ETV Bharat / state

BJP alliance seat share in Assam: লোকসভা নিৰ্বাচনত কিদৰে হ’ব বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বাটোৱাৰা ?

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 7:50 PM IST

2024 ক লৈ অসমত বিজেপিৰ শীতল মগজুৰে প্ৰস্তুতি ৷ ঠিৰাং কৰিছে কোনে কোনটো সমষ্টিত নিৰ্বাচন খেলিব লোকসভাত ৷ নিজে 12 খনত নিৰ্বাচন খেলি অগপ আৰু UPPPLক দিব এখনকৈ আসন ৷ এফালে অগপ-UPPPLক জিকাই অনাৰ গেৰাণ্টি, আনফালে লোকসভা নিৰ্বাচন BPFৰ সহযোগিতা বিচাৰিলে ভৱেশ কলিতাই ।

upcoming Loksabha election
BJP alliance seat share in Assam

গুৱাহাটী, ২ নৱেম্বৰ: 2024ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কি শাসক কি বিৰোধী সকলো এতিয়া ব্যস্ত নিজৰ সমীকৰণ লৈ ৷ অতি শীতলভাৱে নিৰ্বাচনী সমীকৰণ লৈ অসমত আগবাঢ়িছে শাসকীয় বিজেপি ৷ ৰাজ্যত বিৰোধীয়ে কংগ্ৰেছৰ নেতৃত্বত 15 টা দলৰ বিৰোধী ঐক্যমঞ্চ গঠন কৰাৰ পিছত অধিক সচেষ্ট হ’বলৈ বাধ্য হৈছে বিজেপি ৷ বিজেপিয়ে অগপ, UPPPLৰ সৈতে নিজৰ মিত্ৰজোঁটটোৰ যাতে ভোট শ্বেয়াৰ অসমত কোনো কাৰণতে নকমে আৰু কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ বাবে সন্তৰ্পৰ্ণে আগবাঢ়িছে ।

কিদৰে হ’ব বিজেপি মিত্ৰজোঁটৰ আসনৰ ভাগ-বটোৱাৰা ?

আসনৰ ভাগ-বাটোৱাৰাক লৈ প্ৰায় নিশ্চিত স্থিতিত উপনীত হৈছে বিজেপি । আসন ভাগ-বাটোৱাৰা আৰু অসমৰ নিৰ্বাচনী ৰণকৌশলক লৈ নতুন দিল্লীত কেইবাদিনো ধৰি বাহৰ পাতি আছেগৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ 14 টা সমষ্টিৰ ভিতৰত 12 টা সমষ্টিতে নিজৰ প্ৰাৰ্থী আগবঢ়াব বিজেপিয়ে ।

নিজৰ মিত্ৰ দল অসম গণ পৰিষদ আৰু UPPPLক একোটাকৈ সমষ্টিহে এৰি দিয়াৰ পক্ষত বিজেপি নেতৃত্ব । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই শেহতীয়াকৈ দিল্লীত ঘোষণা কৰিছে যে লোকসভাত ৰাজ্যত বিজেপিয়ে 12 খন আসনত নিৰ্বাচন খেলিবলৈ প্ৰস্তুত । বিপৰীতে মিত্ৰ দল অগপ আৰু UPPPLক এখনকৈ আসন এৰি দিব বিজেপিয়ে ৷

ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ঘোষণা কৰিছে যে অগপই এইবাৰ এখন আসন লাভ কৰিব । যিখন আসনত অগপৰ বিজয় নিশ্চিত বুলি গণ্য কৰা হৈছে তেনে এটা সমষ্টিয়েই আঞ্চলিক দলটোক এৰি দিয়া হ'ব বুলি ঘোষণা ভৱেশ কলিতাৰ ।

মন কৰিবলগীয়া যে লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বাবেই বুধবাৰে সন্ধিয়া দিল্লীত গৈ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ সৈতে উপস্থিত হৈছিলগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ সেইদিনাই হিমন্ত বিশ্ব শৰ্মাই নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ঘৰত অমিত শ্বাহৰ উপস্থিতিত এখন বৈঠকত মিলিত হয় । তাৰ পিছতেই অসমত মিত্ৰ দললৈ দুখন আসন এৰি বিজেপিয়ে 12 খন আসনত নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছে ভৱেশ কলিতাই ৷

বিজেপিৰ আসন ভাগ-বটোৱাৰাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া:

ৰাজ্যৰ ৰাজনীতিত আগন্তুক লোকসভা নিৰ্বাচনক লৈ চৰ্চিত অন্যতম বিষয় হ’ল বিজেপিয়ে অগপক এখন আসন এৰি দিয়া বিষয়টো ৷ বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এক প্ৰকাৰ গেৰাণ্টি দিছে যে এইবাৰ অসমত লোকসভাত অগপক দিয়া আসনখনত তেওঁলোক জিকিবই ৷ কিন্তু প্ৰশ্ন উঠিছে অগপক এতিয়া বিজেপিয়ে দিব কোনখন আসন ? বিজেপিৰ ভিতৰ চ’ৰাত চৰ্চিত তথ্য অনুসৰি এইবাৰ লোকসভা নিৰ্বাচনত অগপক একমাত্ৰ বৰপেটা আসনখন এৰি দিব ৷

লগতে পঢ়ক: Hagrama Mohilary in Delhi: দিল্লীত বাহৰ পতা হাগ্ৰামা মহিলাৰী চামিল হ'ব নেকি এন ডি এত ?

শেহতীয়াভাৱে উজনি অসমত দলীয় ভেটি শক্তিশালী কৰিবৰ বাবে অগপই চেষ্টা চলাই আহিছে । কিন্তু এইবাৰ অনিচ্ছা স্বত্বেও বিজেপিৰ পৰিকল্পনা অনুসৰিয়েই বৰপেটা সমষ্টিতে আবদ্ধ কৰি থাকিব লাগিব অগপ দল ৷ পূৰ্বৱৰ্তী সময়বোৰত একাধিক লোকসভা আসনত নিৰ্বাচন খেলিছিল অগপই ৷ 2019 ত মুঠ 3 খন আসনত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও এখনো আসনত জয় লাভ কৰিব পৰি নাছিল ।

2019 ত অগপক বিজেপিয়ে এৰি দিয়া আসন তিনিখন হ’ল কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি ৷ কিন্তু এইবাৰ অগপক এখন আসনহে এৰি দিব বুলি দিব বুলি ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতিজনে ঘোষণা কৰিছে ৷ লক্ষণীয় যে এই পৰ্যন্ত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আসনক লৈ অগপৰ কোনো ধৰণৰ আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হোৱাৰ খবৰ পোৱা নাযায় ৷ অৰ্থাৎ এতিয়ালৈ লোকসভাৰ আসনক লৈ অগপৰ কোনো মতামতেই গ্ৰহণ কৰা নাই বিজেপিয়ে ।

বিজেপিয়ে কোকৰাঝাৰ এৰি দিব UPPPLক ৷ এয়া বিজেপিৰ মিত্ৰজোঁটৰ ভিতৰুৱা চৰ্চা যদিও দিল্লীত বড়োভূমিৰ শাসনাধিষ্ঠিত UPPPLৰ বিৰোধী দল BPF লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মিত্ৰ দল হ’ব বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে ।

আনহাতে দিল্লীত বাহৰ পাতিছে BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৷ উদ্দেশ্য, বিজেপি ৰাষ্ট্ৰীয় নেতৃত্বক সাক্ষাৎ কৰা ৷ হাগ্ৰামাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথা ৷ এই বাতৰিৰ পিচত কোকৰাঝাৰ আসনখনৰ UPPPLক দিবনে নিদিয়ে সেই বিষয়টো ধূসৰ হৈ পৰিছে যদিও ভৱেশ কলিতাৰ দাবী এখনকৈ আসনত অগপৰ লগতে UPPLক জয়ী কৰাই আনিবই ৷

কিন্তু বিজেপিয়ে অসমত নিজৰ ভোট শ্বেয়াৰ বৃদ্ধি কৰিবলৈ হ’লে বিৰোধী ঐক্যৰ পৰা BPF ক আঁতৰাই ৰখাটো অতি প্ৰয়োজনীয় বিজেপিৰ বাবে ৷ সেয়ে BPF ক লোকসভাৰ আসন নিদিয়াকৈ কেনেকৈ নিজৰ সমৰ্থনত ৰাখিব সেয়াও হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক: Assam CM in Manpur : নিবনুৱা ভাট্টাক লৈ ছত্তীশগড় চৰকাৰক সমালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.