ETV Bharat / state

Budget Session 2023 : কুকুৰৰ মাংস প্ৰসংগক লৈ উত্তাল অসম বিধানসভা - First day of Assam Budget Session

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ অধিৱেশন (Assam Assembly session 2023)। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই অসম বিধান সভাত প্রথমবাৰৰ বাবে ভাষণ দিয়ে । কুকুৰৰ মাংস বিতৰ্কক লৈ উত্তাল হৈ পৰে বিধানসভা ।

Budget Session 2023
কুকুৰৰ মাংস প্ৰসংগক লৈ উত্তাল অসম বিধানসভা
author img

By

Published : Mar 10, 2023, 11:56 AM IST

গুৱাহাটী,১০ মাৰ্চ : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই কুকুৰৰ প্ৰসংগই বিশেষ স্থান লাভ কৰে (Dog meat controversy in Assam)। ৰাজ্যপালৰ ভাষণৰ মাজতে কুকুৰৰ প্ৰসংগকলৈ বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে । উল্লেখ্য যে শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় অসম বিধান সভাৰ বাজেট অধিৱেশন । ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্য্যসূচী ।

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই দিয়া‌ ভাষণত অসম চৰকাৰৰ উন্নয়নমূলক কাম-কাজে বিশেষভাৱে স্থান লাভ কৰে । মন কৰিবলগীয়া যে ৰাজ্যপালৰ ভাষণৰ মাজতে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থই কুকুৰ মাংস বিতৰ্ক বিষয়টো উত্থাপন কৰে । তেওঁ ৰাজ্যপালৰ ভাষণত এই বিষয়টো উল্লেখ নকৰা বুলি অভিযোগ তোলে । ইয়াক সমৰ্থন জনায় কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ।

ইয়াকে লৈ সদনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় (Assembly tense over dog meat issue)। বিৰোধীৰ উত্তাল প্ৰতিবাদত ৰাজ্যপালে ১৭ মিনিটতে ভাষণ সামৰিবলগীয়া হয় । ইয়াৰ প্ৰতিবাদ জনায় বিৰোধীয়ে সদন আধাতে ত্যাগ কৰে । উল্লেখ্য যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল প্ৰহৰ জনশক্তি দলৰ বিধায়ক বাচ্চু কাডুয়ে অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি মহাৰাষ্ট্ৰৰ বিধানসভাত মন্তব্য কৰিছিল ।

গুৱাহাটীত ৰাজআতিথ্যত থাকি যোৱা বিধায়কগৰাকীয়ে বিধানসভাত কৈছিল 'অসমৰ মানুহে কুকুৰৰ মাংস খায় । মহাৰাষ্ট্ৰত কুকুৰৰ জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক । অসমত কুকুৰৰ মাংসৰ চাহিদা আছে ।' কাডুৰ এই মন্তব্যই সমগ্ৰ অসমবাসীৰ মনত বিৰূপ প্ৰভাৱ পেলাইছে (Maharashtra MLA statement on Dog meat)। নৱ-নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই অসম বিধান সভাত প্রথমবাৰৰ বাবে ভাষণ দিয়ে ।

ভাষণ প্ৰসঙ্গত ৰাজ্যপালগৰাকীয়ে লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জন্মজয়ন্তী তথা আহোম সাম্ৰাজ্যৰ পৰাক্ৰমৰ কথা উল্লেখ কৰে (Assam Governor speech at Assembly)। অসম চৰকাৰে আয়োজন কৰা লাচিত বৰফুকনৰ ওপৰত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত আৰু এই প্ৰতিযোগিতাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পোৱাৰ বিষয়ে উল্লেখ কৰে । লগতে অসমৰ বিহুক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান দিয়াৰ অসম চৰকাৰে চলায় থকা প্ৰস্তুতিৰ বিষয়েও ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে ।

অধিৱেশনৰ প্ৰথম দিনাই কেইবাখনো বিধেয়ক উত্থাপন কৰা হয় । বিধানসভাৰ অধিৱেশন পুৱা ১০.৩০ বজাত‌ সামৰণি পৰে (First day of Assam Budget Session)। বিধানসভাৰ অধ্যক্ষই অহা ১৩ মাৰ্চৰ‌ পুৱা ৯.৩০ বজালৈ সদন স্থগিত ৰাখে । উল্লেখ্য যে এই বাজেট অধিৱেশন অহা ৫ এপ্ৰিললৈ অনুষ্ঠিত হ'ব । অহা ৫ এপ্ৰিললৈ চলিবলগীয়া এই অধিৱেশনত সদন মুঠ ১৪ দিন বহিব ।

অহা ১৬ মার্চত বিত্তমন্ত্রীয়ে আগন্তুক ২০২৩ -২৪ বৰ্ষৰ বাবে বাজেট দাখিল কৰিব । অহা ১৩ আৰু ১৪ মাৰ্চত ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব । ১৫ মাৰ্চত পৰিপূৰক মঞ্জুৰীক লৈ আলোচনা হ'ব । ১৬ মাৰ্চত বিত্তমন্ত্ৰীয়ে বাজেট ভাষণ আগবঢ়াব । তাৰ পাছত আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাবে বিত্তমন্ত্ৰীয়ে বাজেট প্রাকলন দাখিল কৰিব । ১৭ মাৰ্চ আৰু ২০ মাৰ্চত বাজেট সম্পৰ্কত আলোচনা, ২১ মাৰ্চত বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে ।

২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিভাগীয় স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে সদন নবহে । ২৯ মার্চত স্থায়ী সমিতিসমূহে প্রতিবেদন দাখিল কৰিব । ২৯ আৰু ৩০ মাৰ্চত দাবী মঞ্জুৰীক লৈ আলোচনা হ'ব । ৩১ মার্চ আৰু ৪ এপ্ৰিলত পুনৰ বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ৩ আৰু ৫ এপ্ৰিলত ৰৈ যোৱা বিধেয়কসমূহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Budget Session 2023 :আজিৰে পৰা বিধানসভাৰ ১৪ দিনীয়া বাজেট অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.