ETV Bharat / state

Press conference of ANS: ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰিব অসম নাগৰিক সমাজে

author img

By

Published : Oct 26, 2022, 6:35 PM IST

৩০ অক্টোবৰত হায়দৰাবাদত ভাৰত জোড়ো যাত্ৰাত (Bharat Jodo Yatra) অংশ গ্ৰহণ কৰিব অসম নাগৰিক সমাজে । এই বিষয়ে সদৰী কৰিছে অসম নাগৰিক সমাজৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই ।

Press conference of ANS
ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰিব নাগৰিক সমাজে

গুৱাহাটী, ২৬ অক্টোবৰ: অহা ৩০ অক্টোবৰত হায়দৰাবাদত ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰিব অসম নাগৰিক সমাজে । এই কথা বুধবাৰে এক সংবাদমেলত সদৰী কৰিছে অসম নাগৰিক সমাজৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই (Press meet of Assam Nagarik Samaj)।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত (Guwahati Press Club) এক সংবাদমেল সম্বোধন কৰি জাতীয় কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra of Congress) সন্দৰ্ভত অসম নাগৰিক সমাজৰ স্থিতি স্পষ্ট কৰে অসম নাগৰিক সমাজে ৷ অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে কয় যে তেওঁলোকে অহা ৩০ অক্টোবত হায়দৰাবাদত ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰিব ।

সভাপতি ভূঞাই পুনৰ কয় যে ৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্বৰ সভাপতি ৰাহুল গান্ধীয়ে (Rahul Gandhi) শুভাৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই ৫০ দিনত ৫ খন ৰাজ্যত ১২ শ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে ৷ এই যাত্ৰাত সমাজকৰ্মী যোগেন্দ্ৰ যাদৱৰ উদ্যোগত ভাৰতৰ ১০০ তকৈও অধিক নাগৰিক সমাজে অংশ গ্ৰহণ কৰিছে । কেন্দ্ৰত ক্ষমতাধিষ্ঠিত বিজেপি দলটোৱে নিজ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবলৈ বিভাজনৰ ৰাজনীতিৰে সমগ্ৰ দেশতে এক ঘৃণা আৰু বিদ্বেষৰ পৰিৱেশ সৃষ্টি কৰিছে । তেনে এক পৰিৱেশত ভাৰতত বসবাস কৰা বিভিন্ন অংশৰ জনসাধাৰণৰ মাজলৈ সদ্ভাৱ আৰু মিলা-প্ৰীতি ঘূৰাই আনি তেওঁলোকৰ মাজত এক বিশ্বাস আৰু আস্থাৰ পৰিৱেশ গঢ়ি তোলাই এই যাত্ৰাৰ মূল উদ্দেশ্য ।

তেওঁ পুনৰ কয় যে চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিৰ বাবে দেশত অভাৱনীয় মূল্যবৃদ্ধি পাইছে । সমান্তৰালভাবে নিবনুৱা সমস্যাই দেখা দিছে । ৰাজহুৱা সম্পদসমূহ চৰকাৰে উদ্যোগপতিক গতাই দেশখব কঙাল কৰি পেলোৱা হৈছে । ভাৰত জোড়ো যাত্ৰাৰ যোগেদি জনসাধাৰণৰ মাজত ইয়াৰ তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হৈছে বুলি তেওঁ মন্তব্য কৰে । উক্ত সংবাদমেলত অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰ,উপ-সভাপতি দীপক গোস্বামী,সদস্য ড৹ইন্দ্ৰানী দত্ত উপস্থিত থাকে ।

লগতে পঢ়ক: Asam Sahitya Sabha Election: ৯ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.