ETV Bharat / state

2021 ৰ বিধানসভা নিৰ্বাচন: দক্ষিণ নিশ্চিত, পূবত এতিয়াও অনিশ্চয়তা

author img

By

Published : Apr 29, 2021, 10:20 PM IST

Updated : Apr 30, 2021, 1:50 PM IST

এখন কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি দেশৰ চাৰিখন ৰাজ্যত প্ৰায় এটা মাহ ধৰি আঠটা পৰ্যায়ক সামৰি অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ বৃহস্পতিবাৰে অন্ত পৰে ৷ 2 মে’ত ঘোষণা হ’ব এই ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ এই সন্দৰ্ভত ইটিভি ভাৰতে চলোৱা সমীক্ষাৰ এক প্ৰতিবেদন...

Assam Assembly Elections: What do the exit polls say?
অসম বিধানসভাৰ নিৰ্বাচন: কাৰ পক্ষত নিৰ্বাচনী সমীক্ষাসমূহ ?

নিউজ ডেস্ক, 29 এপ্ৰিল : 2 মে'ত অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালাকে ধৰি পুডুচেৰীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ষ্ট্ৰং ৰুম সমূহৰ পৰা ইভিএম (ইলেকট্ৰ'নিক ভোটিঙ মেচিন) সমূহ উলিয়াই অনাৰ লগে লগেই 2021 ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা বহু প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব ৷

ইয়াৰ মাজতে বহুকেইগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ ৰাজনৈতিক ভাগ্যত কি ঘটিল সেইয়া কেতিয়াও জানিবলৈ নাপাব, কিয়নো বিভিন্ন ৰাজ্যৰ অতি কমেও ছয় গৰাকী প্ৰাৰ্থীয়ে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুৰে সৈতে ইতিমধ্যে হাৰ মানিছে ৷ যিয়েই নহওক বিভিন্ন দিশৰ বাবে এই নিৰ্বাচন যথেষ্ট স্মৰণীয় হৈ ৰ'ব ৷

পশ্চিমবংগ আৰু ইয়াৰ 294 খন বিধানসভা আসনে যিদৰে সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ঠিক সেইদৰে আজি পৰ্যন্ত ভাৰতৰ কোনো ৰাজ্যৰে বিধানসভা নিৰ্বাচনে কেতিয়াও মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ মুঠ আঠটা পৰ্যায়ত দীঘলীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ পৰা আৰম্ভ কৰি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ পৰা ক্ষমতা কাঢ়ি নিয়াৰ বাবে গেৰুৱা বাহিনীৰ প্ৰচেষ্টা, নতুন সতীৰ্থৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাকে আদি কৰি বিভিন্ন ঘটনাক্ৰমৰ মাজত ৰাজ্যখনে এক অনন্য নিৰ্বাচনী পৰিৱেশ প্ৰত্যক্ষ কৰিছে ৷ অৱশ্যে দুখন আসনৰ প্ৰতিদ্বন্দীৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত কেৱল 292 আসনৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷

POST POLL PROJECTION
POST POLL PROJECTION

বিশেষকৈ আম্ফানে সৃষ্টি কৰা ধ্বংসৰ পাচত 10 বছৰীয়া ক্ষমতা বিৰোধী শাসনৰ লগতে ৰাজ্যখনৰ দক্ষিণ অংশত স্বজনপোষণ আৰু পক্ষপাতিত্ব কৰাৰ অভিযোগ মূৰত লৈ তেওঁৰ নতুন বিৰোধী বিজেপিৰ বিৰুদ্ধে নন্দীগ্ৰামৰ পৰাই নিৰ্বাচনী ৰণখন আগুৱাই লৈ যোৱা পৰিলক্ষিত হৈছিল ৷ তৃণমূল কংগ্ৰেছৰ প্ৰবীণ বিধায়ক শোভন দেৱ চট্টোপাধ্যায়ৰ ওপৰত বিশ্বাস ৰাখি মমতাই আনকি দক্ষিণ কলকাতাৰ ভৱানীপুৰৰ আসনখনো এইবাৰৰ নিৰ্বাচনত এৰি দিছিল ৷

ৰাজ্যখনত বাওঁ মৰ্চা আৰু কংগ্ৰেছৰ ধ্বংসৰ পাচত মুখ্য বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰা বিজেপিয়ে পূবৰ ৰাজ্যত স্থিতি সুৰক্ষিত কৰাৰ বাবে তেওঁলোকৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈকে সকলোৱে ৰাজ্যখনত এক সন্তোষজনক সংখ্যা সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল ৷

ই টিভি ভাৰতৰ নিৰ্বাচনী সমীক্ষা অনুসৰি বিজেপি, কংগ্ৰেছ আৰু মিত্ৰ দল কিম্বা বাঁও মৰ্চা কোনোৱেই 148 ৰ মেজিক নম্বৰ স্পৰ্শ কৰিবলৈ সক্ষম ন'হব ৷ সমীক্ষা অনুসৰি তৃণমূল কংগ্ৰেছে 131 খন আসন লাভ কৰাৰ সম্ভাৱনা থকাৰ পৰিৱৰ্তে বিজেপিয়ে 126 খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷ আকৌ বাঁও মৰ্চা আৰু ইয়াৰ মিত্ৰ দল সমূহে 32 খন আসন লাভ কৰাৰ সম্ভাৱনা থকাৰ পৰিৱৰ্তে তিনিখন আসন অন্য দলে লাভ কৰাৰ সম্ভাৱনা আছে ৷

বংগত জনাদেশে কেনেবাকৈ হৰ্ছ ট্ৰেডিঙৰ বাট মুকলি কৰিব নেকি ? এই সমীক্ষা কেনেবাকৈ ভূল প্ৰমাণিত হ'ব নেকি ? 2 মে' ত হে এই সকলোবোৰ উত্তৰ পোৱা যাব ৷

ইফালে, মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ-এআইইউডিএফ মিত্ৰতাৰ মাজতে মূল যুঁজখন অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছিল ৷ উত্তৰ পূবৰ প্ৰৱেশদ্বাৰ স্বৰূপ এই ৰাজ্যখনৰ নিৰ্বাচনী সমীক্ষাই আকৰ্ষণীয় সংখ্যা প্ৰক্ষেপ কৰিছে ৷

POST POLL PROJECTION
POST POLL PROJECTION

সমীক্ষা অনুসৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে 126 খন আসনৰ ভিতৰত 64 খন আসন লাভ কৰাৰ পৰিৱৰ্তে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে 55 খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷ নৱ গঠিত অসম জাতীয় পৰিষদ, অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল তথা নিৰ্দলীয় প্ৰাৰ্থী সকলে বাকী 7 খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷

এইবাৰৰ বিধানসভা নিৰ্বাচনত বংগই পূৰ্বতে কেতিয়াও নেদেখা এক প্ৰচাৰ শৈলী প্ৰত্যক্ষ কৰিছিল ৷ শ্বাহৰ পৰা নাড্ডালৈ আৰু দলৰ ৰাজ্যিক সভাপতিৰ পৰা দিলীপ ঘোষলৈ আৰম্ভ কৰি প্ৰায় সকলোৱে প্ৰচাৰৰ মাজতে পিছ পৰা লোকৰ ঘৰত আহাৰ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল ৷ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ ইটো দলে সিটো দলক উদ্দেশ্যি তিক্ত ভাষণ প্ৰদান কৰাৰ লগতে ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ উদ্দেশ্যে পেৰ'ডী গীত আদিৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল ৷

মমতা বেনাৰ্জীয়ে জানিছিল যে, এইবাৰৰ যুঁজ যথেষ্ট কঠিন হ'ব ৷ বিজেপিও এই বিষয়ে ভালদৰেই অৱগত আছিল যে, মমতা বেনাৰ্জীৰ যাদুক প্ৰতিহত কৰিব পৰাকৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিছাপে প্ৰক্ষেপ কৰিবলৈ তেওঁলোকৰ এনে কোনো মুখ নাই ৷ ইফালে বাওঁ মৰ্চা, কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰ দল সমূহে জানিছিল যে, তেওঁলোকৰ এটা ক্ষীণ সুযোগ আছে ৷ অৱশ্যে ইটিভি ভাৰতৰ নিৰ্বাচনী সমীক্ষা অনুসৰি চৰকাৰ গঠন কৰিব পৰাকৈ কোনোটো দলেই 148 ৰ মেজিক নম্বৰ স্পৰ্শ কৰাৰ বাবে কাষ চাপিব পৰা নাই ৷

বিগত পাঁচ বছৰীয়া কাৰ্যকালত বিজেপিৰ উন্নয়নৰ কাৰ্যসূচীৰ মাজতে অসমৰ ভোটাৰ ৰাইজৰ মনো কিছু সলনি হোৱা পৰিলক্ষিত হৈছিল ৷ ইয়াৰ মাজতে কংগ্ৰেছে তেওঁলোকৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী স্থিতি অধিক শক্তিশালী ৰূপত উপস্থাপন কৰাৰ লগতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে মিত্ৰতা গঢ়ি কিছু সংখ্যালঘু ভোটৰ অংশ পুনৰ লাভ কৰাৰ আশা কৰিছিল ৷ ইয়াৰ উপৰিও বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ (বিপিএফ) সৈতে কংগ্ৰেছৰ মিত্ৰতাও এক কৌশলগত সুবিধা হিচাপে প্ৰমাণিত হোৱাৰ সম্ভাৱনা আছে যিয়ে কমেও 12 খন আসন লাভত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ অসম হয়টো পুনৰ বিজেপিৰ হাতলৈ যাব পাৰে, কিন্তু এই জয় বিজেপিৰ বাবে বৰ বিশেষ সন্তোষজনক হ'ব বুলি আশা কৰিব নোৱাৰি ৷

পূবৰ পৰা পশ্চিমলৈ

তামিলনাডুৰ ক্ষেত্ৰতো দেখা গৈছে যে, ইপিএচৰ পথ প্ৰায় সমাপ্ত হৈছে আৰু ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ বাবে ডিএমকে সম্পূৰ্ণৰূপে সাজু হৈছে ৷ ইটিভি ভাৰতৰ পূৰ্বানুমান অনুসৰি, ডিএমকে ফ্ৰন্টে প্ৰায় ১৩৩ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷ এআইএডিএমকে ফ্ৰণ্টে 89 খন আসন লাভ কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে 12 খন আসন আনলৈ যোৱাৰ সম্ভাৱনা আছে ৷ ৰাজ্যখনৰ ২৩৪ খন বিধানসভা আসনৰ বাবে ৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷

POST POLL PROJECTION
POST POLL PROJECTION

২০১৬ চনৰ নিৰ্বাচনত পৰাজিত হোৱা ডিএমকে দলে এতিয়া দলৰ সভাপতি এম কে ষ্টেলিনক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিছাপে লৈ চৰকাৰ গঠনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ৷ ইফালে বৰ্তমান শাসনত থকা এডাপ্পাডি কে পালানিস্বামীৰ (ইপিএছ) এ 10 বছৰৰ পাছত সময়মতে বাছ ধৰাত অসমৰ্থ হোৱা যেন পৰিলক্ষিত হৈছে ৷ যদিওবা শাসকীয় দলে ৯০ খন আসন লাভ কৰিব বুলি আশা কৰিছে তথাপি দলটোৰ ভৱিষৎ কি হ'ব সেইয়া এতিয়াও অনিশ্চয়তাৰ মাজত ৷

ইটিভি ভাৰতৰ সমীক্ষা অনুসৰি, কেৰালাৰ 140 খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত চিপিআই(এম)ৰ নেতৃত্বত বাওঁ গণতান্ত্ৰিক মৰ্চাই একেৰাহে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লাভ কৰিব যিয়ে এই কথা প্ৰমাণ কৰিছে যে, ৰাজ্যখনত কোনোধৰণৰ ক্ষমাতবিৰোধী ঢৌ নাই ৷ এই কথা অনুমান কৰা হৈছে যে, চিপিআই (এম) নেতৃত্বাধীন এল.ডি.এফ. এ 2016 চনৰ নিৰ্বাচনত তেওঁলোকে অৰ্জন কৰা আসনৰ পৰা প্ৰায় 11 খন আসন হেৰুৱাব পাৰে, যাৰ ফলত এইবাৰ তেওঁলোকৰ সংখ্যা 93 ৰ পৰা 82 লৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু তথাপিও তেওঁলোক সংখ্যাগৰিষ্ঠতাৰে সৈতে শাসনলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

POST POLL PROJECTION
POST POLL PROJECTION

ইউডিএফে এইবাৰ ৫৬ খন আসনত সন্তুষ্ট হ'ব লাগিব ৷ অৱশ্যে ২০১৬ ৰ ৪৫ ৰ পৰা তেওঁলোকৰ সংখ্যা বৃদ্ধি হ'ব ৷ যদিও কেন্দ্ৰীয় কেৰালা আৰু আইইউএমএলৰ দুৰ্গসমূহে ইউডিএফৰ ভোট সুৰক্ষিত কৰাৰ সম্ভাৱনা আছে, ইউডিএফৰ পৰা কেৰালা কংগ্ৰেছ(এম) ৰ প্ৰস্থানে তেওঁলোকক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে ৷ কেৰালা কংগ্ৰেছ (এম) এতিয়া এলডিএফৰ মিত্ৰ ৷ আইইউএমএলৰ শক্তিশালী ভোট বেংক কংগ্ৰেছৰ বাবে এক ত্ৰাণকৰ্তা হিচাপে প্ৰমাণিত হোৱাৰ সম্ভাৱনা আছে কিয়নো কংগ্ৰেছ আধিপত্য থকা পূৰ্বৰ সমষ্টিসমূহত বাওঁপন্থীসকলৰ প্ৰভাৱ দেখা গৈছে ৷

ত্ৰিবান্দ্ৰমতো একে পৰিস্থিতিৰ পুনৰাবৃত্তি হোৱা পৰিলক্ষিত হৈছে ৷ এলডিএফৰ ইয়াত এক সুকীয়া স্থিতি আছে আৰু ত্ৰিনভান্দ্ৰম লোকসভা সমষ্টিৰ সীমাৰ ভিতৰত সাতখন আসনৰ চাৰিখন আসনত এলডিএফে জয়লাভ কৰাৰ সম্ভাৱনা আছে ৷ ইফালে বিজেপিৰ নেতৃত্বত এন ডি এ মিত্ৰজোঁটে 2016 ৰ নিৰ্বাচনত জয়লাভ কৰা একমাত্ৰ আসন খনতে সন্তুষ্ট থাকিব লগীয়া হ'ব পাৰে ৷ এলডিএফ আৰু ইউডিএফ দুয়োটা দলেই নেমোমত কঠিন যুঁজ দিয়া পৰিলক্ষিত হৈছে, য'ত বিজেপিৰ প্ৰথম বিধায়িনী অ' ৰাজাগোপালে যোৱা নিৰ্বাচনত জয়ী হৈছিল ৷ পালাক্কাডৰ পৰা মেট্ৰ'মেন ই শ্ৰীধৰণ বিজয়ী হোৱাৰ সম্ভাৱনাও যথেষ্ট ক্ষীণ ৷

চূড়ান্ত সংখ্যাৰ বাবে নিশ্চিতভাৱে সকলোৰে চকু ২ মে'ত নিৱদ্ধ থাকিব ৷

লগতে পঢ়ক: ক'ভিডে ভাৰতৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবি পোহৰলৈ আনিছে

Last Updated : Apr 30, 2021, 1:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.