ETV Bharat / state

Magh bihu in Assam : আজি ৰাজ্যজুৰি ভোগৰ ভোগালী উদযাপন - Bhogali bihu of assam

আজি মাঘ বিহু ৷ সকলোৱে একলগ হৈ ভেলাঘৰ জ্বলোৱাৰ পাছত আজি পৰস্পৰে পৰস্পৰৰ ঘৰলৈ গৈ জলপান গ্ৰহণ কৰিব (Bhogali bihu of assam)৷

Magh bihu 2023
আজি মাঘ বিহু
author img

By

Published : Jan 15, 2023, 9:14 AM IST

নিউজ ডেস্ক, 15 জানুৱাৰী : অসমৰ জাতীয় উৎসৱসমূহৰ ভিতৰত অন্যতম হ’ল মাঘ বিহু (Magh bihu in Assam) । পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় অসমীয়াৰ হেঁপাহৰ এই মাঘৰ বিহু । এই সময়ত মকৰ ৰাশিত অৱস্থান কৰে সেয়ে ইয়াক উত্তৰায়ণ সংক্রান্তি বুলি কোৱা হয় আৰু ইয়াক মাঘী সংক্রান্তি বুলি কোৱা হয় ।

পুহ মাহৰ হাড় কাপোৱা জাৰে অসমীয়া ৰাইজৰ আগত হাৰ মানে । চেঙেলীয়া ল’ৰাহঁতে পথাৰৰ শুকান নৰাবোৰ গোটাই মেজিঘৰ বা ভেলাঘৰ সাজি উলিয়াই ৷ হাবি বা জংঘলৰ পৰা কাঠৰ টুকুৰা সংগ্ৰহ কৰি কোনো কোনো ঠাইত গছৰ ডাল-পাতেৰে মেজি তৈয়াৰ কৰা হয় । উদ্দেশ্য-শীতৰ প্ৰকোপৰ পৰা হাত সাৰিবৰ বাবে অগ্নি দেৱতাক পূজা কৰা ৷

আৰ্যসকলেহে প্রথম পুহ-মাঘৰ সংক্ৰান্তিৰ আগদিনা অগ্নি উৎসৱ পালন কৰিছিল । শাস্ত্রীয় মতানুসৰি অগ্নিক ‘জাতবেদ’ বোলা হয় । মেজি জ্বলোৱাৰ সময়ত অগ্নিপুৰাণত উল্লেখিত মন্ত্ৰটো হৈছে -

অগ্নি প্রজ্জ্বলিতং বন্দে চতুবৰ্ণ হৰ্ণ তাশনম,

সুবৰ্ণ বৰ্ণ ৰ্ণমমৰ্ণ লং জ্যোতি ৰূপায়তে নমঃ।

চেঙেলীয়া ল’ৰাহঁতে মেজি/ভেলাঘৰ সজোৱাত ব্যস্ত থকাৰ লগতে জীয়াৰী-বোৱাৰীসকলেও হাড় কঁপোৱা জাৰক নেওচি দিনে-নিশাই প্ৰস্তত কৰে পিঠা-পনা ৷ ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উচাহ ৷ পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা অসমীয়াই পালন কৰে উৰুকা ৷ পৰম্পৰা অনুসৰি ৰাজ্যবাসীয়ে পালন কৰি আহিছে মাঘ বিহু ৷ নিশা হাঁহ-কুকুৰা-মাছৰ লগতে বিভিন্ন ব্যঞ্জনেৰে সম্প্ৰীতিৰে ভেলাঘৰত হেঁপাহৰ এসাজ খাই পৰম্পৰাগত ভাৱে উৰুকাৰ পাচদিনা মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰি আহিছে অসমবাসীয়ে ৷

অসমীয়া ৰাইজে মাঘ বিহুৰ দিনা কাহিলীপুৱাতেই অৰ্থাৎ পোহৰ নৌহওঁতেই মেজিত অগ্নিসংযাগ কৰে ৷ এই পৰম্পৰা সম্প্ৰতি ৰাজ্যত কম-বেছি পৰিমাণে আজিও বিদ্যমান ৷ সমূহীয়াকৈ মেজি, ভেলাঘৰত অগ্মিসংযাগ কৰাৰ পাছতেই সকলোৱে গ্ৰহণ কৰে জলপান ৷ মেজি জ্বলোৱাৰ পাছতে ইজনে-সিজনৰ ঘৰলৈ যায় ৷ বিহু অহাৰ পূৰ্বৰে পৰা প্ৰস্তত কৰা পিঠা-পনা, সান্দহ গুড়ি, মাহ কড়াইৰে সকলোৱে লগে ভাগে জলপান খায় ৷ সমগ্ৰ মাহজুৰি অব্যাহত থাকে এই পৰম্পৰা (Bhogali bihu of assam) ৷

পষেকজোৰা ঢেঁকী, উৰাঁলৰ গুমগুমনিত সোচ্চাৰ হৈ পৰে ৰাজ্যৰ আকাশ-বতাহ ৷ বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত পূৰ্বৰ সেই চিনাকি পৰিৱেশটো বহু পৰিমাণে লোপ পোৱা পৰিলক্ষিত হৈছে যদিও এতিয়াও একেবাৰে নাইকিয়া হৈ পৰা নাই ৷ অসমীয়া ৰাইজে তেতেলাপতীয়া চিৰা, বৰা ধানৰ সান্দহ, নিয়ৰ কদম, ৰঙা বৰাৰ আখৈ, ভজা চাউল, কোমল চাউল, ভাপত দিয়া পিঠা, খোলাচপৰীয়া বা তিলভুৰুকীয়া পিঠা, ফেনী পিঠা, তিলৰ লাড়ু, বৰাৰ পিঠা, নাৰিকলৰ লাডুৰে মাঘৰ বিহুৰ সময়ছোৱাত আলহী-অতিথিক আপ্যায়ন কৰে (Magh bihu 2023)৷

উৰুকাৰ পাছৰ দিনটো সমগ্ৰ ৰাজ্যতে পালন কৰা হয় মাঘ বিহু হিচাপে (Magh bihu celebration in Assam) ৷ সমূহীয়াকৈ উৰুকা ৰাতি ভোজ ভাত খাই মেজি ৰখি পুৱা মেজিত অগ্নিসংযোগ কৰি, অগ্নিলৈ তামোল-পান, নাৰিকল, ঘি, তিল অৰ্পণ কৰি নাম প্ৰসংগ সেৱাৰে ৰাইজৰ মংগল কামনা কৰা হয় ৷

মাঘ বিহুত মাহ কৰাই খোৱাটোও এক পৰম্পৰা । গাঁৱৰ কণ কণ ল’ৰা-ছোৱালীহঁতে নতুন মেজিৰ জুইলৈ মাহ কৰাই অৰ্পণ কৰাৰ পাছতহে ৰাইজে মাহ কৰাই খায় । ৰাইজে মাহ কৰাই খাই আনন্দতে গীত জুৰে - "মাহ কৰাই খাওঁ বাটে বাটে যাওঁ, আমাৰ লগত যি যায় তাকো এগাল দিওঁ।" মাটি মাহ আৰু চাউল একেলগে ভাজি মাহ কৰাই প্ৰস্তুত কৰা হয় । বহুতে মাহ কৰাই সুস্বাদু কৰিবলৈ সৰু সৰুকৈ আদা আৰু নাৰিকল কাটি দিয়া দেখিবলৈ পোৱা যায় ৷

সময় বাগৰাৰ লগে-লগে অসমীয়াৰ হেপাঁহৰ মাঘ বিহুটিয়ে নিজস্বতা হেৰুওৱা পৰিলক্ষিত হৈছে ৷ জনপ্ৰিয়তা, প্ৰতিযোগিতাৰ দৌৰত নামি পৰম্পৰাগত মেজি, ভেলাঘৰ আৰ্হিয়ে বিভিন্ন ৰূপ পৰিগ্ৰহ কৰা দেখিবলৈ পোৱা গৈছে ৷ আধুনিকতাৰ পৰশত তথা পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণৰ ফলত আমাৰ সাংস্কৃতিক জীৱন ক্ৰমাৎ বেপেৰোৱা-মূল্যবোধহীন হৈ পৰা পৰিলক্ষিত হৈছে ৷

বিজতৰীয়া সংস্কৃতিৰ আগ্ৰাসনে ছিন্নমূল কৰি পেলাইছে এটা প্ৰজন্মক ৷ এই পৰিৱেশে চিন্তিত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ৷

লগতে পঢ়ক : CBSE Board Exams 2023: নতুন আৰ্হিত হ’ব CBSEৰ প্ৰশ্নকাকত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.