গুৱাহাটী, 15 নৱেম্বৰঃ চলিত বৰ্ষৰ 28 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন ৷ এইবাৰৰ শীতকালীন অধিৱেশনখন চলিব 6 ডিচেম্বৰ পৰ্যন্ত ৷ ইতিমধ্যে ৰাজভৱনৰ পৰা অধিসূচনা জাৰি কৰা হৈছে আগন্তুক শীতকালীন অধিৱেশনৰ বাবে ৷

উল্লেখ্য যে, বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই শপত গ্ৰহণ কৰিব উপ-নিৰ্বাচনত জয়ী হোৱা চাৰি নৱ নিৰ্বাচিত বিধায়ক ক্ৰমে- ৰাজেন বৰঠাকুৰ, ৰফিকুল ইছলাম, নৱনীতা সন্দিকৈ আৰু বিজয় মালাকাৰে ৷