ETV Bharat / state

বিধানসভা নিৰ্বাচনক লৈ নিৰাপত্তা সংস্থাসমূহৰ লগত আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বৈঠক - চি আই ডি

আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ শাখা), চি আই ডিৰ পৰিদৰ্শক আৰু বি এছ এফ, এছ এছ বি, অসম সীমা আৰক্ষী, চি আৰ পি এফ, আৰ পি এফ আৰু জি আৰ এফৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

Assam Assembly Elections: Police, central armed forces gear up
বিধানসভা নিৰ্বাচনক লৈ নিৰাপত্তা সংস্থাসমূহ লগত আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বৈঠক
author img

By

Published : Jan 8, 2021, 10:07 PM IST

নিউজ ডেস্ক, 8 জানুৱাৰী : আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে সষ্টম হৈছে ৰাজ্যৰ আৰক্ষী, সীমা সুৰক্ষা বাহিনী, সীমা সুৰক্ষা বল, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, ৰে'লৱে সুৰক্ষা বাহিনীকে ধৰি নিৰাপত্তা সংস্থাসমূহ । অসম বিধানসভা নিৰ্বাচনৰ শান্তিপূৰ্ণভাবে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে সন্ধিয়া অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৰাজ্যৰ নিৰাপত্তা সংস্থাসমূহৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ শাখা), চি আই ডিৰ পৰিদৰ্শক আৰু বি এছ এফ, এছ এছ বি, অসম সীমা আৰক্ষী, চি আৰ পি এফ, আৰ পি এফ আৰু জি আৰ এফৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

বৈঠকত ৰাজ্যত সাম্প্ৰতিক নিৰাপত্তা দিশৰ ওপৰত আলোচনা কৰাৰ লগতে বিধানসভা নিৰ্বাচনৰ বাবে নিৰাপত্তা সংস্থাসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ ওপৰত আলোচনা কৰা হয় । বৈঠকৰ শেষত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য যে,চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহে ইতিমধ্যে নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক : দিল্লীত দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰাণ সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.