ETV Bharat / state

Bihu Distortion in G20 Summit : বিশ্ব সমুদায়ৰ সন্মুখত বিহু নৃত্যৰ বিকৃতকৰণ, মৌন মুখ্যমন্ত্ৰী - বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ সন্মুখত বিকৃত ৰূপত উপস্থাপন কৰা হ’ল বিহু নৃত্যক ৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত বিহু নৃত্যৰ নামত এক আজব নৃত্য প্ৰদৰ্শন কৰা কাৰ্যক সহজে মানি ল’ব পৰা নাই প্ৰতিজন স্বাভিমানী অসমীয়াই ৷ কিন্তু এই প্ৰসংগটোকলৈ সংবাদ মাধ্যমত এইবোৰক লৈ হৈ চৈ নকৰিবলৈহে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

Assam CM reacts on Bihu Distortion in G20 Summit
G২০ সন্মিলনত বিহুক বিকৃত ৰূপ প্ৰদৰ্শন কৰাক লৈ মৌনতা অৱলম্বন কৰিছে মুখ্যমন্ত্ৰী
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 10:32 AM IST

G২০ সন্মিলনত বিহুক বিকৃত ৰূপ প্ৰদৰ্শন কৰাক লৈ মৌনতা অৱলম্বন কৰিছে মুখ্যমন্ত্ৰী

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : অসমৰ সংস্কৃতি বিহুক বিশ্ববাসীৰ মাজত উপস্থাপন কৰাৰ সময়তে পুনৰ বিতৰ্ক সৃষ্টি হৈছে ৷ কিয়নো G২০ সন্মিলনত বিকৃত ৰূপ প্ৰদৰ্শন কৰা হ’ল বিহুক ৷ কিন্তু বিভিন্ন বিষয়ত সততে সক্ৰিয় হৈ থকা তথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত অনুষ্ঠিত হৈ থকা G২০ সন্মিলনত বিহুক বিকৃত ৰূপ প্ৰদৰ্শন কৰাক লৈ মৌনতা অৱলম্বন কৰিছে । তাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোলৈ সংবাদ মাধ্যমত হুলস্থূল নকৰাৰ বাবে আহ্বান জনাইছে ।

উল্লেখ্য যে, G২০ সন্মিলনৰ বাবে শুক্ৰবাৰে দিল্লীত উপস্থিত হয় ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক ৷ নতুন দিল্লীৰ বিমান বন্দৰত বিহু নৃত্যৰে আদৰণি জনোৱা হৈছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক ৷ কিন্তু বিহু নৃত্য প্ৰদৰ্শৰ নামত অসমীয়াৰ বিহুক চৰম বিকৃত ৰূপত প্ৰদৰ্শন কৰাহে দেখিবলৈ পোৱা গ’ল । নতুন দিল্লীৰ বিমান বন্দৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ সম্মুখত বিকৃত ৰূপত বিহু নৃত্য প্ৰদৰ্শন কৰাক কেন্দ্ৰ কৰি সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।

মনকৰিবলগীয়া যে, বিভিন্ন বিষয়ত সততে সোচ্চাৰ হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুক্ৰবাৰে সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পিচত সাংবাদিকে এই বিষয়ত সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকা দেখা যায় । তেওঁ কয়, ‘‘কাইলৈ G২০ ৰ সন্মিলন আছে । আজি এই বিষয়ত মন্তব্য দিয়া উচিত নহয় ।‌ কিবা ভাল কৰিছে, বেয়া কৰিছে সেয়া G২০ সন্মিলনৰ পিচত বিকৃত বিহু নৃত্যক লৈ আলোচনা হ'ব’’ ।

তেওঁ ‌লগতে কয়, ‘‘মই মিডিয়াকো আহ্বান‌ কৰিম যাতে এই দুদিন এই বিষয়টো এৰি চলাৰ বাবে । কাৰণ G২০ সন্মিলনত দেশ-বিদেশৰ মানুহ আহিছে ।‌ এই দুটা দিন আমাৰ বাবে গৌৰৱৰ দিন’’ । এনেদৰে‌ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পৰ্শকাতৰ আৰু অসমীয়াৰ আৱেগৰ লগত জড়িত বিষয়টোৰ সন্দৰ্ভত কোনো মত নিদিয়াকৈ আঁতৰি থাকে ।

ইফালে বিহুৰ বিষয়ে সম্যক জ্ঞান নথকা একাংশ বেপাৰীৰ হাতত অসমীয়াৰ বাপতি সাহোনক বিশ্বৰ সন্মুখত অপমান কৰিবলৈ দিয়া হ’ল নেকি বুলিও একাংশই প্ৰশ্ন উত্থাপন কৰিছে । তাৎপর্যপূর্ণভাৱে ২০২২ ৰ আগষ্ট মাহত একে সুৰ-তালেৰে নতুন দিল্লীত পৰিৱেশন হৈছিল বিহুৰ নামত এই আজব নৃত্য ।

মালদ্বীপৰ ৰাষ্ট্ৰপ্ৰধানৰ সন্মুখত পৰিৱেশন হোৱা এই নৃত্যক লৈ অসমত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । বিহুৰ বিকৃতকৰণৰ সৈতে জড়িতসকলক শাস্তি বিহাৰো দাবী উঠিছিল । কিন্তু স্বাভিমানী অসমীয়াৰ কথা শুনিবলৈ যেন সময় নাই দিল্লীৱালাৰ । ৰহস্যজনক পৰিস্থিতিত এইবাৰো পুনৰ সমগ্ৰ বিশ্ববাসীৰ সন্মুখত বিকৃত ৰূপত উপস্থাপন কৰা হ’ল বিহু নৃত্য । এই দুষ্কাৰ্যৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে সচেতন মহলে ।

লগতে অসমৰ পৰা নিৰ্বাচিত হৈ যোৱা সাংসদসকল, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যভাৰ লৈ থকা সকলে এই বিষয়ত বাৰে বাৰে কিয় নীৰৱতা অৱলম্বন কৰে বুলিও একাংশ সমাজ সচেতন লোকে প্ৰশ্ন উত্থাপন কৰিছে । গীনিজ ৱৰ্ল্ড ৰেকৰ্ডেৰে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পিচত স্বয়ং দেশৰ ৰাজধানীত অসমীয়াৰ বাপতি সাহোনক বিকৃত ৰূপত উপস্থাপন কৰা কাৰ্যক কোনো কাৰণতে সহজভাৱে ল'ব নোৱাৰে বুলি স্বাভিমানী অসমীয়াৰ মাজত চৰ্চা হৈছে ।

লগতে পঢ়ক : Assam Cabinet recommends withdraw AFSPA : অসমৰ পৰা সম্পূৰ্ণভাৱে AFSPA আৰু Distrub area act আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব ৰাজ্য চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.