গুৱাহাটী,১ নৱেম্বৰ : সদ্য প্ৰয়াত প্ৰথিতযশা চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বাসগৃহত মঙলবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । দুয়োগৰাকী প্ৰয়াত শিল্পীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই প্ৰথমে প্ৰথিতযশা চিত্ৰশিল্পী, 'অসম সৌৰভ' বঁটাপ্ৰাপক নীলপৱন বৰুৱাৰ গুৱাহাটীৰ বেলতলাৰ সৌৰভ নগৰস্থিত বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় (Assam CM visits Neel Pawan Baruahs house)।
লগতে শিল্পীগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে প্ৰথিতযশা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ কিছু সংখ্যক সৃষ্টিৰাজি তেজপুৰ বিশ্ববিদ্যালয়ে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে । বাকীখিনিও প্ৰয়াত নীলপৱন বৰুৱাৰ পৰিয়াল আৰু শুভাকাংক্ষীৰ আগ্ৰহত সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে । আনহাতে তেওঁলোকক অসম চৰকাৰে সহায় সহযোগিতা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
আনহাতে অসমীয়া চলচ্চিত্ৰ জগতৰ স্বনামধন্য অভিনেতা নিপন গোস্বামীৰ গুৱাহাটীৰ শিলপুখুৰীস্থিত বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী (Assam CM at Nipon Goswamis house)। প্ৰয়াত নিপন গোস্বামীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অভিনেতা নিপন গোস্বামীৰ দেহাৱসান অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি (Assam CM pays tribute to Nipun Goswami)। 'ককাদেউতা নাতি আৰু হাতী' নামৰ চলচ্চিত্ৰখনত অভিনয়ৰ জৰিয়তে যশস্বী অভিনেতাগৰাকীৰ সান্নিধ্য লাভ কৰিছিল বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উল্লেখ কৰে ।
ছবিখনৰ শ্বুটিঙৰ সময়ত নগাঁৱৰ কামপুৰত প্ৰায় এমাহ নিপন গোস্বামীৰ সৈতে একেলগে আছিল বুলিও পুৰণি স্মৃতি ৰোমন্থন কৰি তেওঁ উল্লেখ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে নিপন গোস্বামীৰ সৈতে তেওঁ শৈশৱৰ পৰাই মধুৰ সম্পৰ্ক আছিল ।
উল্লেখ্য যে ২৭ অক্টোবৰত অভিনেতা নিপন গোস্বামীৰ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত মৃত্যু হৈছিল । অভিনেতাগৰাকীৰ মৃত্যুৰ এদিনৰ পাছতে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যু হৈছিল ।
লগতে পঢ়ক :Akhil Gogoi health update: উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ স্থানান্তৰ বিধায়ক অখিল গগৈক