ETV Bharat / state

Flood in Assam 2022 : ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 27 জনলৈ - কপিলী নদীৰ জলস্ত

বছৰটোৰ প্ৰথমটো বানৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্ত বিধ্বস্ত ক্ষতি সাধন হৈছে (Flood in Assam 2022) ৷ ইতিমধ্যে এই বানত কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে ৷ পূৰ্বৰ তুলনাত বৰ্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও অৱনমিত হোৱা নাই বান পৰিস্থিতি ৷ তথ্য অনুসৰি, বিগত 24 ঘন্টাত 2 জন লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে ৷

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ
ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ
author img

By

Published : May 26, 2022, 12:57 PM IST

নিউজ ডেস্ক, 26 মে’ : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ (Flood in Assam 2022)৷ বান আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈ ৰাজ্যৰ 15 খন জিলাৰ প্ৰায় 5,75,470 লোক ক্ষতিগ্ৰস্ত হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ শেহতীয়া তথ্যত প্ৰকাশ কৰা অনুসৰি, বুধবাৰৰ দিনটোত শিশুসহ এজন লোক মৃত্যু মুখত পৰে ৷

ইয়াৰ লগতে ৰাজ্যত বানৰ কবলত মৃত্যু হোৱা লোকৰ সংখ্যা 27 জনলৈ বৃদ্ধি হৈছে ৷ ইয়াৰোপৰি বানৰ কবলত পৰি ৰাজ্যৰ 310 খন ৰাজহ চক্ৰৰ 1,073 খন গাঁও সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন বানাক্ৰান্ত জিলাত প্ৰশাসনে স্থাপন কৰা 310 টা আশ্ৰয় শিৱিৰত প্ৰায় 72,698 গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷

লগতে প্ৰশাসনৰ তৰফৰ পৰা 112 টা সাহাৰ্য বিতৰণ শিবিৰ স্থাপন কৰা হৈছে ।

এই সাহাৰ্য শিবিৰলৈ চাউল, দাইলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী স্থলপথ, ৰে’লপথৰ লগতে বিমানপথেৰেও প্ৰেৰণ কৰা হৈছে ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈ বানৰ সংহাৰত 51,671,52 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে (Huge loss in Assam due to flood) ৷

আনহাতে, কপিলী নদীৰ জলস্তৰ এতিয়াও বিপদসীমা ওপৰেদি বৈ আছে (Assam flood Situation) ৷ ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহত এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ৰাজ্যত প্ৰথমটো বানত আন্তঃগাঁথনিৰ ক্ষতি ৫০০০ কোটি টকা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.