গুৱাহাটী,১১ ফেব্ৰুৱাৰীঃ বিৰোধীৰ প্ৰচণ্ড হুলস্থুল, তীব্ৰ প্ৰতিবাদ আদিৰ মাজেৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ তিনিদিনীয়া বাজেট অধিৱেশন । যদিওবা এই অধিৱেশনক বাজেট অধিৱেশন বুলি কোৱা হৈছে কিন্তু সদনৰ তিনিদিনীয়া কাৰ্যক্ৰমণিকাত ৰাজ্য চৰকাৰে এইবাৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব নোৱাৰিব । কিয়নো এপ্ৰিল মাহত ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । সেয়েহে এই অধিৱেশনৰ সময়চোৱাত শুকুৰবাৰে অৰ্থাৎ কাইলৈ বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক তিনি মাহৰ বাবে অন্তৱৰ্তীকালীন বাজেট বা লেখানুদানহে সদনত দাখিল কৰিব । এই লেখানুদান প্ৰযোজ্য হ’ব আগন্তুক এপ্ৰিল মাহৰ পৰা জুন মাহলৈ ।

ইপিনে, আজি ৰাজ্যপালৰ ভাষণেৰে বাজেট অধিৱেশনৰ আৰম্ভ হয় যদিও ৰাজ্যপাল জগদীশ মুখীয়ে ভাষণ আৰম্ভ কৰাৰ লগে লগে সদনত বিৰোধীয়ে চৰকাৰখন সৰ্বদিশতে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি হাতে হাতে প্লে' কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ এনে প্ৰতিবাদ আৰু প্ৰচণ্ড হুলস্থুলৰ বাবে ৰাজ্যপালে মাত্ৰ তিনি মিনিটতে সামৰিবলগীয়া হয় ভাষণ । সংসদীয় পৰম্পৰা অনুসৰি আজি ৰাজ্যপালৰ ভাষণৰ পিছতে বিধানসভা সচিবালয়ত এক চাহমেলৰ আয়োজন কৰা হয় যদিও বিৰোধীয়ে সেই চাহমেল বৰ্জন কৰে । স্মৰ্তব্য যে, আজিৰে পৰা আৰম্ভ হোৱা বিধানসভাৰ এইখন অধিৱেশনেই হ’ব বৰ্তমানৰ সোণোৱাল চৰকাৰৰ অন্তিমখন অধিৱেশন ।