ETV Bharat / state

Financial aid to tea garden: 370 খন চাহ বাগিচালৈ চৰকাৰৰ 64.05 কোটি টকাৰ আৰ্থিক সাহায্য - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

অসমৰ চাহ উদ্যোগলৈ চৰকাৰৰ বিশেষ উদগনি ৷ ক’ভিডৰ সময়ত হোৱা লোকচানৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ উদগনি আঁচনিৰ জৰিয়তে সাহয্য প্ৰদান মুখ্যমন্ত্ৰীৰ ৷ চাহ বাগিচাৰ শ্ৰমিকৰ 10 হাজাৰ গৃহৰ মেৰামতিৰ বাবে 1.5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ (Financial aid to tea garden) ৷

Financial aid to tea garden
370 খন চাহ বাগিচালৈ চৰকাৰৰ 64.05 কোটি টকাৰ আৰ্থিক সাহায্য
author img

By

Published : Mar 30, 2023, 9:58 PM IST

গুৱাহাটী, 30 মাৰ্চ: অসম চাহ উদ্যোগ বিশেষ উদগনিমূলক আঁচনি 2020 ৰ অধীনত 370 খন চাহ বাগিচালৈ মুঠ 64.05 কোটি টকা প্ৰদান ৷ বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই অনুদান বিতৰণ কৰে । উল্লেখ্য যে এই আঁচনিখন অসম চৰকাৰে চাহ উদ্যোগৰ ওপৰত ক’ভিড-19 মহামাৰীৰ বিৰূপ প্ৰভাৱ হ্ৰাস কৰাৰ উদ্দেশ্যেৰে প্ৰস্তুত কৰিছিল ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চাহ উদ্যোগ অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ ৷ চাহে মুঠ ৰপ্তানিৰ প্ৰায় 90 শতাংশ অৰিহণা যোগায় ৷ তেওঁ লগতে কয় যে এক নিযুততকৈও অধিক লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিছে ৷ অসমৰ অৰ্থনীতিৰ ওপৰত চাহ উদ্যোগৰ অপৰিসীম প্ৰভাৱৰ বাবে অসম চৰকাৰে এই খণ্ডত বিশেষ উদগনিমূলক আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে যাতে এই খণ্ডটোৱে ক’ভিড-19 ৰ ফলত হোৱা ক্ষতিৰ দিশত কিছু পৰিমাণে সকাহ প্ৰদান কৰিব পাৰে (Financial incentives for Assam tea garden) ৷

আঁচনিখনৰ বিভিন্ন দিশ সম্পর্কত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চিটিচি, অর্থডক্স তথা গুণসম্পন্ন চাহ যেনে গ্ৰীণ টি, ওলং টি, হোৱাইট টি, য়েল্ল টি, পাৰপল টি আদি যিকোনো এবিধ চাহ উৎপাদনকাৰী গোটে এই সুবিধা লাভ কৰিব ৷ কাৰ্যকৰী মূলধন ঋণৰ ওপৰত 3 শতাংশ সূদ ৰেহাই দিয়া হৈছে ৷ তেওঁ কয় যে অর্থডক্স চাহৰ উৎপাদন প্ৰসাৰতো যথাযথ গুৰুত্ব দিয়া হৈছে (Tea production in Assam) ৷

Financial aid to tea garden
370 খন চাহ বাগিচালৈ চৰকাৰৰ 64.05 কোটি টকাৰ আৰ্থিক সাহায্য

এই উদ্দেশ্যেৰে অসম চাহ উদ্যোগ বিশেষ উদগনিমূলক আঁচনিৰ অধীনত প্ৰতি কিলোগ্ৰাম অর্থডক্স আৰু অন্যান্য বিশেষ জাতৰ চাহৰ বাবে 10 টকাৰ ৰাজ সাহায্য অন্তৰ্ভূক্ত কৰা হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Financial assistant for tea garden) ৷

ৰাজ্যৰ চাহ উৎপাদনৰ 200 বছৰীয়া জয়ন্তী উপলক্ষে 2023-24 বিত্তীয় বৰ্ষৰ বাবে প্ৰতি কিলোগ্ৰাম অৰ্থডক্স আৰু অন্যান্য বিশেষ গুণসম্পন্ন জাতৰ চাহৰ বাবে অতিৰিক্ত 2 টকা নিৰ্দ্ধাৰণ কৰা হৈছে ৷ অন্য গুণসম্পন্ন চাহ আৰু অৰ্থডক্স চাহৰ পুলি আৰু যন্ত্ৰপাতি খৰচৰ বাবে 25 শতাংশ ৰাজ সাহায্য আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক তিনিটা বিত্তীয় বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে চাহ বাগিচাৰ পৰা কৃষি আয়কৰ গ্ৰহণ নকৰে যাতে এই উদ্যোগে এক বিশেষ মাত্ৰা লাভ কৰে ৷

ৰাজ্যৰ চাহখণ্ডক পূৰ্বতকৈ অধিক গতিশীল কৰি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰী প্ৰচেষ্টাৰ এই সফলতা কঢ়িয়াই আনিবলৈ হলে চাহ উদ্যোগৰ সৈতে জড়িত থকা সকলোৱে নিজস্ব দায়িত্ব সঠিকভাৱে পালন কৰিব লাগিব ৷ ৰাজ্যৰ চাহ জনজাতিসকলৰ আৰ্থ-সামাজিক সৱলীকৰণৰ লক্ষ্যৰে অসম চৰকাৰে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ 10 হাজাৰ গৃহৰ মেৰামতিৰ বাবে 1.5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব ৷ চাহ বাগিচাৰ পথসমূহৰ উন্নয়নৰ বাবেও ধনৰ আৱণ্টন দিয়া হৈছে ৷ শীঘ্ৰে চাহ বাগিচাৰ শ্ৰমিকৰ কোৱাৰ্টাৰ আৰু বাসগৃহত স্মাৰ্ট মিটাৰ স্থাপন কৰা হ’ব আৰু তেওঁলোকৰ এতিয়ালৈকে অনাদায় বিদ্যুতৰ বিল অসম চৰকাৰে অসম শক্তি উন্নয়ন কোম্পানী লিমিটেডক প্ৰদান কৰিব ৷

চাহ বাগিচাত স্থাপন কৰা আদর্শ বিদ্যালয়সমূহে শৈক্ষিকভাৱে পিছপৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ সন্তানৰ বিদ্যায়তনিক দিশৰ উন্নয়ন সাধনত এক বিপ্লৱৰ সূচনা কৰিব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে প্ৰায় 25 খন মহাবিদ্যালয় চাহ বাগিচা অঞ্চলত স্থাপন কৰা হ’ব ৷ মুখ্যমন্ত্ৰীয়ে চাহ বাগিচা ব্যৱস্থাপনা আৰু শ্ৰমিক দুয়োটা পক্ষকে ইজনে সিজনৰ মঙ্গলৰ প্ৰতি দায়বদ্ধ হৈ থাকিবলৈ আহ্বান জনায় ৷

বৃহস্পতিবাৰৰ এই অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ, উদ্যোগ মন্ত্ৰী বিমল বড়া, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, ভাৰতীয় চাহ সংস্থাৰ অধ্যক্ষ নয়নতৰা পাল চৌধুৰী অনুষ্ঠানত উপস্থিত থাকে ৷

লগতে পঢ়ক: Provincialisation of govt schools: প্ৰায় 19527 গৰাকী অপ্ৰাদেশীকৃত শিক্ষকৰ আশাত চেঁচাপানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.