ETV Bharat / state

sabka saath sabka vikas : জনগোষ্ঠীয় লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰাসদৃশ হৈছে: অসম কংগ্ৰেছ

বিজেপিয়ে নিবিচাৰে সবকা সাথ সবকা বিকাশ ৷ ৰাইজক ভালৰি বোলাবলৈ দিয়ে এনেধৰণৰ শ্ল'গান ৷ জনজাতীয় লোকসকলে দুবেলা দুমুঠি ভালকৈ খাবলৈ পোৱা নাই । এই অভিযোগ কংগ্ৰেছৰ ৷

sabka saath sabka vikas
অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 3:33 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, ৩১ অক্টোবৰ : সবকা সাথ সবকা বিকাশৰ কথা কোৱা বিজেপিয়ে বাস্তৱিকতে সকলোৰে সমউন্নয়ন মুঠেই নিবিচাৰে । অসমত দলটোৱে ক্ৰমাৎ নিজৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে । ৰাইজক ভালৰি বোলাবলৈ এনেধৰণৰ শ্ল'গান দিয়া বিজেপি চৰকাৰৰ দিনত এতিয়া অসমৰ জনগোষ্ঠীয় লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰাসদৃশ হৈ পৰিছে ।

অসমৰ জনগোষ্ঠীয় লোকসকলৰ উন্নয়নৰ কথা কোৱা দিল্লী আৰু দিছপুৰৰ ডাবোল ইঞ্জিন চৰকাৰৰ দিনত জনজাতীয় লোকসকলে দুবেলা দুমুঠি ভালকৈ খাবলৈ পোৱা নাই । যাৰ বাবে বহুলোকে আত্মহননৰ দৰে পথ বাচি ল'বলগীয়া হৈছে । ৰিক্সা চলাই পেট প্ৰৱৰ্তাই অহা লোকৰ ৰিক্সাৰ ওপৰতে কৰুণ মৃত্যু ঘটিছে । এনে অৱস্থাত জনজাতীয় উন্নয়নৰ নামত যি পুঁজি আৱণ্টন দিয়া হৈছে সেই আৱণ্টিত পুঁজি সঠিকভাৱে সাধাৰণ মানুহৰ মাজলৈ যে যোৱা নাই সেই কথা শেহতীয়া ঘটনাসমূহে প্ৰমাণ কৰিছে । এই পুঁজিৰ কেনেধৰণৰ অপব্যৱহাৰ হৈছে সেই সন্দৰ্ভত এক সঠিক তদন্ত বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ।

মঙবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰা আৰু জ্যেষ্ঠ মুখপাত্ৰ প্ৰবীণ বড়োৱে সংবাদমেল সম্বোধন পুঁজিৰ অপব্যৱহাৰৰ লগতে সামাজিকভাৱেও জনজাতীয় লোকসকলক বিজেপি চৰকাৰে অৱহেলাৰ দৃষ্টিৰে চাই আহিছে বুলিও অভিযোগ কৰে । মহানগৰীৰ শিলসাঁকোত জনজাতীয় লোকসকলক সময় নিদিয়াকৈ হঠাৎ জাননী দি উচ্ছেদ কৰা কাৰ্যৰ জৰিয়তেই চৰকাৰৰ জনজাতীয় লোকবিৰোধী নীতিৰ উমান পোৱা গৈছে বুলি প্ৰদেশ কংগ্ৰেছে দাবী কৰে ।

সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভা এগৰাকী জনজাতীয় যুৱতী হোৱা বাবেই তেওঁৰ মৃত্যুৰ তদন্ত ইচ্ছাকৃতভাৱে বিজেপি চৰকাৰে লেহেমীয়া কৰিছে বুলিও অভিযোগ কৰে কংগ্ৰেছে । ৰাইজৰ কৰৰ ধনৰ শৰাধ কৰি জিলাই জিলাই কেবিনেট পাতি অপ্ৰয়োজনতো গোটেই অসমখন ঘূৰি ফুৰা মুখ্যমন্ত্ৰীয়ে দিছপুৰৰ গাতে লাগি থকা প্ৰয়াত জোনমণি ৰাভাৰ গৃহলৈ গৈ কন্যাৰ পাচত পুত্ৰকো হেৰুওৱা মাতৃক এষাৰ মাত দিবলৈ মুখ্যমন্ত্ৰীয়ে কিয় আজিও সময় নাপালে বুলিও প্ৰশ্ন কৰে ।

সংবিধানৰ ষষ্ঠ অনুসূচী অনুযায়ী গঠিত হোৱা স্বায়ত্তশাসিত পৰিষদসমূহক কেন্দ্ৰ চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ তৰপৰ পৰাও বিভিন্ন পুঁজি যোগান ধৰা হয় । কিন্তু পুঁজি যোগান সত্বেও লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত শালমৰা গাঁৱত চৰম দাৰিদ্ৰতাৰ বাবে সৰুমাই নামৰ এগৰাকী মহিলাই দুই সন্তানক হত্যা কৰি নিজেও আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ কিয় হ'ল বুলিও বিজেপি চৰকাৰক প্ৰশ্ন কৰে । উল্লেখ্য যে, নাওবৈচাৰ মহিলাগৰাকীয়ে তেওঁৰ স্বামী অক্ষয় পায়েং দিন-হাজিৰা কৰিবলৈ ওলাই যোৱাৰ সময়তে নিজৰ দুবছৰীয়া পুত্ৰ সন্তান আৰু ১৫ দিনীয় কন্যা সন্তানক হত্যা কৰি দৰিদ্ৰতাৰ বাবে আত্মহননৰ পথ বাচি লৈছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত নিজাববীয়া গোচৰ ৰুজু কৰিছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে যি গোচৰ ৰুজু কৰিছে সেই গোচৰত জিলা আয়ুক্ত আৰু অন্যান্য বিষয়াসকলক জবাবদিহি কৰিছে ।

ষষ্ঠ অনুসূচীৰ আধাৰত যি পুঁজি চৰকাৰে মুকলি কৰি দিছে সেই পুঁজিৰ সঠিক ব্যৱহাৰ হোৱা নাই । পুঁজি ব্যৱহাৰৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেতো জনজাতীয় উন্নয়ন পৰিষদসমূহে দাখিল কৰিব পৰা নাই । গতিকে এইক্ষেত্ৰত চৰম দুৰ্নীতি হৈছে আৰু ইয়াৰ তদন্ত হ’ব লাগে । ক'ত কিমান পুঁজি চৰকাৰে স্বায়ত্তশাসিত পৰিষদ আৰু জনজাতীয় উন্নয়ন পৰিষদসমূহক আৱণ্টন দিলে তাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈও কংগ্ৰেছে দাবী জনায় ।

আনহাতে, কিয় কলাইগাঁৱৰ খগেন বড়োৱে ধনৰ অভাৱত গুৱাহাটীত ৰিক্সা চলাই ৰিক্সাতে মৃত্যুক সাৱটিবলগীয়া হ'ল বুলিও প্ৰশ্ন কৰে । চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কেৱল মুখতহে কয় বাবেই এনে ঘটনা হ'বলৈ পাইছে বুলিও কংগ্ৰেছে অভিযোগ কৰে । সেয়ে বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই চৰকাৰী পুঁজিৰ সদব্যৱহাৰ নোহোৱা বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ চলিত বৰ্ষৰ ২৮ জুনত পত্ৰ প্ৰেৰণ কৰিবলগীয়া হৈছিল বুলিও কংগ্ৰেছৰ দুই নেতাই মন্তব্য কৰে ।

লগতে পঢ়ক : Oppositions leader phone hack : 'আদানিৰ প্ৰসংগ আনিলেই চৰকাৰে চোৰাংচোৱাগিৰি আৰম্ভ কৰে'-ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.