গুৱাহাটী, ১৮ জানুৱাৰীঃ বহু জল্পনা কল্পনাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱশেষত শণিবাৰে পুৰণ কৰিলে তেওঁৰ মন্ত্ৰীসভাত খালি হৈ থকা দুখন আসন । শণিবাৰে পুৱা সোণোৱাল মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় দুখন নতুন মুখ । ৰাজভৱনৰ দৰবাৰ হলত শণিবাৰে পুৱা স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে শপতবাক্য পাঠ কৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে । ৰাজ্যপাল জগদীশ মুখীয়ে দুয়োকে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায় ।
শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ বহুকেইগৰাকী সাংসদ , বিধায়ক , মন্ত্ৰী উপস্থিত থাকে । শপত গ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত দুয়োগৰাকী নৱনিযুক্ত মন্ত্ৰীয়ে কয় যে তেওলোকক মুখ্যমন্ত্ৰীয়ে যি বিভাগৰে দায়িত্ব অৰ্পণ কৰিব তাকে নিষ্ঠা সহকাৰে পালন কৰিব ।