ETV Bharat / state

টকা 10 হাজাৰ দিব মুখ্যমন্ত্ৰীয়ে: কেৱল হিচাপ মিলিব লাগিব সন্তানৰ

Assam CM Mahila Udyamita Scheme: যিদিনাই ৰাহুল গান্ধীয়ে অসম প্ৰৱেশ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি, সেইদিনাই অসম চৰকাৰে ৰাজ্যৰ মহিলাৰ মাজত বিলাব উদ্যমিতা আঁচনিৰ প্ৰ-প্ৰত্ৰ ৷ যি আঁচনিৰ জৰিয়তে আত্ম-সহায়ক গোটৰ মহিলাই লাভ কৰিব 10 হাজাৰকৈ টকা ৷

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 5:12 PM IST

Mahila Udyamita Schem
লাখপতি বাইদেউ
টকা 10 হাজাৰ দিব মুখ্যমন্ত্ৰীয়ে: কেৱল হিচাপ মিলিব লাগিব সন্তানৰ

গুৱাহাটী, ১১ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমত নতুন আঁচনিৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰাজ্যৰ ৩৯ লাখ মহিলাৰ বাবে প্ৰায় ৪০০০ কোটি টকাৰ অনুদান আগবঢ়াব অসম চৰকাৰে । লগতে 42,85745 গৰাকীৰ বাবে ১৬ জানুৱাৰীত ৰেচন কাৰ্ড মুকলি কৰিব অসম চৰকাৰে ৷

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি এই বৃহৎ আঁচনি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ‘মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি’ৰ অধীনত মহিলাসকলক অধিক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যৰে লোৱা হৈছে এই বিশেষ আঁচনি । ৰাজ্যৰ আত্মসহায়ক গোটৰ সৈতে জড়িত ৩৯ লাখ মহিলালৈ ১০ হাজাৰ টকাকৈ অসম চৰকাৰে আগবঢ়াব মুঠ ৩৯০০ হাজাৰ কোটি টকা ৷

ইতিমধ্যেই ইয়াৰে ৭ লাখ মহিলাই বছৰত লাখ টকাকৈ বছৰি উপাৰ্জন কৰি আছে । তেওঁলোকক ‘লাখপতি বাইদেউ’ হিচাপে নামাকৰণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা । আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাবে সহায় কৰাৰ বাবে এই পদক্ষেপ লোৱা বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । অৱশ্যে তিনিটা পৰ্যায়ত চৰ্ত ৰখা হৈছে ইয়াৰ বাবে ৷

প্ৰথম পৰ্যায়ত মহিলাসকলে ব্যৱসায়ৰ পৰিকল্পনা প্ৰস্তুত কৰি আবেদন কৰিব লাগিব ৷ ইয়াৰ পিচত প্ৰথম বছৰত দহ হাজাৰ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব ৷ মুখ্যমন্ত্ৰীৰ দাবী- ভাৰতত পূৰ্বে ইমান ডাঙৰ আঁচনি কেতিয়াও গ্ৰহণ কৰা হোৱা নাই ৷ এনে আঁচনিৰ হিতাধিকাৰী হ’বলৈ বান্ধি দিয়া চৰ্তৰ ভিতৰত অন্যতম হ’ল- মহিলাগৰাকীয়ে ব্যৱসায় কৰিবলৈ সময় দিব পাৰিব নাই তাক বিবেচনা কৰা হ’ব ৷ সেই অনুসৰি সাধাৰণ শ্ৰেণী আৰু অনান্য শ্ৰেণী (OBC)ৰ মহিলাসকলৰ তিনিটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব ৷ বিপৰীতে মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলৰ চাৰিটা সন্তান থাকিলেও হিতাধিকাৰী হিচাবে গণ্য কৰা হ’ব ৷

একেদৰে অনুসূচিত জাতি আৰু জনজাতি মহিলাসকল চাৰিটা সন্তান থাকিলেও লাখপতি বাইদেউৰ হিতাধিকাৰী হ’ব পাৰিব ৷ দ্বিতীয়টো গুৰুত্বপূৰ্ণ চৰ্ত হ’ল- এনেসমূহ পৰিয়ালৰ ছোৱালী সন্তানক হিতাধিকাৰী হোৱাৰ আগতে স্কুলত নাম ভৰ্তি কৰাব লাগিব ৷ তৃতীয়টো চৰ্ত হ’ল- হিতাধিকাৰী হোৱাৰ পিচত চাৰি নম্বৰ সন্তান জন্ম নিদিও বুলি কথা দিব লাগিব ৷

দ্বিতীয় বছৰত হিতাধিকাৰীসকলক বেংকৰ পৰা ১২ হাজাৰ ঋণ দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে ৷ লগতে চৰকাৰৰ ফালৰ পৰা ১২৫০০ টকা ৰাজসাহায্য প্ৰদান কৰা হ’ব তিনিবছৰৰ বাবে ৷ দ্বিতীয়বাৰৰ টকা দিয়াৰ সময়ত পৰ্যবেক্ষণ কৰিব ৰাজ্য চৰকাৰে৷ প্ৰথমবাৰৰ ১০ হাজাৰ টকা কেনেকৈ খৰছ কৰা হ’ল তাৰ হিচাপ দিব লাগিব হিতাধিকাৰীয়ে ৷

অহা ১৮ জানুৱাৰীত উজনি অসমৰ প্ৰতিটো পঞ্চায়তত আত্মসহায়ক গোটৰ মহিলা সকলক প্ৰ-পত্ৰ প্ৰদান কৰা হ’ব ৷ মুঠ ৫ লাখ ৩৩ হাজাৰ মহিলাই উক্ত দিনা আবেদন পত্ৰ লাভ কৰিব৷ ৰাজ্যৰ আনবোৰ জিলাতো ১৮-২৫ জানুৱাৰীৰ ভিতৰত সকলোৱে প্ৰপত্ৰ পাব ৷ তাৰ বাবে চৰকাৰে এটা নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি দিব ।

গাঁৱৰ পঞ্চায়তৰ কাৰ্যালয়ত নিৰ্দিষ্ট দিনটোতে লাভ কৰিব আবেদন পত্ৰ । সকলো আবেদন পত্ৰ একেদিনাই বিতৰণ কৰাৰ দৰেই এটা নিৰ্দিষ্ট দিনত জমা কৰিব লাগিব ৷ আনকি প্ৰ-পত্ৰ পূৰণৰ বাবে কৰ্মশালাৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে ৷ উল্লেখযোগ্য যে, হিতাধিকাৰী আঁচনিৰ বাবে উজনি অসমত প্ৰ-প্ৰত্ৰ দিয়াৰ দিনাই অৰ্থাৎ ১৮ জানুৱাৰীত শিৱসাগৰ জিলাৰ আমগুৰিয়েদি অসমত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’লৈ প্ৰৱেশ কৰিব ৰাহুল গান্ধীয়ে ৷

লগতে পঢ়ক: ২২ জানুৱাৰীত ৰাজ্যজুৰি বন্তি প্ৰজ্বলনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.