গুৱাহাটী, 22 মাৰ্চ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এগৰাকী ধৰ্মগুৰুৱে প্ৰদান কৰিছে হিন্দু হৃদয় সম্ৰাট সম্মান । ধৰ্মগুৰুগৰাকীৰ নাম বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী । বুধবাৰে বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে গুৱাহাটীত মুখ্যমন্ত্ৰীক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে । বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি তেওঁক এই সন্মানেৰে অভিহিত কৰি আশীৰ্বাদ প্ৰদান কৰে (Bageshwar Dham Sarkar meet Assam CM)।
মুখ্যমন্ত্ৰীয়ে বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ সৈতে বহু সময় ধৰি কথোপকথনত মিলিত হয় । মুখ্যমন্ত্ৰীয়ে বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক সাক্ষাতৰ সময়ৰ দুখনমান আলোকচিত্ৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । মন কৰিবলগীয়া যে, বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী এগৰাকী বিতৰ্কিত ধৰ্মগুৰু (Assam CM awarded the Hindu Hridoy samrat Award)।
উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ সময়ত হিন্দু শব্দ ব্যৱহাৰ কৰি সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে । এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইগৰাকী বিতৰ্কিত ধৰ্মগুৰুৱে হিন্দু হৃদয় সম্ৰাট সম্মান প্ৰদান কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।
কোন এই বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী ?
বাগেশ্বৰ ধামৰ গুৰুজী হিচাপে জনাজাত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ বিৰুদ্ধে অন্ধবিশ্বাস আৰু অলৌকিক প্ৰচাৰ কৰাৰ বিভিন্ন অভিযোগ আছে । ইয়াৰ উপৰিও, নাগপুৰত আৰক্ষী থানাত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈ আছে । সমিতিখনেও তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ।
যোৱা ৭ ৰ পৰা ৮ জানুৱাৰীত শাস্ত্ৰীয়ে নাগপুৰত এক ধৰ্ম আলোচনাৰ আয়োজন কৰিছিল । ধৰ্ম আলোচনাৰ জৰিয়তে ধীৰেন্দ্ৰ কৃষ্ণই অন্ধবিশ্বাস আৰু অলৌকিক কথা প্ৰচাৰ কৰিছিল বুলি অভিযোগ উঠিছিল । উল্লেখ্য যে, বাগেশ্বৰ ধাম বিশ্ববিখ্যাত খাজুৰাহো মধ্য প্ৰদেশৰ গঞ্জ জিলা ছত্ৰপুৰৰ গদা গাঁৱত অৱস্থিত । বাগেশ্বৰ ধামৰ গুৰুজী হিচাপে জনাজাত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে তেওঁৰ ওচৰলৈ যোৱা সকলো ভক্তৰ মনৰ কথা বুজি পায় বুলি তেওঁৰ ভক্তসকলৰ মাজত এক বিশ্বাস প্ৰচলিত ।
লগতে পঢ়ক : ATASU demand Tribalization : লোকসভা নিৰ্বাচন পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী আটাছুৰ
উল্লেখ্য যে, পণ্ডিত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ সামাজিক মাধ্যমত আছে বিশেষ জনপ্ৰিয়তা । তেওঁৰ এটা ইউটিউব চেনেলও আছে । বাগেশ্বৰ ধাম সৰকাৰ নামত থকা ইউটিউব চেনেলটোৰ আছে 3.5 নিযুত অনুসৰণকাৰী ।