নিউজ ডেস্ক, 12 আগষ্ট : অলিম্পিকৰ পদক হাতত লৈ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোঁহাই ৷ গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত লাভলীনা উপস্থিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গামোচা, ফুলৰ থোপা আৰু জাপিৰে আদৰণি জনায় খেলুৱৈগৰাকীক ৷
লাভলীনাক আদৰণি জনোৱা সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই । বিমানবন্দৰত খেলুৱৈগৰাকীক সম্বৰ্ধনা জনোৱাৰ পিছত তেওঁক সম্পূৰ্ণ ৰাজকীয় আতিথ্যৰে লৈ অনা হয় হোটেল তাজ ভিভান্তালৈ । উল্লেখযোগ্য যে, বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগেই অলিম্পিকৰ পদক জয়ী প্ৰথম অসমীয়া খেলুৱৈগৰাকীৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ।
অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ তথা দ্বিতীয় গৰাকী অসমীয়া বক্সাৰ লাভলীনাক বিয়লি 3 বজাত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হ’ব ৷ অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন দল-সংগঠনেও খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাব পাৰিব । ইয়াৰ পাছত সন্ধিয়া 5 বজাত ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰিব লাভলীনাই ৷
গুৱাহাটীৰ পৰাই লাভলীনা বৰগোঁহায়ে 13 আগষ্টত পুনৰ দিল্লীলৈ উভতি যাব । 15 আগষ্টত স্বাধীনতা দিৱসৰ অনুষ্ঠানত দেশৰ আন পদক বিজয়ী অলিম্পিয়ানৰ সৈতে লাভলীনা বৰগোঁহাইকো ভাগ ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমন্ত্ৰণ জনাইছে । সেই অনুষ্ঠানত ভাগ লোৱাৰ পাছতহে লাভলীনা বৰগোঁহাই পুনৰ অসমলৈ আহি বৰপথাৰৰ নিজ গাঁও বাৰমুখীয়ালৈ যাব ।
লগতে পঢ়ক : ৯ আগষ্টত গুৱাহাটীত ৰঙা দলিচাত ভৰি দিব লাভলীনা বৰগোঁহায়ে