গুৱাহাটী, ২৯ নৱেম্বৰঃ শুকুৰবাৰে বিয়লি ৰাজ্য চৰকাৰে আনুষ্ঠানিক ভাবে প্ৰকাশ কৰে আগন্তুক ২০২০ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা । সেই অনুসৰি আহিব লগীয়া নতুন বছৰটোত পূৰ্ণাংগ বন্ধৰ দিন থাকিব ৩৫ দিন । ঠিক একেদৰে ৩১ টা দিন হব সীমিত বন্ধ বা ৰেষ্ট্ৰিকটেড হলিডে । অনুৰূপভাৱে মহৰম আৰু লক্ষ্মী পূজাৰ দিন দুটা হ'ব অৰ্ধছুটীৰ দিন ।
![assam govt hodiday list of the year 2020](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5222274_1.jpg)
![assam govt hodiday list of the year 2020](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5222274_2.jpg)
উল্লেখ্য যে, প্ৰায় এপষেক পূৰ্বে ৰাজ্যৰ কেবিনেটে ২০২০ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাত অনুমোদন জনাইছিল । ইয়াৰ পিছতে শুকুৰবাৰে বিয়লি ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে আগন্তুক বছৰটোৰ চৰকাৰী বন্ধৰ তালিকা ।