ETV Bharat / state

কালিয়েই নদীবান্ধৰ পানী এৰি আজিহে অসমক জনালে ভূটানে

author img

By

Published : Jun 18, 2022, 8:19 PM IST

Updated : Jun 18, 2022, 10:54 PM IST

সমগ্ৰ নামনি আৰু মধ্য অসমত অভূতপূৰ্ব বান পৰিস্থিতিৰ সৃষ্টিৰ আঁৰত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান । মানস নদীৰ সমান্তৰালভাৱে ভূটানৰ মংগাৰ‌ জিলাত থকা কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ(Kurichhu Hydropower Plant) পানী যোৱা নিশা আচম্বিতে এৰি দিয়াৰ বাবে সমগ্ৰ নামনি অসমৰ পৰিস্থিতি ভয়াৱহ হৈ উঠে ।

কালিয়েই নদীবান্ধৰ পানী এৰি আজিহে অসমক জনালে ভূটানে
কালিয়েই নদীবান্ধৰ পানী এৰি আজিহে অসমক জনালে ভূটানে

গুৱাহাটী, ১৮ জুন: অসমৰ মানস নদীৰ সমান্তৰালভাৱে ভূটানৰ কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ পৰা শুকুৰবাৰেই এৰি দিয়া হৈছিল এক বৃহৎ পৰিমাণৰ পানী (Water released by Kurichhu dam)। সেই পানী খৰস্ৰোতা মানস আৰু বেকী নদীৰে আহি শুকুৰবাৰৰ সন্ধিয়াৰে পৰা নিশাটোৰ ভিতৰতে নামনি অসমৰ বঙাইগাঁও, নলবাৰী, বৰপেটা, বজালী, বাগছা চিৰাং তথা কামৰূপ জিলাৰ এক বিস্তীৰ্ণ অঞ্চল ডুবাই পেলায় ।

উল্লেখযোগ্য যে, প্ৰায়‌ প্ৰতিটো বাৰিষাৰে যিকোনো মূহুৰ্ততে পানী এৰি দি লক্ষ লক্ষ নাগৰিকৰ জীৱন বিপন্ন কৰা কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ কতৃপক্ষই শনিবাৰে পুৱা বৰপেটা জিলাৰ উপায়ুক্তলৈ বান্ধৰ পানী এৰি দিয়া হ'ব বুলি এক বাৰ্তা প্ৰেৰণ কৰে । কিন্তু অভিযোগ অনুসৰি চুবুৰীয়া ৰাষ্ট্ৰখনৰ এই জলবিদ্যুৎ প্ৰকল্পৰ কতৃপক্ষই কালিয়েই কোনো এটা সময়ত প্ৰকল্পটোৰ পানী এৰি দিয়ে ।

শনিবাৰে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভুষালে ই টিভি ভাৰতক জনোৱা মতে আজি পুৱাহে তেওঁ কুৰিশ্ব প্ৰকল্প কতৃপক্ষৰ পৰা বাৰ্তা লাভ কৰে আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰনক অৱগত কৰে । কিন্তু এই খবৰ পোৱাৰ আগতেই যোৱা ৰাতিটোৰ ভিতৰত নলবাৰী, বৰপেটা, বজালী আৰু বাক্সা জিলাৰ আশী শতাংশ অঞ্চল পানীয়ে ডুবাই পেলায় ।

মনকৰিবলগীয়া যে আজি এই পৰ্যন্তও অসম চৰকাৰে কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ বাবেই যে এনে ঘটনা ঘটিছে সেয়া অনুষ্ঠানিকভাৱে অসমবাসীক জনোৱাৰ পৰা বিৰত আছে । এই সন্দৰ্ভত ছিপাঝাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰা হৈছিল যদিও তেওঁ বিষয়টো এৰাই চলি বানপানীৰ কাৰণ ভূটানৰ পাহাৰৰ পৰা নামি অহা পানী বুলি মন্তব্য কৰে ৷ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে, জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি নিদিলেও ভূটানৰ পৰা নামি অহা পানী আৰু বৰষুণৰ পানীয়েই বানৰ সৃষ্টি কৰিলেহেঁতেন ।

আজি পুৱাই কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ(Kurichhu Hydropower Plant) কতৃপক্ষই দিয়া সতৰ্কবাণী দুৰ্যোগ প্ৰশমণ প্ৰাধিকৰনে লাভ কৰাৰ পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যতঃ বিষয়টো গাপ দিয়াটো লক্ষণীয় বুলি সচেতন মহলত চৰ্চিত হৈছে । মনকৰিবলগীয়া যে, ভাৰত চৰকাৰে ভূটানক জলবিদ্যুৎ উৎপাদনৰ বাবে প্ৰত্যক্ষভাৱে উৎসাহিত কৰি অহা বাবেই চুবুৰীয়া ৰাষ্ট্ৰখনৰ এটা জলবিদ্যুৎ প্ৰকল্পৰ কতৃপক্ষই অসমৰ লক্ষ লক্ষ মানুহৰ জীৱন ৰাতিটোৰ ভিতৰতে বিপন্ন কৰিব পৰা সিদ্ধান্ত ল’বলৈ কুণ্ঠাবোধ নকৰে ।

উল্লেখ্য যে, ড৹ মনমোহন সিঙৰ(Former prime minister Manmohan Singh) আমোলতে ২০০৫ চনত ভূটানৰ জলবিদ্যুৎ উৎপাদনৰ কাম বহল ভিত্তিত আৰম্ভ কৰাৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা পৰ্যায়ক্ৰমে পঞ্চাশ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । তাৰ‌ পাছতে ভূটানে জলবিদ্যুৎ উৎপাদন কৰি ভাৰত, বাংলাদেশ আৰু পাকিস্তানত বিক্ৰী কৰি অৰ্থনীতি টনকিয়াল কৰাৰ অভিযানত নামি পৰে । সেয়ে অসমৰ মানস নদীপুঞ্জৰ অংশ হিচাবে পুৱ ভূটানত থকা খৰস্ৰোতা নদীসমূহক বান্ধি কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ কাম হাতত লয় ।

দেখা গৈছে যে ইয়াৰ পাছত কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত জলবিদ্যুৎ প্ৰকল্পৰ বাবে অধিক উৎসাহিত কৰা হয় । লক্ষণীয়ভাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত নিজেই ভূটান ভ্ৰমণ কৰি এক দ্বি-পাক্ষিক বৈঠকত জলবিদ্যুৎ উৎপাদনত ভাৰতৰ বিনিয়োগ বৃদ্ধি আৰু সহযোগিতাৰ বাবে সিদ্ধান্ত লয় । মোডীৰ ভ্ৰমণৰ পাছতে ভূটানে ভাৰত সীমান্তত ৬০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম খোলাংশ্বূ নদীবান্ধৰ কামৰ শুভাৰম্ভ কৰে ।

এই কামৰ আঁৰত যে ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতা আছিল সেয়াও পৰবৰ্তী সময়ত স্পষ্ট হৈ পৰে । উল্লেখযোগ্য যে, এই জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণৰ বাবে ভাৰতৰে হিমাচল প্ৰদেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জে কে পি ছুটলেজ জল বিদ্যুৎ নিগমে ভূটানৰ ভূটানীজ গ্ৰীণ পাৱাৰ কৰ্পৰেছনৰ(Druk Green Power Corporation) লগত এক চুক্তিত মিলিত হৈ কাম আগবঢ়াই নিছে । তথ্য অনুসৰি ভাৰত চৰকাৰে ২০২০ চনৰ ভিতৰতে ভূটানক ১০ হেজাৰ মেগাৱট জলবিদ্যুৎ উৎপাদনৰ বাবে এক লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল আৰু সেই চেষ্টা এতিয়াও অব্যাহত আছে ।

ভূটানক সহায় কৰাৰ বাবে ২০১৬ চনত নৰেন্দ্ৰ মোদী চৰকাৰে 'ক্ৰছ বৰ্ডাৰ ট্ৰেড অৱ ইলেট্ৰিছিটি'(Cross Border Electricity Trade) নীতিৰ অধীনত প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে দামো বৃদ্ধি কৰিছে । ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে থিম্পুত উপস্থিত হৈ ভূটানৰ ৰজাক এই কথা অৱগত কৰে ।

ৰাজ্যৰ শেহতীয়া অভুতপূৰ্ব বান পৰিস্থিতিৰ বাবে যে প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে ভূটানৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তাক লৈ লোৱা নীতি প্ৰত্যক্ষভাৱে জগৰীয়া সেয়া পুনৰ স্পষ্ট হৈ পৰিছে ।‌‌ এক প্ৰাককলন অনুসৰি ভূটানে ৩০ হাজাৰ মেগাৱট জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তা পুহি ৰাখিছে আৰু ভাৰতে সেই লক্ষ্যত উপনীত হোৱাৰ বাবে বিভিন্ন প্ৰকাৰে উৎসাহিত কৰি আহিছে । এনে নীতিত উপেক্ষিত হৈ ৰৈছে অসমৰ উৰ্বৰ কৃষিভূমিৰে সমৃদ্ধ আঠখনকৈ জিলাৰ লগতে ইয়াৰ নাগৰিকৰ জীৱন আৰু জীৱিকাৰ প্ৰশ্ন ।

এই ক্ষেত্ৰত অতি লক্ষণীয়ভাৱে হাত উজান দিছে দিছপুৰত বহি থকা চৰকাৰসমূহেও ।

লগতে পঢ়ক: Flood in Lakhimpur: লখিমপুৰত শোচনীয় বান পৰিস্থিতি

Last Updated : Jun 18, 2022, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.