ETV Bharat / state

Assam CM Visited old DC office site: ব্ৰহ্মপুত্ৰ নদীমুখ প্ৰকল্পৰ উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ - Minister Ashok Singhal

মঙলবাৰে পাণবজাৰৰ পুৰণি উপায়ুক্ত কাৰ্যালয়ৰ স্থানত চলি থকা নিৰ্মাণকাৰ্যৰ লগতে প্ৰস্তাৱিত ব্ৰহ্মপুত্ৰ নদীমুখ প্ৰকল্পৰ উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Vsited old DC office site at PanBazar) । নিৰ্মাণৰ কাম কাজ পৰিদৰ্শন কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত এই কামসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

Assam CM Vsited old DC office site at Panbazar & inspected ongoing work on proposed Brahmaputra riverfront beautification project
আগন্তুক জানুৱাৰীত মুকলি হ’ব SBI পৰা CJM কৰ্টলৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ অংশ
author img

By

Published : Oct 25, 2022, 5:30 PM IST

গুৱাহাটী,২৫ অক্টোবৰ: মঙলবাৰে গুৱাহাটীৰ পাণবজাৰৰ পুৰণি উপায়ুক্ত কাৰ্যালয়ৰ স্থানত চলি থকা নিৰ্মাণকাৰ্যৰ লগতে প্ৰস্তাৱিত ব্ৰহ্মপুত্ৰ নদীমুখ প্ৰকল্পৰ উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Vsited old DC office site at PanBazar) । নিৰ্মাণৰ কাম কাজ পৰিদৰ্শন কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত এই কামসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

আগন্তুক জানুৱাৰীত মুকলি হ’ব SBI পৰা CJM কৰ্টলৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ অংশ

পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘাল (Minister Ashok Singhal) , শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ (DC Pallav Gopal Jha) লগতে ৰাজ্য চৰকাৰৰ কেবা়জনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । উল্লেখ্য যে, গুৱাহাটীত নদী পৰ্যটনৰ বাবে নিৰ্মাণ কৰা হ'ব অত্যাধুনিক প্ৰকল্প (Brahmaputra riverfront beautification project) । ব্ৰহ্মপুত্ৰ হেৰিটেজৰ পৰা পুৰণি SP কাৰ্যালয়লৈকে পৰ্যটনৰ বাবে নিৰ্মাণ হ'ব এখন প্ৰাকৃতিক উদ্যান ৷ এই উদ্যানলৈ আহি নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিব পাৰিব পৰ্যটকসকলে । উদ্যানখনত পৃথকে পৃথকে চলি আছে ইয়াৰ নিৰ্মাণ কাৰ্য ।

এই প্ৰকল্পত ফুলনি বাগিছা, খোজ কৰাৰ বাবে সুবিধা থকাৰ লগতে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ GMDAৰ অধীনত নিৰ্মাণকাৰ্য চলা এই প্ৰকল্পটোৰ পদুমপুখুৰী, পুৰণি SP ভৱনৰ পৰা SBI লৈ থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ অংশটো আগন্তুক ব'হাগ বিহুৰ আগতে মুকলিৰ চিন্তা চৰ্চা কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

ইফালে SBI পৰা CJM কৰ্টলৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ অংশটো আগন্তুক জানুৱাৰীত মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷ ইপিনে পৌৰ নিগমৰ কাৰ্যালয়টোক চৰকাৰে সংৰক্ষণ কৰাৰ লক্ষ্য লৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মন কৰিবলগীয়া যে, উজান বজাৰৰ নতুন উপায়ুক্তৰ বাসভৱনৰ পৰা কাছাৰীঘাটলৈ ব্ৰহ্মপুত্ৰ পাৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে স্মাৰ্ট চিটি গুৱাহাটীয়ে । এই আঁচনিৰ অধীনত উজান বজাৰৰ সতী ৰাধিকা উদ্যান, উজান বজাৰ মাছৰ বজাৰ, উজান বজাৰ ঘাট আদি পুনৰ মেৰামতি কৰা হ'ব ।

উজান বজাৰৰ মাছৰ বজাৰত দুমহলীয়া বজাৰ গৃহৰ লগতে গাড়ী পাৰ্কিং আৰু শৌচালয় আৰু প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা থাকিব । আনহাতে উজান বজাৰ ঘাটত উৎসৱ পালন কৰিব পৰাকৈ বিশেষ ব্যৱস্থা কৰা হ'ব । লগতে উজান বজাৰৰ নতুন উপায়ুক্তৰ বাসভৱনৰ পৰা কাছাৰীঘাটলৈ সৰু সৰু ৪ টা ঘৰ থাকিব । য'ত প্ৰাথমিক চিকিৎসাৰ সুবিধা, খোৱাপানীৰ সুবিধা, শৌচালয়-প্ৰস্ৰাৱগাৰ থকাৰ লগতে চাহ কফিৰ বিপনীও থাকিব । ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খোজ কাঢ়িব পৰাকৈ সুকীয়া পথৰ ব্যৱস্থা থাকিব ৷

লগতে ব্ৰহ্মপুত্ৰৰ পাৰ বিভিন্ন আলোক সজ্জাৰে সজোৱা হ'ব । তদুপৰি ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ নামত কোনো গছ কটা নহ'ব আৰু পানী পৰিশোধন প্ৰকল্পও স্থাপন কৰা হ'ব বুলি স্মাৰ্ট চিটিৰ এক সূত্ৰই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Miya Museum controversy : মিঞা মিউজিয়ামক লৈ সৰব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.