গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: অসম চুক্তিৰ ৬ নং দফা সমিতিৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰাটো অসম্ভৱ, আইনী বাস্তৱতাৰ পৰা সমিতিৰ পৰামৰ্শ বহু আঁতৰত আৰু উচ্চতম ন্যায়ালয়ৰ বহু ৰায়ৰ ই পৰিপন্থী বুলি বুধবাৰে এক অনুষ্ঠানত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল । এই মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । খিলঞ্জীয়াৰ ৰক্ষা কৱচ হিচাপে চিহ্নিত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণক লৈ আগবঢ়োৱা এনে মন্তব্যক লৈ সৰৱ হৈছে জ্যেষ্ঠ অধিবক্ত তথা সংযুক্ত আঞ্চলিক দলৰ সভাপতি অৰূপ বৰবৰা। তেওঁ কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে পালন কৰিম বুলি কোৱা প্ৰতিশ্ৰুতি অসমৰ ৰাইজে দেখিলে । ৰাজ্যখনত হোৱা বাংলাদেশীৰ অবাধ আগ্রাসনৰ পৰা খিলঞ্জীয়াক সুৰক্ষা প্রদানৰ প্রতি লক্ষ্য ৰাখিয়েই অসম চুক্তিৰ ছয় নং দফা কার্যকৰী কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল । সেইমতে প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ হিচাপে লৈ গঠন কৰি দিছিল এক উচ্চস্তৰীয় সমিতি ।
কিন্তু আশ্চর্যজনক বিষয়টো হ’ল যে এই প্রতিবেদনখন আজিলৈকে নতুন দিল্লী গৈয়ে নাপালে । সমিতিয়ে নির্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূর্ণ কৰা প্রতিবেদনখন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰ উভয়ে গ্রহণ নকৰাত সমিতিয়ে অসম চুক্তি ৰূপায়ণ বিভাগৰ ওচৰত প্রতিবেদনখন দাখিল কৰিছিল। অধিবক্তা অৰূপ বৰবৰাৰ মতে বিপ্লৱ শৰ্মা নজনা-নুশুনা ব্যক্তি নহয় । তেওঁৰ মতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেয়ে কথা কোৱা উচিত নহয় । যুক্তি সহকাৰে বিশ্লেষণ কৰিব লাগিব বুলিও বৰবৰাই প্ৰত্যাহ্বান জনায় ।
আনহাতে, অসম জাতীয় পৰিষদৰ নেতা ৰঞ্জন বৰপাত্ৰ গোঁহাঞিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক গৰিহণা দি কয় যে এই চৰকাৰখনে সদনত এই বিষয়টো উত্থাপন নকৰাকৈয়ে স্বৈৰাচাৰীভাৱে অসমৰ ৰাইজক বিপথে পৰিচালনা কৰিছে । মিছলীয়া চৰকাৰখনে অসমৰ ৰাইজক কৰা এই অপমানৰ উত্তৰ অসমৰ ৰাইজে দিব বুলি তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক:কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পিডিচিকেৰ স্মাৰক পত্ৰ প্ৰেৰণ