা হৈছে ।

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে ৰাজ্যত সম্পন্ন তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা

ইয়াৰ বিপৰীতে পৰীক্ষাৰ্থীসকলক মোবাইল ফোন, যিকোনো ইলেক্ট্রনিক সামগ্রী, মিডিয়া ডিভাইচ যেনে স্মার্ট ঘড়ী, ইলেক্ট্রিক পেন, স্কেনাৰ, ব্লুটুথ ডিভাইচ, ইয়েৰ ফোন, মাইক্ৰ'ফোন বা এনে ধৰণৰ অন্য কোনো সঁজুলি, যোগাযোগৰ বাবে সক্ষম ডিভাইচ, কেলকুলেটৰ, পেন ড্রাইভ, কাগজৰ টুকুৰা, পাঠ্যক্রম সম্পৰ্কীয় সামগ্রী আৰু পৰীক্ষাত অসৎ কাৰ্য কৰিব পৰা আন যিকোনো সামগ্ৰী লগত নিয়াৰ ক্ষেত্ৰত বাধা-নিষেধ আৰোপ কৰা হয় ।

উল্লেখ্য, পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ অন্তত তেওঁলোকৰ অ' এম আৰ উত্তৰবহী আৰু প্ৰশ্নকাকত জমা দিব লাগে । অন্যথা তেওঁলোকক অনুপস্থিত বুলি গণ্য কৰা হ’ব । উল্লেখ্য যে মোবাইল ইণ্টাৰনেট সেৱা পৰীক্ষাৰ সময়খিনিত বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছিল যদিও দেওবাৰে পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হয় (Internet service cut off) ।

লগতে পঢ়ক :তীব্ৰ যানজঁটে ত্ৰাহিমধুসূদন সুঁৱৰালে পৰীক্ষাৰ্থীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.