ETV Bharat / state

কোভিড-১৯ ত মৃত্যু অসমীয়া খবৰ কাকতৰ স্বত্বাধিকাৰী

author img

By

Published : Jul 3, 2020, 6:58 PM IST

মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিলে অসমীয়া খবৰ বাতৰি কাকতৰ স্বতাধিকাৰী ৰন্টু দাস । দীৰ্ঘদিন ধৰি গুৱাহাটীৰ এপল' হাস্পতালত চিকিৎসাধীন হৈ আছিল ব্যক্তি গৰাকী ।

Asomiya kbhar owner Rantu das death due to corona virus

গুৱাহাটী, ৩ জুলাই : সমগ্ৰ ভাৰতৰ লগতে অসমতো সন্ত্ৰাস চলাই আহিছে মহামাৰী কৰ'ণা ভাইৰাছে । প্ৰতিদিনে অসমতো বৃদ্ধি পাই আহিছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা । মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিলে অসমীয়া খবৰ বাতৰি কাকতৰ স্বতাধিকাৰী ৰন্টু দাস ।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি গুৱাহাটীৰ এপল' হাস্পতালত চিকিৎসাধীন হৈ আছিল ব্যক্তি গৰাকী । যকৃতৰ ৰোগত চিকিৎসাধীন হৈ আছিল স্বত্বাধিকাৰী গৰাকী । শেহতীয়া পৰীক্ষাত ব্যক্তিজনৰ কোভিড-১৯ নিগেটিভ আহিছিল । শুকুৰবাৰে পুৱা চিকিৎসালয়খনতে মৃত্যু বৰণ কৰে স্বত্বাধিকাৰী ৰন্টু দাসে ।

Asomiya kbhar owner Rantu das death due to corona virus
কোভিড-১৯ ত মৃত্যু অসমীয়া খবৰ কাকতৰ স্বত্বাধিকাৰী

উল্লেখযোগ্য যে, 2 জুলাই নিশা ১১ বাজি ৫০ মিনিটত স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমত সৰ্বমুঠ কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৪৩৪ জন । একেলগে সুস্থ হোৱা লোকৰ সংখ্যা ৬১০৬ জন । বৰ্তমানেও চিকিৎসালয়ত থকা ৰোগীৰ সংখ্যা ৩৩১১ জন আৰু মৃত্যুৰ সংখ্যা ১৪ জন ।

আনহাতে, গুৱাহাটী মহানগৰীত 2 জুলাইত ২৩৮ জন ৰোগী আক্ৰান্ত হয় । লগতে সমগ্ৰ অসমত উক্ত দিনা ৪৭৯ গৰাকী ৰোগী ভাইৰাছত আক্ৰান্ত হয় ।

লগতে পঢ়ক : নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.