ETV Bharat / state

75th foundation day of ABVP : ABVP ৰ অমৃত মহোৎসৱ অনুষ্ঠান

75 বছৰ সম্পূৰ্ণ উপলক্ষে ABVP ৰ অমৃত মহোৎসৱ অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৷

75th foundation day of ABVP
75 বছৰ সম্পূৰ্ণ কৰিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে
author img

By

Published : Jun 19, 2023, 11:09 AM IST

ABVP ৰ অমৃত মহোৎসৱ অনুষ্ঠান

গুৱাহাটী, 19 জুন : 75 বছৰ সম্পূৰ্ণ কৰিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে । সেই উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি উদযাপন কৰা হয় ‘‘অমৃত মহোৎসৱ অনুষ্ঠান’’ । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় বিশেষ কাৰ্যসূচীৰ ।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ৷ লগতে উপস্থিত থাকে RSS ৰ প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰ । অসমৰ ৰাজ্যপাল আৰু RSS ৰ প্ৰচাৰ প্ৰমুখগৰাকীৰ লগতে এই অনুষ্ঠানত অংশ লয় ABVP ৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশীষ চৌহান, এ বি ভি পিৰ অসম প্ৰদেশৰ সম্পাদক সীমান্ত বৈশ্যকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ঠ ব্যক্তিয়ে ।

লগতে পঢ়ক : BJP meeting in Jorhat; মোদী শাসনকালত বিদেশত ভাৰতৰ সন্মান বহুগুণ ওপৰত আছে: জে পি নাড্ডা

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাজ্যপালগৰাকীয়ে । সংবাদ মাধ্যমৰ আগত ৰাজ্যপালগৰাকীয়ে কয়, ‘‘ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত এবিভিপিৰ যথেষ্ট ভূমিকা আছে । এবিভিপি দেশৰ আটাইতকৈ পুৰণি ছাত্ৰ সংগঠন’’ ।

ৰাজ্যপালগৰাকীয়ে কয়, ‘‘ময়ো এসময়ত এবিভিপিৰ কাৰ্যকৰ্তা আছিলো । এবিভিপিৰ হৈ কাম কৰোতে মই জেললৈয়ো যাবলগীয়া হৈছিল । তাৰ পিচত মই সক্ৰিয় ৰাজনীতিলৈ আহিলো ৷ আটাইতকৈ পুৰণি ছাত্ৰ সংগঠন এবিভিপিয়ে সদায় নিজৰ লগতে দেশ গঢ়াৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে’’ ।

উল্লেখ্য যে, দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এ বি ভি পিৰ এই অমৃত মহোৎসৱ অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এ বি ভি পিৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ স্নেহমিলনৰ এক বিশেষ কাৰ্যসূচীও ৷ য’ত বহু এ বি ভি পিৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক : Sahityajoyti Award 2023: জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক পৰেশ বৰুৱাই কি বুলি সম্বোধন কৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.