ETV Bharat / state

Assam Flood : অসমৰ বান সমস্যাক লৈ নতুন সমীকৰণ মন্ত্ৰী যোগেন মহনৰ - Flood problem of Assam

বাৰিষা অহাৰ লগে লগে সষ্টম হৈছে অসম চৰকাৰ । আসন্ন বানপানীৰ বাবে সকলো জিলা উপায়ুক্তক সতৰ্ক কৰি দিয়া হৈছে । চীনে ব্ৰহ্মপুত্ৰত অতিৰিক্ত পানী এৰি দিয়াৰ বাবে প্ৰতিবছৰে অসম এনে পৰিস্থিতিৰ সন্মুখীন হৈ আছে । চীন চৰকাৰৰ সৈতে বিষয়টো আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অসম আহ্বান জনাইছে ।

Assam Flood
অসমৰ বান সমস্যাক লৈ নতুন সমীকৰণ মন্ত্ৰী যোগেন মহনৰ
author img

By

Published : Jun 15, 2023, 12:37 PM IST

নেশ্যনেল ডেস্ক,১৫ জুন : সাধাৰণ বৰষুণৰ পাছতে অসমৰ বিভিন্ন জিলা বানপানীৰ কৱলত পৰা দেখা গৈছে । অৱশ্যে চৰকাৰী পক্ষই দাবী কৰা মতে এই বানৰ কাৰণ চীন । চীনে নদীত অতিৰিক্ত পানী এৰি দিয়াৰ পাছতে উত্তৰ-পূবৰ ৰাজ্যখনত আকস্মিক বানৰ সৃষ্টি হয় । অসমৰ কেবিনেট মন্ত্ৰী যোগেন মহনে জনোৱা মতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চীনৰ সৈতে ব্ৰহ্মপুত্ৰৰ পানীৰ এই সমস্যা উত্থাপন কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে ।

অসমৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে কয় যে চীনে ব্ৰহ্মপুত্ৰত অতিৰিক্ত পানী এৰি দিয়াৰ বিষয়টো অসমৰ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰায়লক দৃষ্টিগোচৰ কৰিছে । মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (এনডিএমএ) সৈতেও বিষয়টো আলোচনা কৰিছে ।

ইটিভি ভাৰতৰ সন্মুখত যোগেন মহনে কয় যে প্ৰতি বছৰে অসমে বানপানীৰ সমস্যাৰ সন্মুখীন হয় । চীনে অতিৰিক্ত পানী ব্ৰহ্মপুত্ৰত এৰি দিয়াৰ পাছতে পৰিস্থিতি অধিক অৱনতি হয় বুলি তেওঁ দাবী কৰে । নদীৰ ওপৰ অংশত ধাৰাষাৰ বৰষুণৰ বাবে চুবুৰীয়া চীনে ব্ৰহ্মপুত্ৰ নদীত (তিব্বতৰ য়াৰলুং চাংপো নামেৰে জনাজাত) অতিৰিক্ত পানী এৰি দিয়ে ।

মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে এনে অতিৰিক্ত পানীৰ ফলত অৰুণাচল প্ৰদেশ আৰু উজনি অসমৰ জিলাসমূহত জটিল পৰিস্থিতিৰ সৃষ্টি হয় । কেন্দ্ৰীয় চৰকাৰে মাজে মাজে বেইজিঙৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ পানীৰ সমস্যা উত্থাপন কৰে । অসমত আসন্ন বান পৰিস্থিতিৰ পাছত ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যখনৰ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক এই বছৰ বানপানীৰ সম্ভাৱনা থকা জিলা হিচাপে চিনাক্ত কৰিছে ।

মন্ত্ৰীগৰাকীৰ মতে চৰকাৰৰ এক জৰীপত স্পষ্ট হৈছে যে ডিমা হাচাও আৰু কাৰ্বি আংলং হৈছে দুখন জিলা যিকেইখন এই বছৰ বানপানীৰ সময়ত গুৰুতৰভাৱে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে । সেয়েহে, উপায়ুক্তসকলক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে বুলি যোগেন মহনে উল্লেখ কৰে ।

তেওঁ কয় যে ৰাজ্যখনৰ সকলো উপায়ুক্তক আসন্ন বানপানীৰ পাছত উদ্ভৱ হ'ব পৰা পৰিস্থিতি সম্পৰ্কে সতৰ্ক কৰি দিয়া হৈছে । শেহতীয়াকৈ, অসমৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত সকলো উপাযুক্তৰ সৈতে এক বৈঠকত বানপানীৰ সম্ভাৱনা থকা সকলো সংবেদনশীল এলেকা চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছে ।

অসমৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জিলা কৰ্তৃপক্ষক সাহায্য শিবিৰ, বিশেষকৈ বিদ্যালয় আৰু এনে ধৰণৰ অন্যান্য ঠাইসমূহক সংক্ষিপ্ত তালিকাভুক্ত কৰিবলৈও কোৱা হৈছে য'ত বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলক স্থানান্তৰ কৰিব পাৰি । যোৱা বছৰ বানপানীৰ ফলত অসমত ৮৮ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছিল আনহাতে ১৮১ জন লোকৰ মৃত্যু হৈছিল । যোৱা বছৰ বানপানীয়ে ৰাজ্যখনৰ ৩৫ খন জিলাক প্ৰভাৱিত কৰিছিল ।

লগতে পঢ়ক :Flood in Lakhimpur : যিকোনো মূহুৰ্ততে ছিগিব পাৰে লখিমপুৰৰ ৰঙানদীৰ ৩৬২ কোটি টকীয়া মথাউৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.