গুৱাহাটী, ২৬ আগষ্ট : অসমত চৰকাৰী খণ্ডৰ বহু শিক্ষানুষ্ঠান বন্ধ কৰিব বিচৰা চৰকাৰী সিদ্ধান্তক কেন্দ্ৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত চলি আছে টুইটাৰ যুদ্ধ (CMs Twitter War) । এই টুইট যুদ্ধৰ মাজতে শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Assam CM reaction regarding Delhi cm twitter) ।
তেওঁ কয় যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰিব নালাগে ৷ তেওঁ দিল্লীলৈ গৈয়ে থাকে । দিল্লীৰ মহল্লা ক্লিনিকবোৰ চাবলৈ একো নাই ৷ লগতে তেওঁ উল্লেখ কৰে যে দিল্লীত স্কুল হৈছে ১,২০০ আৰু অসমত হৈছে ৬০-৭০ হাজাৰ । দিল্লী নামতেহে এখন ৰাজ্য ৷ আচলতে এইখন এখন পৌৰ সভা । গতিকে পৌৰ সভাৰ ৰাজনীতিৰ লগত এখন ৰাজ্যৰ ৰাজনীতি নিমিলে ।
তথাপিও দিল্লীৰ মুখ্যমন্ত্ৰীয়ে বিচৰা বাবে তেওঁ দিল্লীৰ মহল্লা ক্লিনিক আৰু স্কুল চাবকৈ যাব বুলি সদৰী কৰে (Delhi and Assam CMs Twitter war)। লগতে তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীকো অসমলৈ অহাৰ বাবে কয় । তেওঁ কয় যে অহাত কোনো বাধা নাই । দিল্লীৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয় যে আমাৰ ইয়াত শিক্ষকেই আছে আঢ়ৈ লাখ আৰু তাত আছে ৬-৭ হাজাৰ ।
গতিকে এইটো অলাগতিয়াল তুলনা । তুলনা কৰিব লাগিলে পাঞ্জাৱ, ছত্তিশগড়, উত্তৰাঞ্চল, ঝাৰখণ্ড আদি ৰাজ্যৰ লগত কৰিব লাগিব । তেওঁ কয় যে, ১,২০০ স্কুল হোৱা হ’লে দৈনিক তেওঁ গ’লহেতেন আৰু ব্ৰেকফাষ্ট মাছেৰে হ’লহেতেন ৷ আনকি দুপৰীয়াৰ আহাৰ মাংসৰেও হ’লহেতেন ।
লগতে পঢ়ক : তুংগত উঠিছে কেজৰীৱাল আৰু হিমন্তবিশ্ব শৰ্মাৰ টুইটযুদ্ধ