ETV Bharat / state

Assam Book Fair in Guwahati : প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে ইতিহাস ৰচিলে অসম গ্ৰন্থ মেলাই - চানমাৰি অভিযান্ত্ৰিক খেলপথাৰ

12 দিনৰ অন্তত সামৰণি পৰিল অসম গ্ৰন্থমেলা (Concludes of Assam Book Fair 2021) ৷ ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে ইতিহাস ৰচিলে অসম গ্ৰন্থমেলাই ৷

Assam Book Fair
সামৰণি পৰিল অসম গ্ৰন্থমেলা
author img

By

Published : Jan 9, 2022, 10:05 PM IST

Updated : Jan 9, 2022, 10:48 PM IST

গুৱাহাটী, 9 জানুৱাৰী : সামৰণি পৰিল অসম গ্ৰন্থমেলাৰ । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা (Assam book fair 2021) । এই ১২ টা দিনত লেখক, সাহিত্যিক, কবি, প্ৰকাশক, ৰাজনৈতিক নেতাৰ পৰা সৰ্বসাধাৰণ ৰাইজেৰে উদুলি-মুদুলি হৈ আছিল অসম গ্ৰন্থমেলাৰ বাকৰি

Assam Book Fair
সামৰণি পৰিল অসম গ্ৰন্থমেলা

গ্ৰন্থমেলাত ন-পুৰণি লেখকৰ প্ৰায় ২০০ খনকৈ গ্ৰন্থ উন্মোচন হৈছে । ১২ দিনীয়া গ্ৰন্থমেলাত গ্ৰন্থৰ বিক্ৰীয়ে অন্তিমটো দিনত ৫ কোটিৰ ঘৰ স্পৰ্শ কৰাৰ আশা প্ৰকাশ উদ্যোক্তা সকলে । এই বিষয় সম্পৰ্কে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সংবাদ মাধ্যমক কয় যে, ক’ভিডৰ মাজতে অনুষ্ঠিত হোৱা গ্ৰন্থ মেলাত গ্ৰন্থ প্ৰেমীৰ ব্যাপক সঁহাৰি দেখা পোৱা গৈছে (Assam Book Fair 2021 made history by selling books) ।

দৈনিক গড়ে ২৫ হাজাৰ লোকৰ সমাগম হৈছে গ্ৰন্থমেলাত । এইবাৰৰ গ্ৰন্থ মেলাত সৰ্বাধিক বিক্ৰী হৈছে সাহিত্য অকাডেমী, প্ৰকাশন পৰিষদৰ বঁটা প্ৰাপক গ্ৰন্থবোৰ । তদুপৰি শিশু সাহিত্যৰ গ্ৰন্থয়ো বিপুল সঁহাৰি লাভ কৰিছে । বাংলাদেশ, দিল্লী, কলকতাকে ধৰি কেইবাটাও প্ৰকাশক পৰিষদৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছিল গ্ৰন্থমেলাখনত ।

ইতিহাস ৰচিলে অসম গ্ৰন্থ মেলাই

লগতে পঢ়ক : Assam Book Fair at Guwahati : শিশুৰ বাবে উপযোগী গ্ৰন্থৰ বিক্ৰীৰ হাৰ বৃদ্ধি

তেওঁ লগতে কয় যে, ১৪০ খন বিপনীৰে ১০০ খনৰ বিক্ৰী সফলদায়ক হৈছে । একোখন গ্ৰন্থ বিপনীয়ে ১২ টা দিনত ৩০ লাখ টকা পৰ্যন্ত বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৷ প্ৰকাশক সকলে পাঠকৰ বিপুল সঁহাৰি পোৱাৰ লগতে গ্ৰন্থমেলাত সঁহাৰি লাভ কৰিলে বাংলাদেশৰ গ্ৰন্থই । বাংলা সাহিত্যৰ গ্ৰন্থৰ প্ৰতি গ্ৰন্থপ্ৰেমীৰ সঁহাৰি । ড৹ ভূপেন হাজৰিকা আৰু গীতালী বৰাৰ বাংলা অনুবাদ গ্ৰন্থই বাংলাদেশতো লাভ কৰিছে সমাদৰ লাভ কৰিছে । গ্ৰন্থ মেলাত কেৱল গ্ৰন্থ বিক্ৰী কৰা নহয়, গ্ৰন্থৰ মাজেদি দুই দেশৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাটোহে মূল লক্ষ্য বুলি মন্তব্য কৰে বাংলাদেশৰ পৰা অহা গ্ৰন্থ বিক্ৰেতাই ।

লগতে পঢ়ক : Assam Book Fair in Guwahati : কবি সন্মিলনেৰে জীপাল হৈ পৰিল গ্ৰন্থমেলাৰ এটি সন্ধ্যা

Last Updated : Jan 9, 2022, 10:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.