ETV Bharat / state

Assam Govt Grant to Schools : শিক্ষা সেতু পৰ্টেলত ১১,৪৮০ খন বিদ্যালয়ৰ ৩৩,৫৮৩ গৰাকী শিক্ষকে আপলোড কৰা নাই প্ৰফাইল - Assam education department grant to schools

সমগ্ৰ শিক্ষা অভিযান অসমৰ কাৰ্যালয়ত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ সংবাদমেল । ২০২৩-২৪ বৰ্ষৰ বাবে ৪০,৯৭০খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে বাৰ্ষিক অনুদান মুকলি । বিদ্যালয় অনুদান শিতানত ৭৯.৮ কোটি টকা আৰু ক্ৰীড়া আৰু শাৰীৰিক শিক্ষাৰ শিতানত ১৬.৪০ কোটি টকা মুকলি । সম্পূৰ্ণ প্ৰফাইল আপলোড নোহোৱা ১১,৪৮০ খন বিদ্যালয়ৰ অনুদানত স্থগিতাদেশ ।

Etv Bharat
Etv Bharat
author img

By

Published : Jul 9, 2023, 3:47 PM IST

শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল

গুৱাহাটী, ৯ জুলাই : ৰাজ্যৰ মুঠ ৪৫,৯৮৩ খন চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ ভিতৰত ৪০,৯৭০খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে মোকলাই দিয়া হৈছে বিদ্যালয়ৰ বাৰ্ষিক অনুদান । ২০২৩-২৪ বৰ্ষৰ বাবে বিদ্যালয় অনুদান শিতানত ৭৯.৮ কোটি টকা আৰু ক্ৰীড়া আৰু শাৰীৰিক শিক্ষাৰ শিতানত ১৬.৩৯৫ কোটি টকা মোকলাই দিয়া হৈছে । এই কথা সদৰী কৰে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে । দেওবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত সমগ্ৰ শিক্ষা অসমৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্রীগৰাকীয়ে কয় যে শিক্ষাৰ্থীৰ সংখ্যা অনুসৰি বিদ্যালয়সমূহলৈ এই অনুদান আগবঢ়োৱা হৈছে ।

গাইডলাইন অনুসৰি বিদ্যালয়সমূহে এই ধন ব্যয় কৰিব । বিদ্যালয়সমূহলৈ অনুদান আগবঢ়োৱাৰ ক্ষেত্রত এটা 'কিন্তু' আছে বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষা সেতু পৰ্টেলত কোনো তথ্য আপলোড নকৰা বিদ্যালয়ৰ ক্ষেত্রত এই অনুদান স্থগিত ৰখাৰ ব্যৱস্থা কৰা হৈছে । অৰ্থাৎ সম্পূৰ্ণ তথ্য আপলোড নকৰা বিদ্যালয়ে এই অনুদান লাভ নকৰিব । তথ্য আপলোড কৰাৰ লগে লগে লাভ কৰিব অনুদান । তেওঁ কয় যে প্ৰাথমিক খণ্ডত থকা মুঠ ২,৪২,১১৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ভিতৰত ২,০৮,৫৩১ গৰাকীয়ে শিক্ষা সেতুত নিজৰ প্ৰ'ফাইল আপলোড কৰিছে । কিন্তু ৩৩,৫৮৩ গৰাকী শিক্ষক-কৰ্মচাৰীয়ে নিজৰ প্ৰফাইল শিক্ষা সেতুত আপলোড কৰা নাই ।

এই হিচাপত পৰ্যালোচনা কৰি দেখা গৈছে যে মুঠ ১১,৪৮০ খন বিদ্যালয়ৰ পৰা ৩৩,৫৮৩ গৰাকী শিক্ষক-কৰ্মচাৰীয়ে প্ৰফাইল আপলোড কৰা নাই । প্ৰ'ফাইল আপলোড নকৰিলে চৰকাৰৰ বাবে বিদ্যালয়ৰ প্ৰশাসন চলোৱাটো অসুবিধা বুলি সদৰী কৰি তেওঁ কয় যে কোনে ক'ত কেনেদৰে নিয়োজিত হৈ আছে সেই কথা নজনাকৈ ধন মুকলি কৰি দিব নোৱাৰি । যিকেইখন বিদ্যালয়ৰ পৰা এশ শতাংশ প্ৰ'ফাইল আপলোড নহ'ব, সেইসমূহ বিদ্যালয়লৈ অনুদান মুকলাই দিয়া নহ'ব বুলিও তেওঁ স্পষ্টভাৱে জনায় ।

তেওঁ ভুৱা বিদ্যালয়ৰ দৰে ভুৱা শিক্ষকো থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে । লগতে শিক্ষা মন্ত্ৰীয়ে সংশ্লিষ্ট পক্ষক তথ্য আপলোড কৰাৰ বাবে আহ্বান জনায় । বিদ্যালয়ত প্ৰধান শিক্ষকৰ অভাৱ থকাৰ প্ৰসংগটো সুকীয়া বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে সমস্যাৰ সমাধান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে । চৰকাৰে শিক্ষা ব্যৱস্থাৰ তথা শিক্ষকৰ অনুকূল সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ সদৰী কৰে । কিন্তু শিক্ষা সেতু পৰ্টেলত শিক্ষক-কৰ্মচাৰীয়ে নিজৰ প্ৰফাইল আপলোড কৰিবই লাগিব বুলিও দোহাৰে ।

তেওঁ শিক্ষক সমাজক উদ্দেশ্যি কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কোনেও ধেমালিভাৱেৰে নল'ব । এই চৰকাৰখনক গুৰুত্বসহকাৰে ল'বলৈ তেওঁ সংশ্লিষ্ট পক্ষলৈ আহ্বান জনায় । যেতিয়ালৈকে শিক্ষকৰ প্ৰফাইল আপলোড নহ’ব তেতিয়ালৈ মুকলি কৰি দিয়া নহ'ব অনুদানৰ ধন । সংবাদমেলত শিক্ষা বিভাগৰ কেইবাজনো বিষয়াও উপস্থিত থাকে ।

লগতে পঢ়ক :Minister Keshab Mahanta at Rangia: ফলাফল ঘোষণাৰ দিনাই চিকিৎসকক প্ৰদান কৰা হ’ব নিযুক্তি - স্বাস্থ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.