ETV Bharat / state

অসম চুক্তিৰ ৬নং দফা: উচ্চ স্তৰীয় সমিতিৰ অন্তিম বৈঠক - অসম চুক্তিৰ ৬নং দফা

প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰাৰ পাছতে সমূহ অসমবাসী ৰাইজক প্ৰতিবেদনখনত সন্নিবিষ্ট সকলো তথ্য অৱগত কৰা হ'ব বুলি জানিবলৈ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা সমিতিখনৰ অন্যতম সদস্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

উচ্চ স্তৰীয় সমিতিৰ অন্তিম বৈঠক
উচ্চ স্তৰীয় সমিতিৰ অন্তিম বৈঠক
author img

By

Published : Feb 10, 2020, 10:59 PM IST

গুৱাহাটী, 10 ফেব্ৰুৱাৰী: অসম চুক্তি ৬ নং দফা কাৰ্যকৰীকৰণৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ সমিতিয়ে সোমবাৰে খানাপাৰ প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত অন্তিমখন বৈঠকত মিলিত হয়। বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ মহাঅধিবক্তা ৰমেশ বৰপাত্ৰ গোহাই, সমিতিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ তথা অন্যান্য সদস্য সকল।

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে প্ৰায় ৪ ঘন্টা সময়জুৰি অনুষ্ঠিত হয় অন্তিমখন বৈঠক। এই আলোচনাৰ সময়ছোৱাত অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ প্ৰতিবেদনখন প্ৰস্তুত কৰা হয় । সমিতিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাই উল্লেখ কৰা মৰ্মে বৈঠকত প্ৰস্তুত কৰা প্ৰতিবেদনখন পোন প্ৰথমে অৰ্পন কৰা হ'ব কেন্দ্ৰীয় চৰকাৰক । আনহাতে, প্ৰতিবেদনখন কেন্দ্ৰ চৰকাৰক অৰ্পণ কৰাৰ পাছতে সমূহ অসমবাসী ৰাইজক প্ৰতিবেদনখনত সন্নিবিষ্ট সকলো তথ্য অৱগত কৰা হ'ব বুলি জানিবলৈ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা সমিতিখনৰ অন্যতম সদস্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

উচ্চ স্তৰীয় সমিতিৰ অন্তিম বৈঠক

উল্লেখ্য যে, কেন্দ্ৰ চৰকাৰে অসম চুক্তি কাৰ্যকৰী কৰাৰ বাবে এখন ১৪ জনীয়া সমিতি গঠন কৰি ৬ মাহৰ ভিতৰত সমিতিখনক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল যদিও সমিতিখনে ৬ মাহ উকলি যোৱাত ১ মাহ অধিক সময় বিচাৰি সোমবাৰে প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে।

অসম চুক্তি ৬ নম্বৰ দফা কাৰ্য্যকৰী কৰণৰ বাবে গঠিত সমিতিয়ে প্ৰস্তুৰ কৰিলে প্ৰতিবেদন

খানাপাৰ প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত সোমবাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্য্যকৰী কৰণৰ বাবে গঠিত সমিতিৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়। 
বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ মহাঅধিবক্তা ৰমেশ বৰপাত্ৰ গোহাই, সমিতিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ তথা অন্যন্য সদস্য সকল।
 
অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্য্যকৰী কৰণৰ বাবে অনুষ্ঠিত অন্তিমখন বৈঠক প্ৰায় ৪ ঘন্টা সময়ধৰি চলে। ৪ ঘন্টা ধৰা আলোচনাৰ সময়ছোৱাত অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্য্যকৰীকৰণৰ প্ৰতিবেদনখন প্ৰস্তুত কৰা হয়। সমিতিখনে প্ৰস্তুত কৰা প্ৰতিবেদখন কেন্দ্ৰ চৰকাৰৰ হাতত অৰ্পণ কৰিব। প্ৰতিবাদ প্ৰস্তুত কৰি সমিতিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাই জানিবলৈ দিয়ে যে আজিৰ বৈঠকত অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰিবলৈ কেন্দ্ৰ চৰকাৰে গঠন কৰি দিয়া সমিতিখনে কেইবাটাও বৈঠকৰ অন্তত প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু এই প্ৰতিবদেনখন কেন্দ্ৰ চৰকাৰৰ হাতত অৰ্পণ কৰা হ'ব। 

বাইট ১: বিপ্লৱ কুমাৰ শৰ্মা

সমিতিখনৰ অন্যতন সদস্য আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই জানিবলৈ দিয়ে যে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰাৰ বাবে আজি প্ৰস্তুত কৰা পৰিবেদনখন কেন্দ্ৰ চৰকাৰক অৰ্পণ কৰাৰ পিছত অসমবাসী ৰাইজক প্ৰতিবেদনখনত সন্নিবিষ্ট সকলো তথ্য অৱগত কৰা হ'ব। 

বাইট ২ : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

উল্লেখ্য যে কেন্দ্ৰ চৰকাৰে অসম চুক্তি কাৰ্য্যকৰী কৰাৰ বাবে এক ১৪ জনীয়া সমিতি গঠন কৰি ৬ মাহৰ ভিতৰত সমিতিখনক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল যদিও সমিতিখনে ৬ মাহ উকলি যোৱাত ১ মাহ অধিক সময় বিচাৰি আজি প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে।

Slug: Clause 6 meeting. Feed sent through Live U
Script : Mail
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.