গুৱাহাটী 8 আগষ্টঃ মহানগৰীৰ বেহাৰবাৰীত মুকলি হ'ল ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী নিৰ্মাতা কোম্পানী কিয়া মটৰ্ছৰ এটা শ্ব' ৰুম। সাধাৰণ গ্ৰাহকে যাতে কম মূল্যতে বাহন ক্ৰয় কৰিব পাৰে তাৰ বাবেই গাড়ী নিৰ্মাতা কোম্পানীটোৱে লৈছে এই পদক্ষেপ। শনিবাৰে কিয়া মটৰ্ছৰ 'ছেল্টচ' নামৰ এখন বিলাসী গাড়ী মুকলি কৰা হয়। এই বাহনখন মুকলি কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত বাহনখনত কেইটাও গ্ৰাহকৰ পচন্দৰ বহু ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। তাৰোপৰি অন্য কোম্পানীৰ বাহনৰ তুলনাত কম মূল্য হ'ব এই বাহনখনৰ। ইতিমধ্যেই ২০০খনতকৈও অধিক গাড়ী বুকিং হোৱা বুলি জানিবলৈ দিয়ে কিয়া মটৰ্ছৰ ডিলাৰ সহযোগী বীৰেন্দ্ৰ চৌধুৰীয়ে। বাহনখনে গ্ৰাহকৰ যথেষ্ট সমাদৰ লাভ কৰিব বুলি সম্পূৰ্ণ আশাবাদী সকলো। লগতে এই শ্ব' ৰুমটোৰ জৰিয়তে সাধাৰণ গ্ৰাহকসকল উপকৃত হ'ব বুলি মন্তব্য কৰে বীৰেন্দ্ৰ চৌধুৰীয়ে।
গুৱাহাটীত মুকলি হ'ল কিয়া মটৰ্ছৰ শ্ব' ৰুম - opening
মহানগৰীৰ বেহাৰবাৰীত মুকলি হ'ল ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী নিৰ্মাতা কোম্পানী কিয়া মটৰ্ছৰ এটা শ্ব' ৰুম। সাধাৰণ গ্ৰাহকে যাতে কম মূল্যতে বাহন ক্ৰয় কৰিব পাৰে তাৰ বাবেই গাড়ী নিৰ্মাতা কোম্পানীটোৱে লৈছে এই পদক্ষেপ।