ETV Bharat / state

এপিএছচি কেলেংকাৰী : অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি

author img

By

Published : Jun 2, 2022, 2:20 PM IST

Updated : Jun 3, 2022, 8:15 AM IST

পুনৰ চৰ্চাত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী গোচৰৰ বিচাৰ প্ৰক্ৰিয়া (APSC recruitment scam case trial process) ৷ পল্লৱ কটকীক সহায়ৰ বাবে অধিবক্তা পংকজ প্ৰতীম দত্ত আৰু সৰ্ণুদ্ৰা গুপ্তা দত্তক অতিৰিক্ত ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰা হৈছে (Lawyer Pallava Kataki appointed as special public prosecutor) ।

APSC scam
অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি

গুৱাহাটী, ২ জুন : অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰে অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰা হৈছে (Lawyer Pallava Kataki appointed as special public prosecutor)। আনহাতে, ৰাজ্যপালে পৰীক্ষাত হোৱা কেলেংকাৰী সন্দৰ্ভত বিচাৰৰ বাবে নিয়োজিত বিশেষ ৰাজহুৱা অধিবক্তা প্ৰদ্যুত কুমাৰ বৰাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মুকলি কৰি দি সকাহ দিছে ।

ইপিনে পল্লৱ কটকীক সহায়ৰ বাবে অধিবক্তা পংকজ প্ৰতীম দত্ত আৰু সৰ্ণুদ্ৰা গুপ্তা দত্তক অতিৰিক্ত ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰিছে । উল্লেখ্য যে, অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৪ চনৰ পৰীক্ষাত সংঘটিত হোৱা অনিয়ম সম্পৰ্কত তদন্তৰ বাবে ৰাজ্য চৰকাৰ দুখন কমিটি গঠন কৰি দিছিল ।

উক্ত কমিটি দুখনক ২০১২ চনত অনুষ্ঠিত হোৱা এ পি এছ চি পৰীক্ষাৰ তদন্তৰ প্ৰতিবেদনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰো দায়িত্ব অৰ্পন কৰা হৈছিল । ২০১২ চনৰ এ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষা সম্পৰ্কত দাখিল কৰা প্ৰতিবেদন পৰ্যালোচনা কৰাৰ বাবে চৰকাৰে এখন পাঁচজনীয়া কমিটিও গঠন কৰি দিছিল ।

২০১২ বৰ্ষৰ এ পি এছ চি পৰীক্ষাত হোৱা বেমেজালি সম্পৰ্কে ২০১৬ চনত পোহৰলৈ আহিছিল । বহুকেইগৰাকী এ চি এছ আৰু এ পি এছ বিষয়াই ৰাকেশ পালৰ দিনত বক্ৰ পথেৰে চাকৰি লোৱা বুলিও সেই সময়ত তথ্য প্ৰকাশ পাইছিল । ইয়াৰ পাচতে আৰক্ষীয়ে বহুকেইটা গোচৰ ৰুজু কৰি ৬০ গৰাকীকৈ বিষয়াক গ্ৰেপ্তাৰ কৰিছিল ।

২০১৬ চনত গ্ৰেপ্তাৰ হোৱা ৰাকেশ পাল বৰ্তমানেও কাৰাগাৰত আছে । এ পি এছ চিৰ বিয়াগোম নিযুক্তি কেলেংকাৰীৰ তদন্তত বহু নতুন তথ্য উন্মোচিত হৈ আহিছে । বক্ৰপথেৰে চাকৰি লোৱা বহু লোক জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ পদবীত আন এগৰাকী অসম সন্তান

Last Updated : Jun 3, 2022, 8:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.