ETV Bharat / state

অসম গ্ৰন্থমেলা : বিপণিৰ ভাড়াই সৰিয়হ ফুল দেখুৱাইছে বিক্ৰেতাক

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 7:21 PM IST

অসম গ্ৰন্থমেলাৰ বিপণি ল’বলৈ গৈ বিপদত পৰিছে গ্ৰন্থ প্ৰকাশক-বিক্ৰেতা ৷ বিপণিৰ ভাড়াৰ পৰিমাণ শুনি মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷ বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Book Fair stall rent guwahati
অসম গ্ৰন্থমেলা ভাড়া বৃদ্ধি

গুৱাহাটী, ৫ ডিচেম্বৰ : মাচুল বৃদ্ধি, কৰৰ ভৰৰ পৰা মুক্ত নহ’ল গ্ৰন্থমেলাও ৷ 29 ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলাৰ প্ৰাকক্ষণতো মাচুল বৃদ্ধিৰ প্ৰসংগক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

উল্লেখ্য যে, ২৯ ডিচেম্বৰৰ পৰা চান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ১২ দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা ৷ উক্ত গ্ৰন্থমেলাৰ বিপণি আৱন্টনৰ প্ৰ-পত্ৰ প্ৰকাশ পোৱাৰ পাচতে প্ৰকাশক আৰু বিক্ৰেতাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পূৰ্বৰ তুলনাত গ্ৰন্থমেলাত গ্ৰন্থ বিপণিৰ ভাড়া বৃদ্ধি পাইছে ৷ বিগত বৰ্ষত অসম গ্ৰন্থমেলাৰ সাধাৰণ বিপণিৰ ভাড়া আছিল ১৫,০০০ টকা ৷ এইবাৰ সেই বিপণিখনৰ ভাড়া ২০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে ৷

আনহাতে কিতাপৰ ৰেক, এখন চকী আৰু এখন টেবুলত দিয়া বিপণিবোৰেও ৫,০০০ টকা দিব লাগিব প্ৰকাশন পৰিষদ আৰু পুথি বিক্ৰেতা সন্থাক ৷ ইয়াৰোপৰি ৰূমটোৰ বাবে যদি লোহাৰ বেৰা বিচৰা হয় তেনেহ'লে অতিৰিক্তভাৱে ১০০০ টকা দিব লাগিব । তদুপৰি এক্সিকিউটিফ ষ্টলৰ বাবদ ৬৫ হাজাৰ ভাড়া দিব লাগিব । ইয়াকে লৈ প্ৰকাশক, বিক্ৰেতাসকল অসন্তুষ্ট হৈ পৰা দেখা গৈছে ৷ সামাজিক মাধ্যমতো বিষয়টোৱে স্থান পাইছে, য’ত ভিন্নজনে অসন্তুষ্টি প্ৰকাশ কৰিছে ।

মন কৰিবলগীয়া যে, পূৰ্বতে অসম গ্ৰন্থমেলাৰ কৰ্তৃপক্ষই চকী, টেবুল, ৰেক, প্ৰৱেশদ্বাৰৰ বাবদ অতিৰিক্ত ধন লোৱা নাছিল ৷ কিন্তু এইবেলি সকলো ক্ষেত্ৰতে ধন আহৰণৰ বাবে সাজু হৈছে কৰ্তৃপক্ষ ৷ সৰু সৰু বিপণিসমূহৰ ক্ষেত্ৰত প্ৰকাশক আৰু বিতৰকৰ বাবে ই এক ভাবিব নোৱৰা কথা হৈ পৰিছে ।

গ্ৰন্থমেলাৰ আয়োজকে সৰু বিপণিসমূহৰ বাবে চিন্তা নকৰি কেৱল অভিজাত প্ৰকাশনৰ বাবে এই গ্ৰন্থমেলা আয়োজন কৰিছে বুলিও বহুতে মন্তব্য কৰিছে ৷ একাংশৰ মন্তব্য অনুসৰি গ্ৰন্থমেলাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিপৰীতে গৈ আয়োজকে অসম গ্ৰন্থমেলাক অভিজাতকেন্দ্ৰিক কৰিছে, য'ত নিম্ন আয়ৰ গ্ৰন্থ প্ৰকাশক আৰু বিতৰকৰ স্থান নাই ৷ এই কাৰ্যক নিন্দা কৰি সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে বহুজনে ৷

আনহাতে কেবাগৰাকীও বিক্ৰেতাই কয় যে বিপণিৰ ভাড়া বৃদ্ধি কৰাৰ বাবে তেওঁলোক চিন্তাত পৰিছে ৷ পূৰ্বতে ৪ খন বিপণি লোৱাসকলে এইবাৰ মাত্ৰ দুখন বিপণি ল'বলৈ বাধ্য হোৱা বুলি মন্তব্য কৰিছে ।

ইপালে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সোমবাৰে সংবাদমেলত কয় যে একোজন প্ৰকাশক অথবা বিক্ৰেতাই বেছিকৈ বিপণি ৰাখি থয় । ফলত আনসকলে বিপণি নাপায় বাবে বিপণিৰ ভাড়া বৃদ্ধি কৰা হৈছে ৷

লগতে পঢ়ক : নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা NCRB প্ৰতিবেদন প্ৰকাশ কৰাক লৈ কংগ্ৰেছৰ‌ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.