গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দিনত বিধানসভা চৌহদৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে । ৰং-বিৰঙী ফুলৰ লগতে কৃত্ৰিম প্লাষ্টিকৰ ফুলে বিধানসভা চৌহদৰ শোভাবর্ধন কৰিছে । তদুপৰি অব্যাহত আছে নিত্য নতুন ভঙা-গঢ়া, চূণ-তেল সনা কাৰ্যৰ লগতে আটকধুনীয়া আলোকসজ্জাৰ চমক সৃষ্টিৰ প্ৰয়াস । তেনে এক পৰিৱেশৰ মাজতে এইবাৰ অসম বিধানসভা চৌহদৰ শোভাবৰ্ধন কৰিছে গ'ল্ফ খেলত ব্যৱহাৰ কৰা গ'ল্ফ কাৰ্টে ।
শুকুৰবাৰে অসম বিধানসভাৰ চৌহদ আহি পালে ৩৫ লাখ টকীয়া পাঁচখনকৈ গ'ল্ফ কার্ট(Assam Assembly Purchased 5 Golf Carts) । উল্লেখ্য যে, ১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন(Assam Assembly budget session 22) । বিধানসভাৰ অধিৱেশনৰ পূৰ্বে ৩৫ লাখ টকা খৰচ কৰি পাঁচখনকৈ গ'ল্ফ কার্ট ক্ৰয় কৰি আনিছে অসম বিধানসভা সচিবালয়ে ।
সচিবালয়ৰ এক সূত্ৰে জানিব পৰা মতে আৰু কেইবাখনো গ'ল্ফ কার্ট দুই এদিনতে আহি পাব । লক্ষণীয় বিষয় যে জনপ্ৰতিনিধিৰ বিলাসিতাৰ বাবেই কার্যতঃ অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনৰ পৰাই এই গ'ল্ফ কার্টৰ ব্যৱহাৰ হ'ব । এই গ'ল্ফ কার্টত বহাই বিধায়কসকলক নিজ বাসগৃহৰ পৰাই বিধানসভাৰ বাজেট অধিৱেশনলৈ অনা-নিয়া কৰা হ'ব ।
এইবাৰ বিধায়কসকলে নিজৰ গাড়ীৰে পূৰ্বৰ দৰে বিধানসভাৰ অধিৱেশনলৈ আহিব নালাগে । তেওঁলোক অহা-যোৱা কৰিব গ'ল্ফ কাৰ্টত । গ'ল্ফ কাৰ্টৰ বাবে বিধানসভাৰ চৌহদত এক নিয়ন্ত্ৰণ কক্ষও থাকিব । এই নিয়ন্ত্ৰণ কক্ষত ফোন কৰি বিধায়কসকলে নিজৰ আবাসলৈ ইচ্ছা অনুসৰি গ'ল্ফ কার্ট মাতিব পাৰিব । বিধানসভাৰ অধিৱেশনৰ সময়ত বিধানসভাৰ চৌহদত হোৱা বাহনৰ জাম ৰোধৰ বাবেই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত এই বিশেষ ব্যবস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । বিধায়কৰ ঘৰে-ঘৰে, পদূলিয়ে পদূলিয়ে যাব গ'ল্ফ কার্টসমূহ ।
জানিব পৰা মতে বিধানসভাৰ চৌহদক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্যৰে গ'ল্ফ কার্টসমূহ অনা হৈছে । পাঁচখন গ'ল্ফ কার্ট বিধানসভাৰ পাৰ্কিঙত কাপোৰেৰে ঢাকি সুন্দৰকৈ ৰখাৰ ব্যৱস্থা কৰিছে অসম বিধানসভা সচিবালয় কর্তৃপক্ষই । উল্লেখ্য যে, ইতিমধ্যে ট্ৰেভেলাৰকে ধৰি কেইবাখনো বাহন অসম বিধানসভাৰ পূৰ্বৰ পৰাই আছে । কার্যতঃ এই বাহনসমূহ কেতিয়াবাহে ব্যৱহাৰ হয় । ইয়াৰ পাছতো লাখ লাখ টকা খৰচ কৰি অসম বিধানসভাই নতুনকৈ গ'ল্ফ কার্ট ক্ৰয় কৰা বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে । ইয়াকে লৈ বিতর্কৰো সৃষ্টি হৈছে ।
লক্ষণীয় বিষয় যে, অসম বিধানসভাৰ চৌহদৰ বিধায়ক নিৱেশৰ পৰা বিধানসভাৰ সদন কক্ষলৈ খোজকাঢ়ি আহিব পৰা দূৰত্ব । বহু বিধায়কে বিধানসভালৈ খোজকাঢ়ি, চাইকেল চলাই বা স্কুটী চলায়েই আহে । বহুতে গাড়ী লৈ আহে যদিও গাড়ীৰ পৰা নমাই চালকে গাড়ী লৈ পুনৰ আবাসলৈ গুচি যায় আৰু নিয়াৰ সময়ত পুনৰ আহি উপস্থিত হয় । বিধানসভাত উপস্থিত থকাৰ বাবে বিধায়কসকলে গাড়ীৰ তেল বানচ আদিও পায় । তাৰ পাছতো বিধায়কসকলক বিধায়ক আৱাসৰ পৰা সদনলৈ আনিবৰ বাবে ৩৫ লাখ টকা খৰচ কৰি কিয় গ'ল্ফ কাৰ্ট কিনা হ'ল সেয়া বোধগম্য নহ'ল । ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্যখন আৰ্থিকভাৱে জুৰুলা হৈ থকাৰ সময়ত এনে বিলাসিতাক লৈ প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক কথা ।
লগতে পঢ়ক : মুছলমান বিশ্ববিদ্যালয়ৰ প্ৰয়োজন নাই উত্তৰাখণ্ডক : হিমন্ত বিশ্ব শৰ্মা