ETV Bharat / state

গোৰ্খা সম্প্ৰদায়ৰ বিৰুদ্ধে নচলিব বিদেশী সংক্ৰান্তীয় গোচৰ : মুখ্যমন্ত্ৰীৰ ঘোষণা

author img

By

Published : Aug 4, 2021, 10:47 PM IST

বুধবাৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সিদ্ধান্ত অনুসৰি গোৰ্খা সম্প্ৰদায়ৰ কোনো লোকৰ বিৰুদ্ধে নচলিব বিদেশী সংক্ৰান্তীয় গোচৰ ।

Assam cabinet took a decision
গোৰ্খা সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে নচলিব বিদেশী সংক্ৰান্তীয় গোচৰ

গুৱাহাটী, ৪ আগষ্ট : এতিয়াৰে পৰা অসমত বসবাস কৰি অহা গোৰ্খা সম্প্ৰদায়ৰ কোনো লোকৰ বিৰুদ্ধে নচলিব বিদেশী সংক্ৰান্তীয় গোচৰ । বুধবাৰে সন্ধিয়া কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তৰ কথা সংবাদমাধ্যমৰ আগত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বুধবাৰে বিয়লি অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এতিয়াৰে পৰা অসমত বসবাস কৰা কোনো গোৰ্খা সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে বিদেশী বুলি গোচৰ ৰুজু কৰা নহয় । কেৱল সিমানেই নহয়, "ডি" ভোটাৰৰ নামত বিদেশী ন্যায়াধীকৰণ সমূহত গোৰ্খা সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে যিমান গোচৰ চলি আছে সেই সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈকো চৰকাৰে সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক: এইবাৰ অৰুণাচলীৰ আগ্ৰাসনৰ কৱলত চৰাইপুং

মন কৰিবলগীয়া যে, বুধবাৰে কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদমাধ্যমৰ আগত ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে তিনি মন্ত্ৰী ক্ৰমে ডাঃ ৰণোজ পেগু, পীযুষ হাজৰিকা আৰু অশোক সিংঘালক দায়িত্ব দিয়ে ৷ কিন্তু গোৰ্খা সম্প্ৰদায় সন্দৰ্ভত কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিষয়ে কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে । এই বিষয়টোক বাদ দি কেবিনেটৰ আন কেতবোৰ সিদ্ধান্তৰ বিষয়েহে সংশ্লিষ্ট মন্ত্ৰী তিনি গৰাকীয়ে সংবাদমাধ্যমক অৱগত কৰে ।

লগতে পঢ়ক: ডিব্ৰুগড়ৰ পৰা প্ৰতিদিনে দেশৰ ভিন্ন স্থানলৈ ৰপ্তানি হ’ব অসমৰ থলুৱা খাদ্য সম্ভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.