গুৱাহাটী, ১৯ জানুৱাৰী : বান আৰু খহনীয়া সমস্যাত ভাৰাক্ৰান্ত হৈ থকা ৰাজ্যখনৰ মথাউৰি নির্মাণ, মেৰামতি আৰু খহনীয়া প্ৰতিৰোধৰ বাবে বৃহৎ পৰিমাণৰ পুঁজিৰ আৱশ্যক যদিও পূর্বৰ কংগ্রেছ নেতৃত্বাধীন চৰকাৰৰ ভুল নীতিৰ বাবে কেন্দ্ৰৰ পৰা প্রাপ্য ৩৯৫.৬৫ কোটি টকাৰ পৰা অসম আজিও বঞ্চিত হৈ থাকিল (Assam deprived of central govt funds) ।

দ্বাদশ পৰিকল্পনাৰ পৰা বান ব্যৱস্থাপনা শিতানত মথাউৰি নিৰ্মাণৰ বাবে কেন্দ্রীয় চৰকাৰৰ অংশৰ বাবত এই পুঁজি অসমে পাব লাগিছিল । ২০১২ বৰ্ষৰ পৰা ২০১৪ বৰ্ষত বান ব্যৱস্থাপনা শিতানত মথাউৰিৰ মেৰামতি বা নির্মাণৰ বাবে ঠিকাদাৰক কামৰ আবণ্টন আৰু মথাউৰি নিৰ্মাণত হোৱা দুর্নীতিৰ বাবে কেন্দ্রীয় চৰকাৰৰ অংশৰ ধন মুকলি হোৱা নাছিল ।
ঠিকাদাৰসকলক ৰাজ্য চৰকাৰৰ অংশৰ পৰা সামান্য পৰিমাণৰ পুঁজি মোকলাই দিয়া হৈছিল যদিও যিসকলে সঠিকভাৱে কাম কৰিছিল, তেওঁলোকো ধন আদায়ৰ পৰা বঞ্চিত হৈ থাকিল । কেৱল সেয়াই নহয়, কংগ্ৰেছ চৰকাৰৰ ভুল নীতিৰ বাবে বানত ক্ষতিগ্রস্ত ৰাজ্যখনে বৃহৎ পৰিমাণৰ ৩৯৫.৬৫ কোটি টকা লাভ কৰাৰ পথ ৰুদ্ধ হৈ থাকিল । কেন্দ্রীয় চৰকাৰৰ অংশৰ এই বৃহৎ পৰিমাণৰ পুঁজি মুকলি কৰি দিয়াত মহাগাণনিকে আপত্তি দর্শোৱা বুলি জানিব পৰা গৈছে ।

যাৰ ফলত এই বৃহৎ পৰিমাণৰ পুঁজিৰ পৰা অসম বঞ্চিত হৈ আছে । জলসম্পদ বিভাগৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে, সেই সময়ত মথাউৰি নির্মাণ বা মেৰামতিত ব্যৱহৃত এটা ১২২ টকাৰ জিঅ' বেগ ১৭০ টকাত ক্ৰয় কৰা হৈছিল । এনে দুর্নীতিৰ কথা মহাগাণনিকৰ নিৰীক্ষণত ধৰা পৰাত বান ব্যৱস্থাপনা শিতানৰ কেন্দ্রীয় পুঁজি অসমলৈ মোকলাই দিয়াত আপত্তি দর্শায় ।
তদুপৰি ৩৬ টা কামৰ নিবিদাৰ বিপৰীতে ২৬ জন ঠিকাদাৰক কামৰ আৱণ্টন দিয়া হৈছিল যদিও একেই নিয়মৰ আধাৰত নিবিদা দাখিল কৰা ৯ জন ঠিকাদাৰক কামৰ পৰা বঞ্চিত কৰা হৈছিল । আনহে নালাগে নিবিদা দাখিল নকৰাকৈ ঠিকাদাৰক মথাউৰি নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল । এনে অনিয়মৰ কথা মহাগাণনিকৰ নিৰীক্ষণত ধৰা পৰাৰ পাছত বান ব্যৱস্থাপনা শিতানৰ এই বৃহৎ পৰিমাণৰ পুঁজি কেন্দ্রই বন্ধ কৰি দিয়ে । যাৰ ফলত সঠিকভাৱে কাম কৰা ঠিকাদাৰে ধন লাভ নকৰিলে আৰু বান-খহনীয়া সমস্যাত ভাৰাক্ৰান্ত ৰাজ্য অসমে বৃহৎ পৰিমাণৰ পুঁজিৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ।

লগতে পঢ়ক : Cabinet meeting in Haflong: জনগোষ্ঠীয় খাদ্যৰ লগতে থাকিব ৰেডিচন ব্লুৰ খাদ্য সম্ভাৰ