ETV Bharat / state

ৰাজ্যত বানত মৃত্যু 37 জনৰ

author img

By

Published : Jul 5, 2020, 11:28 AM IST

ৰাজ্যত বৰ্তমানো জলমগ্ন হৈ আছে 18 খন জিলাৰ 43 টা ৰাজহ চক্ৰৰ 1,327 খন গাঁও ৷ আনহাতে বানৰ কৱলত ক্ষতিগ্ৰস্ত হৈছে মুঠ 1,68,210.28 হেক্টৰ কৃষিভূমি ৷

assam flood report
ৰাজ্যত বানত মৃত্যু 37 জনৰ

গুৱাহাটী, 5 জুলাই : ৰাজ্যত অব্যাহত আছে বান পৰিস্থিতি ৷ দেওবাৰৰ দিনটোত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 37 জনলৈ ৷ শনিবাৰে মৰিগাঁও আৰু তিনিচুকীয়াত এজনকৈ লোকৰ মৃত্যু হয় বানত ৷ বৰ্তমানো জলমগ্ন হৈ আছে 18 খন জিলাৰ 43 টা ৰাজহ চক্ৰৰ 1,568 খন গাঁও ৷ আনহাতে বানৰ কৱলত পৰিছে ৰাজ্যৰ মুঠ 1,68,210.28 হেক্টৰ কৃষিভূমি ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰে এই তথ্য ৷

ৰাজ্যত বানত মৃত্যু 37 জনৰ

অসমৰ ধেমাজি, বিশ্বনাথ, চিৰাং, দৰং, নলবাৰী, বৰপেটা,কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ’,মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া জিলাত বৰ্তমানো অব্যাহত আছে বানৰ সংহাৰ ৷

বানত বৰ্তমানলৈ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ 25,51,935 গৰাকী লোক ৷ বানাক্ৰান্ত লোকৰ সাহাৰ্যৰ্থে এতিয়াও 67 টা আশ্ৰয় শিবিৰ স্থাপিত কৰা আছে ৷ এই শিবিৰ দেওবাৰৰ পুৱালৈকে 6,036 গৰাকী লোকে আশ্ৰয় লৈছে ৷ আনহাতে, যোৰহাটৰ নিমাতিঘাট, ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰত জীয়া ভৰালী আৰু নগাঁও ধৰমতুলাত কপিলী নদীৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে ৷ চলিত বৰ্ষত বৰ্তমানলৈ ৰাজ্যৰ 23 খন জিলাৰ 138 টা মথাউৰি ছিঙাৰ লগতে 20 খন জিলাৰ 75 খন দলং উটুৱাই নিছে বলিয়া বানে ৷

লগতে পঢ়ক : জম্মুৰ পুলৱামাত আইইডি বিস্ফোৰণ, আহত চিআৰপিএফ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.