ETV Bharat / state

Assam Govt. Job Recruitment: ১০ ছেপ্টেম্বৰত ৩২ হাজাৰ চাকৰিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন: মুখ্যমন্ত্ৰীৰ ঘোষণা - Assam CM HBS

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ ৷ পুনৰ অসম চৰকাৰৰ কেইবাটাও বিভাগত ওলাব চাকৰি । এইবাৰ ৩২ হাজাৰৰো অধিক পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ঘোষণা 32 হাজাৰধিক চৰকাৰী চাকৰিৰ বাবে শীঘ্ৰে প্ৰকাশ পাব বিজ্ঞাপন ৷

Assam Gov Job
১০ ছেপ্টেম্বৰত ৩২ হাজাৰ চাকৰিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন
author img

By

Published : Jul 18, 2023, 8:44 PM IST

গুৱাহাটী,১৮ জুলাই: ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ । পুনৰ অসম চৰকাৰৰ কেইবাটাও বিভাগত ওলাব চাকৰি । এইবাৰ ৩২ হাজাৰৰো অধিক পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন । 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ নিবনুৱা যুৱক-যুৱতীৰ বাবে আশাৰ বতৰা কঢ়িয়াই মুখ্যমন্ত্ৰী কাৰ্যালয়ে পুনৰ ঘোষণা কৰিছে 32 হাজাৰৰো অধিক চৰকাৰী চাকৰিৰ বাবে শীঘ্ৰে প্ৰকাশ পাব বিজ্ঞাপন ৷ মঙলবাৰে টুইটাৰৰ জৰিয়তে অসম চৰকাৰে অহা ১০ ছেপ্টেম্বৰৰ ভিতৰত নতুনকৈ ৩২ হাজাৰৰো অধিক চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

  • Govt of Assam, as per the commitment of HCM Dr @himantabiswa, is steadfast in its goal to provide 1 lakh govt jobs to the youth of the State.

    Over 32,000 posts will be advertised within September 10, 2023 to go over and beyond the promise of 1 lakh jobs. pic.twitter.com/zx21FXphQE

    — Chief Minister Assam (@CMOfficeAssam) July 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী কাৰ্যালয়ে টুইটাৰত সদৰি কৰা অনুসৰি ১০ ছেপ্টেম্বৰৰ ভিতৰত গৃহ বিভাগত ৪,০৯৭টা, স্বাস্থ্য বিভাগত ৫,১০৫টা, শিক্ষা বিভাগত ১০,২৯৯টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১,১৭৬টা, তৃতীয় বৰ্গত ৭,০৭৩টা, চতুৰ্থ বৰ্গত ৪,৯৩৯ টা সহ মুঠ ৩২,৬৮৯টা পদত বিজ্ঞাপন দিয়া হ'ব ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে পৰ্যায়ক্ৰমে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি আহিছে । এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ সম্পন্ন হ’লে এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যত উপনীত হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আনহাতে বিগত বৰ্ষত প্ৰায় 70-75 হাজাৰ নিবনুৱাক যুৱক-যুৱতীক মেধাৰ ভিত্তিত চাকৰি দিয়া বুলি মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Assam Gov Job
১০ ছেপ্টেম্বৰত ৩২ হাজাৰ চাকৰিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন

কিন্তু এবছৰতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এক লাখ নিবনুৱাক চাকৰি দিয়া প্ৰতিশ্ৰুতি দিছিল যদিও দুটা বছৰ কাৰ্যকাল পাৰ হোৱাৰ উপক্ৰম ৷ পিছে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আৰু কিমান দিন লাগিব সেয়া সময়ত লক্ষনীয় হ’ব ৷

লগতে পঢ়ক:Constituency Delimitation 2023 :19 জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ পূৰ্ণাংগ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.