গুৱাহাটী, ৮ জুলাই : অসমৰ সমাজ জীৱনত বোপা ককাৰ দিনৰে পৰা শুনি অহা "গাঁওবুঢ়া" শব্দটো আৰু শুনা নাযাব । সৌ তাহানিৰে পৰা চলি অহা "গাঁওবুঢ়া" ৰ ঠাই ল’বলৈ ওলাইছে "গাওঁপ্ৰধান" এ । কিয়নো অসম চৰকাৰৰ কেবিনেটে "গাওঁবুঢ়া" পদবীটোৰ নতুন নাম নিৰ্ধাৰণ কৰিছে "গাঁওপ্ৰধান" । বৃহস্পতিবাৰে দিছপুৰত এখন সংবাদমেলত ভাগ লৈ চৰকাৰৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।
বুধবাৰে অৰ্থাৎ কালি অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ কয় । গাঁওপ্ৰধান পদবীটোৰ বাবে বয়সৰ সীমা হ’ব নিম্নতম ৩০ বছৰৰ পৰা ৬৫ বছৰলৈকে । কালিৰ কেবিনেটৰ আন কেইবাটাও সিদ্ধান্তৰ বিষয়ে আজি অৱগত কৰি তেওঁ আৰু কয় যে, এতিয়াৰে পৰা ধুমুহা, বান সমস্যা আদি প্ৰাকৃতিক দুৰ্যোগৰ বাবে চৰকাৰী ভূমিত আশ্ৰয় লৈ থকা লোকেও চৰকাৰী সাহায্য লাভ কৰিব । ঠিক তেনেদৰে ছিপাঝাৰৰ ঢলপুৰত ইতিমধ্যে বেদখলমুক্ত কৰা শিৱ মন্দিৰটো পৰ্যটন কেন্দ্ৰ ৰূপে গঢ়ি তুলিব চৰকাৰে । ইয়াৰ বাবে মন্দিৰ কমিটিক চৰকাৰে দিব ১৮০ বিঘা মাটি ।
আনহাতে, এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰত অনলাইন যোগেও নাম পঞ্জীয়ন কৰিব পৰা যাব । কেবিনেটৰ আন এক সিদ্ধান্ত হৈছে এতিয়াৰে চৰকাৰৰ পেঞ্চন বিভাগটো প্ৰশাসনীয় সংস্কাৰ বিভাগৰ অধীনস্থ হ’ব । ঠিক একেদৰে জলসিঞ্চন বিভাগৰ অন্তৰ্গত মেকানিকেল, ইলেক্ট্ৰিকেল আৰু চিভিল এই তিনিওটা বিভাগকে একত্ৰিত কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে । ইপিনে, বিধানসভাৰ আসন্ন বাজেট অধিবেশনত উত্থাপন হ’বলগীয়া গো-সুৰক্ষা বিধেয়কত কালিৰ কেবিনেটে অনুমোদন জনাইছে বুলিও মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ।
লগতে পঢ়কঃ মোডী কেবিনেট 2.0: সাতগৰাকী মহিলাৰ অন্তৰ্ভুক্তি