ETV Bharat / state

Assam govt announces award: আঠ গৰাকী বিশিষ্ট ব্যক্তিলৈ সাতটা বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ

author img

By

Published : Jun 16, 2023, 10:35 PM IST

সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ সংবাদমেল । ২০ জুনত ধুবুৰীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব ৰাভা দিৱস । ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাধৱদেৱ বঁটা, বীৰ চিলাৰায় বঁটা আৰু কালীচৰণ ব্ৰক্ষ্ম বঁটা প্ৰাপকৰ নাম ঘোষণা সংবাদমেলত ।

Assam govt announces award to eminent personalities
আঠ গৰাকী বিশিষ্ট ব্যক্তিলৈ সাতটা বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ

গুৱাহাটী,১৬ জুন: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ২০ জুনত ধুবুৰীত উদযাপন কৰা হ'ব বিষ্ণু ৰাভা দিৱস । এই অনুষ্ঠানত দুগৰাকী বৰেণ্য শিল্পীক ২০২৩ বৰ্ষৰ কলাগুৰু বিষ্ণু ৰাভা বঁটাৰ লগতে কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অৱদান আগবঢ়োৱা ছয়গৰাকী বিশিষ্ট ব্যক্তিক তিনিটাকৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰা হ'ব ।

শুকুৰবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে সাংস্কৃতিক মন্ত্রী বিমল বড়াই । বিমল বড়াই কয় যে, ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ছপা শিল্পী অজিত শীল আৰু নৃত্য শিল্পী গোপাল কৃষ্ণ গোস্বামীলৈ আগবঢ়োৱা হৈছে । আনহাতে তিনিটা ৰাষ্ট্ৰীয় বঁটা ক্ৰমে ২০২২ বৰ্ষৰ শ্ৰী শ্ৰী মাধৱ দেৱ বঁটা সাহিত্যিক অৰূপ কুমাৰ দত্ত, ২০২২ বৰ্ষৰ বীৰ চিলাৰায় বঁটা মৰণোত্তৰ ভাৱে শ্বহীদ ভাস্কৰ কলিতা আৰু ২০২৩ বৰ্ষৰ কালীচৰণ ব্ৰহ্ম বঁটা গৱেষক ডঃ টিয়াতশি জমিৰলৈ আগবঢ়োৱা হৈছে ।

একেদৰে ৰাজ্যিক পৰ্যায়ৰ তিনিটা বঁটা ক্ৰমে ২০২৩ বৰ্ষৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা লোকশিল্পী নকুল দাসক, ২০২৩ বৰ্ষৰ সতী সাধনী বঁটা বিজ্ঞানী ডঃ জয়ন্তী চুতীয়াক আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা সমাজ সেৱী বলৰাম ফাংচক প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।

ধুবুৰীত আয়োজন কৰা বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰি বঁটাসমূহ প্ৰদান কৰিব । তেওঁ লগতে কয় যে কলাগুৰু বিষ্ণু ৰাভা দিৱসৰে সংগতি ৰাখি ২০ জুনৰ পুৱা ৯ বজাৰ পৰা ছাত্র-ছাত্ৰীৰ মাজত চিত্রাংকণ, বিষ্ণু ৰাভাৰ গীত আৰু কুইজ প্ৰতিযোগিতাৰ লগতে দিনৰ দুই বজাৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰ ওপৰত এখনি আলোচনা চক্রও অনুষ্ঠিত কৰা হ'ব ।

লগতে পঢ়ক: CM at Diphu: সাহিত্যিক ৰংবং তেৰাঙৰ গৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.