ETV Bharat / state

গৃহমন্ত্ৰীক সাক্ষাৎ কৰি বান পৰিস্থিতি অৱগত কৰিলে মুখ্য়মন্ত্ৰীয়ে - SDRF fund already realesed

মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্য়খনৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে অৱগত কৰে (CM Dr Himanta Biswa Sarma Meet home minister Amit Shah At Delhi)। মুখ্য়মন্ত্ৰী ড৹ শৰ্মাই বানত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে মৌখিকভাবে অৱগত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক ।

cm
Assam CM meet Amit Shah: গৃহমন্ত্ৰীক সাক্ষাৎ কৰি বান পৰিস্থিতি সম্পৰ্কে অৱগত মুখ্য়মন্ত্ৰীৰ
author img

By

Published : Jul 9, 2022, 10:46 AM IST

নিউজ ডেস্ক,৯জুলাই: অসমৰ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সন্ধিয়া দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্য়খনৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে অৱগত কৰে (CM Dr Himanta Biswa Sarma Meet home minister Amit Shah at Delhi)। মুখ্য়মন্ত্ৰী ড৹ শৰ্মাই বানত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে মৌখিকভাবে অৱগত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক । ইয়াৰ পাছতে মুখ্য়মন্ত্ৰীগৰাকীয়ে দিল্লীত সাংবাদিকৰ আগত কয় যে অসমৰ বানত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰক সকলো তথ্য় জমা দিয়া হ'ব ।

মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে এছ ডি আৰ এফৰ পুঁজি ইতিমধ্য়ে ব্য়য় কৰি থকা হৈছে । এই ধনখিনি ব্য়য় কৰাৰ পাছতেই কেন্দ্ৰই অসমৰ বাবে এন ডি আৰ এফৰ ধন মোকোলাই দিব (NDRF fund will release soon)। কেন্দ্ৰই ইতিমধ্য়ে এছ ডি আৰ এফৰ ৯০১ কোটি টকা মোকোলাই দিছে (SDRF fund already released)। কেন্দ্ৰই বান সাহায্য়ৰ বাবে আৰু ৩২৪ কোটি টকা মোকোলাই দিব বুলিও মুখ্য়মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আনহাতে, অহা আগষ্টৰ ভিতৰত বানত ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ ঘৰ-দুৱাৰ নিৰ্মাণৰ লগতে সকলো ক্ষতিপূৰণ দিয়া হ'ব বলিওঁ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে । ইপিনে, এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্য়ৰ সকলো মথাউৰিৰ নিৰ্মাণ অহা ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলিও তেওঁ কয় । মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নামনি অসম আৰু বৰাকত এইবাৰ বান বেছিকৈ হোৱা সন্দৰ্ভতো মন্তব্য় কৰে । তেওঁ কয় যে ভূটানত বৰষুণ বেছি হোৱা বাবে এইবাৰ নামনি অসম আৰু বৰাকত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । ইয়াৰ বাবে বৃহৎ নদীবান্ধ দায়ী নহয় । তদুপৰি মেঘালয় আৰু মণিপুৰত প্ৰবল বৃষ্টিপাত হোৱা বাবেই মধ্য় অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে বুলিও মুখ্য়মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । উল্লেখ্য য়ে মুখ্য়মন্ত্ৰী ড৹ শৰ্মাই আজি দিল্লীৰ পৰা পোনে পোনে আহি ডিব্ৰুগড়ত উপস্থিত হ'ব ৷

লগতে পঢ়ক:কেলেংকাৰীৰ বাতৰি প্ৰচাৰ কৰি ঠিকাদাৰৰ ৰোষত সংবাদ মাধ্যম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.