ETV Bharat / state

Agriculture Team Vietnam Tour: কেন্দ্ৰই অনুমতি নিদিলে, বাতিল হ’ল কৃষি বিভাগৰ ভিয়েটনাম ভ্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 9:44 PM IST

ভিয়েটনামৰ কৃষি পদ্ধতিৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি অসমৰ কৃষিখণ্ডলৈ আমূল পৰিৱৰ্তন অনাৰ যো-জা কৰা হৈছিল ৷ সেই উদ্দেশ্য কৃষি বিভাগৰ উদ্যোগত 34 জনীয়া এটা দল কাইলৈ উৰা মৰাৰ কথা আছিল ৷ কিন্তু নহ’ল...৷

Agriculture Team Vietnam Tour
বাতিল হ’ল কৃষি বিভাগৰ ভিয়েটনাম ভ্ৰমণ

নিউজ ডেস্ক, 16 অক্টোবৰ : যাত্ৰাৰ এদিন পূৰ্বে বাতিল হ’ল কৃষি বিভাগৰ ভিয়েটনাম ভ্ৰমণ কাৰ্যসূচী ৷ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত যাত্ৰাৰ বাবে কেইঘণ্টামান বাকী থকাৰ অৱস্থাতে বাতিল হ’ল বিভাগৰ বিদেশ যাত্ৰা ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে চূড়ান্তভাৱে নিৰাশ কৰিলে ৰাজ্যৰ চৰকাৰী দলটোক ৷

উল্লেখ্য যে 27 অক্টোবৰ তথা শুকুৰবাৰে ভিয়েটনামলৈ যোৱাৰ কথা আছিল অসম চৰকাৰৰ কৃষি বিভাগৰ এটা দল ৷ ৰাজ্যৰ দুগৰাকী মন্ত্ৰী, 17 গৰাকী বিধায়ক, 4 গৰাকী বিষয়াৰ উপৰিও 11 গৰাকী কৃষক সাজু হৈছিল ভিয়েটনাম যাত্ৰাৰ বাবে ৷ শুকুৰবাৰে গুৱাহাটীৰ পৰা উৰা মৰাৰ বাবে টালি-টোপোলা বান্ধি আজৰি হোৱাৰ সময়তে হঠাৎ বৃহস্পতিবাৰে আহিল সেই খবৰ ৷ যি খবৰত কোৱা হ’ল যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে দলটোক যাত্ৰাৰ বাবে অনুমতি প্ৰদান নকৰিলে ৷ আবেদন দাখিল কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে নিদিলে অনুমতি ৷

উল্লেখ্য যে শুকুৰবাৰে বিয়লি কৃষিমন্ত্ৰী অতুল বৰাৰ নেতৃত্বত 34 জনীয়া এটা দল যোৱাৰ কথা আছিল ভিয়েটনামলৈ ৷ উক্ত দলটোত অন্তৰ্ভুক্ত আছিল মন্ত্ৰী ঊৰ্খাও গৌৰা ব্ৰহ্মও ৷ বিধায়কসকলৰ ভিতৰত আছিল বিধায়ক প্ৰশান্ত ফুকন, উৎপল বৰা, ৰূপক শৰ্মা, ভূবন পেগু, তেৰছ গোৱালা, চক্ৰধৰ গগৈ, মানৱ ডেকা, কৌশিক ৰায়, শিৱামণি বৰা, কৰিমুদ্দিন বৰভূঞা, আমিনুল ইছলাম, লৰেন্স ইছলাৰী, মনোৰঞ্জন তালুকদাৰ, চৰণ বড়ো, প্ৰদীপ হাজৰিকা, ভৱেন্দ্ৰনাথ ভড়ালী আৰু পৃথ্বীৰাজ ৰাভা ৷

আনহাতে কৃষি বিভাগৰ শীৰ্ষ বিষয়া তথা কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব আশীষ কুমাৰ ভূটানী, কৃষি সঞ্চালক ভাস্কৰ পেগু, উপ-সঞ্চালক হৰেণ তালুকদাৰ আৰু APARTৰ বিশেষজ্ঞ প্ৰবীণ ভড়ালীও আছিল তালিকাত ৷ উল্লেখ্য যে বাধ্য-বাধকতা অনুসৰি উক্ত ভ্ৰমণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ওচৰত অনুমতি বিচাৰি দিয়া হৈছিল আবেদন ৷ কিন্তু যাত্ৰাৰ এদিন পূৰ্বেও অনুমতি লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত বাতিল কৰিবলগীয়া হ’ল কাৰ্যসূচী ৷

উল্লেখ্য যে, 2018 চনতো অসম চৰকাৰৰ কৃষি বিভাগৰ নেতৃত্বত এটা দল ভিয়েটনামলৈ গৈ দেশখনৰ কৃষি পদ্ধতি পৰ্যবেক্ষণ কৰি উভতি আহিছিল অসমলৈ ৷ কিন্তু তাৰ পাচতো অসমৰ কৃষিখণ্ডত কোনো পৰিৱৰ্তন দেখা পোৱা নগ’ল ৷

লগতে পঢ়ক: Assam Second Marriage: চৰকাৰক সুধিহে চৰকাৰৰ কৰ্মচাৰীয়ে কৰিব পাৰিব দ্বিতীয় বিবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.