গুৱাহাটী, ২১ জানুৱাৰীঃ অৰ্ণমাই বৰা হত্যাকাণ্ডৰ প্ৰসংগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কথাক বাদ দিবলৈ ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)। অৰ্ণমাই বৰাৰ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধানে কৰা মন্তব্যক একপ্ৰকাৰে নসাৎ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে ৰাজ্য জোঁকাৰি যোৱা শিক্ষয়িত্ৰী অর্ণমাই বৰা হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ দিয়া ৰায়ক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে । নিম্ন আদালতে ফাঁচীৰ নিৰ্দেশ দিয়া এজন অপৰাধীৰ শাস্তি লাঘৱ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনি বছৰৰ কাৰাদণ্ড দিয়ে ৷ যাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আৰক্ষী সঞ্চালক প্ৰধানে আৰক্ষীৰ ভুলৰ কথা স্বীকাৰ কৰিছিল । অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে সঠিক ধাৰা প্ৰয়োগ নকৰাৰ বাবে অপৰাধী সাৰি যোৱা বুলি স্বীকাৰ কৰিছিল আৰক্ষী সঞ্চালক প্ৰধানে (DGP Bhaskar Jyoti Mahanta)।
আৰক্ষী সঞ্চালক প্ৰধানৰ এনে ভাষ্যৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে কিন্তু অসম আৰক্ষীৰ কোনো ভুল দেখা নাপালে । শনিবাৰে জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত অৰ্ণমাই বৰা হত্যাকাণ্ডৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে অৰ্ণমাই বৰাৰ লগত আৰক্ষীৰ কি সম্পৰ্ক ? ইয়াৰ তদন্তৰ গাফিলতিৰ কথা নাই বুলি সদৰী কৰি তেওঁ কয় যে এইটো ন্যায়ালয়ৰ ৰায় (Court judgement on Arnamai Bora case)।
আৰক্ষীয়ে তদন্ত কৰি অপৰাধীক ফাঁচীলৈ লৈ গৈছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে আৰক্ষীয়ে গাফিলতি কৰা হ'লে ফাঁচীৰ নিৰ্দেশটো কেনেকৈ হৈছিল বুলি প্ৰশ্ন কৰে । মুখ্যমন্ত্ৰীয়ে একপ্ৰকাৰে আৰক্ষীক ক্লিনশ্বীট দিয়ে । অৱশ্যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অৰ্ণমাই বৰাৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়লৈ যোৱাৰ কথাও সদৰী কৰে । উল্লেখ্য যে ৰাজ্য জোঁকাৰি যোৱা শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তথ্য দিয়াত আৰক্ষী চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰাৰ বাবে শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত অৱশেষত মুকলি আকাশলৈ ওলাই অহাৰ সুযোগ লাভ কৰিলে বুলি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছে ।
আৰক্ষীয়ে কোনোধৰণৰ তথ্য দিব নোৱাৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকৰ শাস্তি লাঘৱ কৰি তিনিবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে । সেইমতে যোৱা ২০১৮ চনৰ পৰা শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত জে’লত থকা মইনুল হক তিনিবছৰ কাৰাবাস সম্পূৰ্ণ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হয় ৷
আনহাতে মইনুল হকৰ সহযোগী চেলিম উদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে বাহাল ৰাখে । এই ৰায়ক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আৰক্ষী সঞ্চালক প্ৰধানৰ বক্তব্যক নস্যাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে । আৰক্ষী সঞ্চালক প্ৰধানৰ বিপৰীতে অৱস্থান কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma deny DGP)।
লগতে পঢ়ক: Pathaan Controversy : হিমন্ত বিশ্ব শৰ্মাই চিনি নাপায় বলীউড বাদশ্বাহক