ETV Bharat / state

ছেবা আৰু শিক্ষা সংসদৰ একত্রিকৰণ : কেবিনেটৰ অনুমোদন - Rash Committee govt financial grant

একত্ৰিত হ'ল অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ । তিনি বছৰ পুৰনি অসমৰ ৰাস সমিতিসমূহক আৰ্থিক অনুদান হিচাপে ২৫ হাজাৰকৈ টকা আগবঢ়োৱাৰ সিদ্ধান্ত ৷ ৩৫৭৬ গৰাকী ভূমিহীন খিলঞ্জীয়া লোকক ভূমিৰ পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত কেবিনেটৰ অনুমোদন ৷

Financial Grant to raas committee
অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 9:09 PM IST

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

গুৱাহাটী, ১৬ নৱেম্বৰ : ইতিহাস হ'ল অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ । একত্ৰিত কৰা হ'ল অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক ।

এতিয়াৰে পৰা অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰি অসম ৰাজ্যিক স্কুলীয়া শিক্ষা বোৰ্ড (Assam State School Education Board) হিচাবে নামাকৰণ কৰা হৈছে । ৰাজ্যিক কেবিনেটে এইক্ষেত্ৰত অনুমোদন জনায় ৷

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিমল বড়াই ।

আজিৰ কেবিনেটতে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিকৰণৰ ক্ষেত্ৰত অনুমোদন জনায় । আনহাতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি এইবছৰৰ বাজেট অধিৱেশন ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব । ইয়াৰোপৰি মিছিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত অসমৰ মিছিং জনবসতিপূৰ্ণ ১০ খন জিলাত আলি-আয়ে-লৃগাঙৰ ক্ষেত্ৰত চৰকাৰী বন্ধৰ দিন হিচাবে ঘোষণা কৰা হৈছে । আজিৰ কেবিনেটে এইক্ষেত্ৰত অনুমোদন জনায় ।

ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আৰু মাজুলীত আলি আই লৃগাঙৰ চৰকাৰী বন্ধ থাকিব । কেবিনেটৰ সিদ্ধান্ত অনুসৰি অন্নসেৱা সপ্তাহৰ দিন সলনি কৰা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল বিতৰণ ১ তাৰিখৰ পৰা ১০ তাৰিখলৈ কৰা হৈছে ।

আনহাতে কেবিনেটে খাচী-জয়ন্তীয়া উন্নয়ন পৰিষদ গঠনৰ বাবে অনুমোদন জনায় । সেইদৰে অনুসূচীত জনজাতিৰ তালিকাভুক্ত বেইটে তথা বাইটে জনগোষ্ঠীক পৃথক জনগোষ্ঠীৰ স্বীকৃতি প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰণালয়লৈ প্ৰস্তাৱ প্ৰেৰণৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ইলেক্ট্ৰিক বাহনৰ চলাচলত গুৰুত্ব প্ৰদান কৰি পঞ্জীয়ন মাচুল দুই শতাংশ কমাই দিয়াৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয় ৷ আজিৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি পৌৰসভা আৰু পৌৰ নিকায়ত চৰকাৰী মনোনীত কমিছনাৰ সকলেও এতিয়াৰে পৰা বাকী নিৰ্বাচিত ৱাৰ্ড কমিচনাৰসকলৰ দৰে সকলো সা-সুবিধা লাভ কৰিব ।

আনহাতে বসুন্ধৰা-২.Oৰ অধীনত ৯ খন জিলাৰ ৩৫৭৬ গৰাকী ভূমিহীন খিলঞ্জীয়া লোকক ভূমিৰ পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনায় । সেইদৰে আজিৰ কেবিনেটে বিদ্যালয় শিক্ষা বিভাগৰ অধীনত কেতবোৰ বিষয়ত সংশোধনী ঘটায় ।

কেবিনেটে তিনি বছৰ পুৰনি অসমৰ ৰাসসমূহক আৰ্থিক অনুদান হিচাপে ২৫ হাজাৰকৈ টকা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : বিগত দুবছৰত অসমত 8,756 জন প্ৰাক্তন উগ্ৰপন্থীক পুনঃসংস্থাপনৰ দাবী মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.