ETV Bharat / state

এতিয়াৰ গণতন্ত্ৰ হৈছে প্ৰজাতন্ত্ৰ : অসম নাগৰিক সমাজ - সংবাদমেল

বৃহস্পতিবাৰে বিজেপি চৰকাৰৰ কেতবোৰ নীতিৰ বিৰুদ্ধে সংবাদমেল সম্বোধন নাগৰিক সমাজৰ ৷ গণতন্ত্ৰৰ লগতে বিজেপিয়ে পূৰণ নকৰা বহু প্ৰতিশ্ৰুতিৰ কথা আঁওৰায় নাগৰিক সমাজে ৷

asom-nagarik-samaj
অসম নাগৰিক সমাজ
author img

By

Published : Feb 11, 2021, 10:49 PM IST

গুৱাহাটী,11 ফেব্ৰুৱাৰী : চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা কেতবোৰ নীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে সৰৱ হোৱা দেখা গ’ল অসম নাগৰিক সমাজক। গুৱাহাটী প্ৰেছক্লাৱত আয়োজন কৰা সংবাদমেল সম্বোধন কৰি চৰকাৰে হিতাধিকাৰীৰ সৃষ্টি কৰি বিভিন্ন আঁচনিৰ নামত ধন বিলোৱা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে নাগৰিক সমাজৰ সভাপতি হৰেকৃষ্ণ ডেকাৰ লগতে সম্পাদক পৰেশ মালাকাৰে ।

তেওঁলোকে কয় যে, গণতন্ত্ৰ এতিয়া গণতন্ত্ৰ হৈ থকা নাই, গণতন্ত্ৰ এতিয়া প্ৰজাতন্ত্ৰ হৈছে । হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰে ভোট কিনিব বিচাৰিছে । 90 লাখ হিতাধিকাৰীক চৰকাৰে নিৰ্বাচনত সন্মুখতহে মনত পেলালে কিয় ? এয়া চৰকাৰৰ আভুৱা ভৰা নীতি ।

লগতে সংবাদমেলযোগে নাগৰিক সমাজৰ সভাপতি হৰেকৃষ্ণ ডেকাই কয় যে, প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ প্ৰধানমন্ত্ৰী মোদী ৷ এক্সপ্ৰেছ হাইৱে’ৰ কামো নহ’ল । এক্সপ্ৰেছ হাইৱে’ৰ প্ৰস্তাৱ গ্ৰহণ কৰা নহ’ল । নিৰ্বাচন আহিলেহে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা নকৰে । ভিজন ডক্যুমেণ্টত লিখা প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে । চাহ শ্ৰমিকৰ মজুৰি ক্ষেত্ৰতো একো নকৰিলে চৰকাৰখনে ।

আনহাতে নাগৰিক মঞ্চৰ সম্পাদক পৰেশ মালাকাৰে কয় যে, বিজেপি চৰকাৰৰ দিনত গণতন্ত্ৰক প্ৰচাৰতন্ত্ৰত পৰিণত কৰা হৈছে। সাধাৰণ ৰাইজৰ অৱস্থাৰ কথা বুজ লোৱাৰ পৰিৱৰ্তে ৰাজকোষৰ ধন খৰচ কৰি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি বিজেপি চৰকাৰক সমালোচনা কৰে সম্পাদক মালাকৰে ৷

লগতে পঢ়ক : গহপুৰত কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.