গুৱাহাটী,৫ মাৰ্চঃ সময় সলনিৰ লগে লগে বহুক্ষেত্ৰত দেখা দিয়ে পৰিৱৰ্তনে ৷ এই প্ৰতিচ্ছৱি দেখা গ’ল অসম বিধানসভাৰ চলিত অধিৱেশনত ৷ বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক উভতি ধৰে অগপ বিধায়ক পবিন্দ্ৰ ডেকায়ে ৷ পবিন্দ্ৰ ডেকাৰ উদ্যোগ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত সদনত মন্ত্ৰী পাটোৱাৰীয়ে কা বিৰোধী আন্দোলনৰ বাবেহে ৰাজ্যত উদ্যোগীকৰণ সঠিকভাৱে নোহোৱা বুলি ব্যক্ত কৰে ৷ মন্ত্ৰীগৰাকীৰ এনে উত্তৰত জাঙুৰ খাই উঠে বিধায়ক পবিন্দ্ৰ ডেকা ।
অসমত ইতিপূৰ্বে বহুত আন্দোলন হৈ গ’ল যদিয়ো কোনো আন্দোলনৰ বাবে উন্নয়ন বা বিকাশ থমকি ৰোৱা নাই । আনকি ছবছৰীয়া অসম আন্দোলনৰ সময়তো অসমৰ বিকাশ স্থবিৰ হোৱা নাছিল । বৃটিছেয়ো কৌশলেৰে স্বাধীনতা আন্দোলনৰ বাবে ভাৰতৰ উন্নয়ন স্থবিৰ হৈছে বুলি প্ৰচাৰ চলাইছিল ৷ সদনত অতি চোকা ভাষাৰে মন্ত্ৰী পাটোৱাৰীক উভটি ধৰে বিধায়ক ডেকায়ে ৷